আমাজনৰ বৃহৎ ‘বিপ্লৱ’! শীঘ্ৰেই গঢ়ি উঠিব ৪৩০ কোটি টকাৰ উদ্যোগ
কোম্পানীটোৱে শেহতীয়াকৈ এক বিশাল গুদাম লিজত লোৱা বুলি খবৰ প্ৰকাশ পাইছে। লক্ষণীয়ভাৱে এই বৃহৎ গুদামটোৰ বাবে মাহিলী ভাড়া কোটি টকাতকৈও অধিক হ’ব বুলি প্ৰতিবেদন পোহৰলৈ আহিছে।
সমগ্ৰ দেশজুৰি ক্ৰমাৎ ব্যৱসায়িক ক্ষেত্ৰত সম্প্ৰসাৰণ ঘটিছে ই-কমাৰ্চ প্লেটফৰ্ম আমাজন ইণ্ডিয়াৰ। সম্প্ৰসাৰিত ব্যৱসায়ৰ সমান্তৰালকৈ সৰ্মসংস্থানৰো এক ব্যাপক ক্ষেত্ৰ মুকলি কৰিছে ই-কমাৰ্চ কোম্পানীটোৱে। ব্যৱসায়িক জগতখনত এতিয়া এক বৃহৎ বিপ্লৱ ঘটাবলৈ সাজু হৈছে আমাজন ইণ্ডিয়া। কোম্পানীটোৱে শেহতীয়াকৈ এক বিশাল গুদাম লিজত লোৱা বুলি খবৰ প্ৰকাশ পাইছে। লক্ষণীয়ভাৱে এই বৃহৎ গুদামটোৰ বাবে মাহিলী ভাড়া কোটি টকাতকৈও অধিক হ’ব বুলি প্ৰতিবেদন পোহৰলৈ আহিছে।
সম্পত্তি পঞ্জীয়ন আৰু ৰিয়েল এষ্টেট কোম্পানী প্ৰপষ্টেকে এই বিষয়ে প্ৰকাশ কৰিছে। কোম্পানীটোৱে প্ৰকাশ কৰা মতে স্বাভাৱিক গুদামতকৈ কেইবাগুণো বৃহৎ আকাৰৰ এই গুদামটোৰ বাবে আমাজন ইণ্ডিয়াই কেইবাশ কোটি টকা খৰচ কৰিব। ৫.৬ লাখ বৰ্গফুটৰ এই বিশাল গুদামটোৰ বাবে সম্প্ৰতি চুক্তিৰ কাম কৰি থকা হৈছে বুলিও প্ৰকাশ পাইছে।