লাভলীনা চৰ্চাৰ পৰা গুৱাহাটীৰ বৰবাৰী কাণ্ডলৈ, পলকতে চকু ফুৰাওক দিনটোৰ চৰ্চিত খবৰত…
গুৱাহাটী মহানগৰীৰ বৰবাৰীত এটা গেষ্ট হাউছৰ কোঠাত দুটাকৈ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। প্ৰাথমিক তদন্তত উদ্ধাৰ হোৱা মৃত কিশোৰটিৰ প্ৰাণ লৈ আনজন যুৱকে চৰম পন্থা লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

দিনটোৰ চৰ্চিত খবৰImage Credit source: PTI
অসম কন্যা লাভলীনা বৰগোঁহাইৰ ফেচবুক পোষ্টৰ পৰা আৰম্ভ কৰি ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণলৈ আজি দিনটোত বহুকেইটা খবৰে সংবাদ শিৰোনাম দখল কৰিছে। একেদৰে ক্ৰীড়াক্ষেত্ৰতো আজি ভাৰতৰ বাবে আহিছে এক গৌৰৱৰ খবৰ। ইফালে গুৱাহাটীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ এতিয়াও মাৰ যোৱা নাই চৰ্চা। এনে বহু খবৰৰ মাজৰ পৰা আজি দিনটোত চৰ্চিত হৈ পৰা কেইটামান খবৰ চাওঁ আহক-
- ইংলেণ্ডৰ লিভাৰপুলত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথম ৰাউণ্ডতে পৰাস্ত হয় লাভলীনা বৰগোঁহাই। ইয়াৰ পিছতে সামাজিক মাধ্যম একাউণ্ট যোগে তেওঁ এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। এই পোষ্টটোত তেওঁ পৰাজয়ৰ বাবে ক্ষমা বিচৰাৰ লগতে উন্নত প্ৰশিক্ষণৰ অভাৱৰো ইঙ্গিত দিয়ে। তেওঁৰ এই পোষ্টে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা।
- গুৱাহাটী মহানগৰীৰ বৰবাৰীত এটা গেষ্ট হাউছৰ কোঠাত দুটাকৈ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। প্ৰাথমিক তদন্তত উদ্ধাৰ হোৱা মৃত কিশোৰটিৰ প্ৰাণ লৈ আনজন যুৱকে চৰম পন্থা লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। লক্ষণীয়ভাৱে নিহত কিশোৰগৰাকী শনিবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল।
- দক্ষিণ কোৰিয়াত চলি থকা বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতে লাভ কৰিছে দুটাকৈ সাফল্য। ভাৰতীয় পুৰুষ কম্পাউণ্ড দলে ফ্ৰাঞ্চক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰাৰ বিপৰীতে মিক্সড ইভেণ্টত ৰূপৰ পদক লাভ কৰিছে।
- পদত্যাগ কৰিছে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই। যোৱা জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (LDP) পৰাজয়ৰ সন্মুখীন হৈছিল। তেতিয়াৰ পৰাই তেওঁৰ পদত্যাগৰ দাবী উত্থাপন হ’বলৈ আৰম্ভ কৰিছিল। অৱশেষত আজি তেওঁ পদত্যাগ ঘোষণা কৰে।
- যোৱা কিছুদিন ধৰি জনজাতীয় মৰ্যাদাৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিছে মৰাণ জনগোষ্ঠীয়ে। এনে প্ৰতিবাদৰ মাজতে আজি কেইবাটাও মৰাণ জনগোষ্ঠীয় সংগঠন একলগ হৈ জাতীয় গণ মঞ্চ নামেৰে এক নতুন ৰাজনৈতিক মঞ্চ মুকলি কৰে।
- পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত প্ৰাকৃতিক দুৰ্যোগে বিস্তৰ ক্ষতিসাধন কৰিছে। ৰাজ্যখনৰ এই দুৰ্যোগময় পৰিস্থিতিৰ মোকাবিলাত সহায়ৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান সাহায্য হিচাপে হিমাচললৈ ৫ কোটি টকাৰ সাহায্য ঘোষণা কৰিছে।
- ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ পঞ্চম বৰ্ষপুতি উপলক্ষে নতুন দিল্লীত ‘নেচনেল চামিট অফ টিচাৰছ’ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত শিক্ষাৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে অসমৰ শিক্ষানুষ্ঠান “মাইলছ ব্ৰনছন ৰেচিদেঞ্চিয়েল স্কুল” ৰ অধ্যক্ষ ড° নৃপেন কুমাৰ দত্ত লৈ “ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰাষ্ট্ৰীয় বঁটা” আগবঢ়োৱা হয়।
- দুলীপ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে চেণ্ট্ৰেল জ’ন। ৱেষ্ট জ’নৰ সৈতে ছেমি ফাইনেল ড্ৰ হ’লেও প্ৰথম ইনিংছৰ অগ্ৰগতি সূত্ৰে চেণ্ট্ৰেল জ’ন ফাইনেলত উপনীত হয়। এতিয়া ৰজত পাটিদাৰ নেতৃত্বাধীন চেণ্ট্ৰেল জ’ন ফাইনেলত তিলক বাৰ্মা নেতৃত্বাধীন চাউথ জ’নৰ সন্মুখীন হ’ব।
- ৰুছ-ইউক্ৰেইন যুদ্ধবিৰতিৰ প্ৰসঙ্গ ম্লান পৰাৰ দিশে। যুদ্ধবিৰতি সন্দৰ্ভত চলি থকা আলোচনাৰ মাজতে আজি পুনৰ ইউক্ৰেইনত আক্ৰমণ চলায় ৰাছিয়াই। এই আক্ৰমণৰ পিছত ৰুছ ৰাষ্ট্ৰপতি পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত হ’বলগা সম্ভাৱ্য বৈঠক সন্দেহৰ মাজত সোমাই পৰিছে।