শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতে সকলোৰে লগত বন্ধুত্ব বিচাৰে কিন্তু কাৰো নিৰ্দেশ ল’ব নিবিচাৰে…কোনে স্পষ্ট কৰি দিলে আমেৰিকাক?

ভাৰতক শিৰনত কৰাৰ প্ৰচেষ্টা যেন সফল নহ'ল আমেৰিকাৰ। দশকৰ পাছত দশক ধৰি আমেৰিকা-ভাৰতে ভাল সম্পৰ্ক ৰক্ষা কৰি আহিছে যদিও এতিয়া যেন কিছু অৱনতি ঘটিছে।

ভাৰতে সকলোৰে লগত বন্ধুত্ব বিচাৰে কিন্তু কাৰো নিৰ্দেশ ল’ব নিবিচাৰে…কোনে স্পষ্ট কৰি দিলে আমেৰিকাক?
মোদী-ট্ৰাম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 07 Sep 2025 19:25 PM

ভাৰতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেও আমেৰিকা যেন সফল নহ’ল। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আনকি আমদানি শুল্ক ৫০ শতাংশ পৰ্যন্ত আৰোপ কৰিছে। কিন্তু তাৰপাছতো ভাৰত শংকিত নহৈ নিজৰ কূটনৈতিক শক্তি প্ৰয়োগ কৰি চীন, ৰাছিয়াৰ লগতে অন্য দেশৰ লগতো সম্পৰ্ক উন্নত কৰি গৈছে। কিন্তু এতিয়া যেন ট্ৰাম্পে নিজৰ ভুল বুলি পাইছে। যাৰ বাবে শেহতীয়াকৈ ট্ৰাম্পে কৈছে যে, মোদী মোৰ সদায় ভাল বন্ধু হৈ থাকিব। তেওঁ মহান প্ৰধানমন্ত্ৰী।

ট্ৰাম্পৰ কোমল স্থিতিৰ পাছতে দেওবাৰে আমেৰিকাৰ প্ৰাক্তন ভাৰতীয় কূটনীতিবিদ কে পি ফেবিয়ানে কয় যে, আমেৰিকাৰ শুল্কৰ প্ৰভাৱ বৰ বিশেষ পৰা নাই। সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি তেওঁ কয় যে, ট্ৰাম্পে এতিয়া উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে যে ভাৰতৰ সৈতে তেওঁৰ আগ্ৰাসী বাণিজ্যিক কৌশলে কাম দিয়া নাই। ট্ৰাম্পে বুজি পাইছে যে, বিশেষকৈ দিল্লীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বাবে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ বিশেষ লাভ হোৱা নাই।

ট্ৰাম্পৰ ইউ টাৰ্ণ

শেহতীয়াকৈ ট্ৰাম্পে ভাৰতৰ প্ৰতি নৰম স্থিতি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি ট্ৰাম্পে কৈছিল যে, মোদী তেওঁৰ সদায় ভাল বন্ধু হৈ থাকিব। মোদী ভাল প্ৰধানমন্ত্ৰী। ইয়াৰোপৰি ট্ৰাম্পে ভাৰত-আমেৰিকাৰ দশক দশক ধৰি চলি থকা সম্পৰ্কৰ কথাও সুঁৱৰিছিল। ইয়াৰ পাছত মোদীয়েও টুইট কৰিছিল আৰু ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰি পাৰস্পৰিক সম্পৰ্কৰ কথা উল্লেখ কৰিছিল।

এই সন্দৰ্ভত ফেবিয়ানে কয় যে, মোদীয়ে এটা আন্তৰিকতাৰে ভৰা টুইটৰ উত্তৰ দিবলৈ যি উচিত আছিল সেয়া কৰিছে। কিন্তু ইয়াৰ পৰা আমি এইটো কব নোৱাৰো যে আমি সোনকালেই ‘ট্ৰিপল টি’, ট্ৰাম্প টেৰিফৰ অন্ত দেখা পাম। কিয়নো কোনো আধাৰ নোহোৱাকৈ ট্ৰাম্পৰ টেৰিফ।

তেওঁ আৰু কয় যে, ট্ৰাম্পে এতিয়া লাহে লাহে বুজি পাইছে যে ভাৰতে আত্মসমৰ্পন কৰিব বুলি তেওঁ ভবা কথাটো ভুল। তেওঁ বুজিব লাগিব যে ভাৰত এখন সভ্য দেশ, ভাৰতে সকলোৰে লগত বন্ধুত্ব কৰিব বিচাৰে, ব্যৱসায় বিচাৰে কিন্তু ইয়াৰ কোনোৱে নিৰ্দেশ দিব নোৱাৰে।

উল্লেখ্য যে, বিশেষজ্ঞসকলৰ মতে, ট্ৰাম্পে ভাবিছিল শুল্কৰ আগত ভাৰতে শিৰনত কৰি আত্মসমৰ্পন কৰিব। কিন্তু ট্ৰাম্পে বিচৰা ধৰণে একোৱে নহ’ল। ইয়াৰ বিপৰীতে ভাৰতে ইমানদিনে শত্ৰু বুলি ধাৰণা কৰি অহা চীনৰ সৈতে এক ভাল সম্পৰ্ক গঢ়িলে। ভাৰতৰ কূটনৈতিক শক্তি দেখাৰ পাছতে এতিয়া ট্ৰাম্পে যেন অনুভৱ কৰিছে, ভাৰতক ভাবুকিৰে দমাব নোৱাৰি।

 

 

অন্য খবৰ পঢ়কঃ ইলনক বাই বাই! ট্ৰাম্পৰ কাষত জুকাৰবাৰ্গ, শীঘ্ৰেই আমেৰিকাৰ ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে মেটাৰ CEO গৰাকীয়ে…