শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো

Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 08 Sep 2025 07:50 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. বছৰজোৰা কাৰ্যসূচীৰ আজি, ৮ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদযাপন। জালুকবাৰীত ভূপেন হাজৰিকাৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হ’ব কাৰ্যসূচী। য’ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ খানাপাৰ ফিল্ডত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান।
  2. প্ৰমোদ বৰ্মন হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ভাস্কৰজ্যোতি ডেকা আৰু মৃন্ময় বেজবৰুৱাৰ লগতে কেইবাজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত এই লোককেইজন গ্ৰেপ্তাৰ হয়। জানিব পৰা মতে, ২ মহিলা-যুৱতীসহ ২ জন যুৱকক গ্ৰেপ্তাৰ কৰিছে নলবাৰী আৰক্ষীয়ে। ইয়াৰে এজন যুৱকে নিহত প্ৰমোদ বৰ্মনক ‘ককা’ বুলি সম্বোধন কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে।
  3. গুৱাহাটী মহানগৰীত পুনৰ চুৰিকাণ্ড। খ্ৰীষ্টানবস্তিৰ এটা অট্টালিকাত সোমাই চোৰে চলালে লুটপাট। DC অফিচৰ অৱসৰপ্ৰাপ্ত বিষয়া ধৰণীধৰ বৰ্মনৰ ঘৰত চুৰি।
  4. টিংখঙত লোমহর্ষক হত্যাকাণ্ড। ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ’ল খুৰীয়েকৰ। অনিল কেওঁটৰ আক্ৰমণত মৃত্যু খুৰীয়েক কুমলি কেওঁটৰ। ঘাতক অনিল কেওঁটক আটক টিংখং আৰক্ষীৰ। ন-শ্ৰী পুৰীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা।
  5. দেওবাৰে এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ল বিশ্ববাসী। দেওবাৰে নিশা ৯:৫৭ বজাত আৰম্ভ হোৱা চন্দ্ৰগ্ৰহণত ১১:০১ বজাত পৃথিৱীৰ ছায়াই চন্দ্ৰক সম্পূৰ্ণৰূপে আবৰি ধৰে। যাৰ বাবে চন্দ্ৰৰ ৰং ৰঙা হৈ পৰিল আৰু আকাশ দেখা গ’ল পূৰ্ণ চন্দ্ৰগ্ৰহণৰ এক বিৰল দৃশ্য। ইয়াৰ পিছত ২০২৫ চনৰ অন্তিমটো সূৰ্যগ্ৰহণ ২১ ছেপ্টেম্বৰত অমাৱস্যা তিথিত হ’ব।
  6. দক্ষিণ কোৰিয়াক পৰাস্ত কৰি এছিয়া কাপ হকী ২০২৫ৰ খিতাপ দখল ভাৰতৰ। দক্ষিণ কোৰিয়াক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতে। চতুৰ্থবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ। এই জয়ৰে নেদাৰলেণ্ড আৰু বেলজিয়ামত অনুষ্ঠিত হ’বলগীয়া হকী বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ভাৰতে।
  7. দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াত দ্বিতীয় ৰাউণ্ডৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ সাজু হোৱা বুলি উল্লেখ কৰে। হোয়াইট হাউছৰ বাহিৰত (আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ আৰু কাৰ্যালয়) ট্ৰাম্পক সোধা হৈছিল যে তেওঁ ৰাছিয়াত অতিৰিক্ত নিষেধাজ্ঞা আৰোপ কৰিবলৈ সাজু নেকি, যাৰ উত্তৰত তেওঁ কয়, “হয়, মই সাজু”।
  8. ১ ছেপ্টেম্বৰত আফগানিস্তানত হোৱা ভূমিকম্পই বিধ্বস্ত কৰি তুলিছে হাজাৰ হাজাৰ লোকৰ জীৱন। কুনাৰ প্ৰদেশৰ এই ভূমিকম্পত ২২০০ৰো অধিক লোক নিহত হোৱাৰ লগতে ৩৬০০ৰো অধিক লোক আহত হয়। এই ভূমিকম্পই বহু গাঁও সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়।

লগতে পঢ়ক: সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…