শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আফগানিস্তানত সংকট! ভূমিকম্পত ২২০০ৰো অধিক লোকৰ মৃত্যু, খাদ্যৰ অভাৱত হাহাকাৰ

Afghanistan Earthquake: ১ ছেপ্টেম্বৰত আফগানিস্তানত সংঘটিত হোৱা ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু গাঁও ধ্বংস হৈছিল। আতংকিত হৈ বহু লোক এতিয়াও নিজ ঘৰলৈ উভতি অহা নাই আৰু মুকলি আকাশৰ তলত বাস কৰিবলৈ লৈছে। সাহায্যৰ গতি লেহেমীয়া হোৱাৰ লগতে আটাইতকৈ বেছি কষ্ট ভুগীবলগীয়া হৈছে শিশুসকলে। ইফালে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি সকীয়াই দিছে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে।

আফগানিস্তানত সংকট! ভূমিকম্পত ২২০০ৰো অধিক লোকৰ মৃত্যু, খাদ্যৰ অভাৱত হাহাকাৰ
আফগানিস্তানত ভয়াৱহ পৰিস্থিতি!
trishna-kalita
Trishna Kalita | Updated On: 08 Sep 2025 08:59 AM

১ ছেপ্টেম্বৰত আফগানিস্তানত হোৱা ভূমিকম্পই হাজাৰ হাজাৰ লোকৰ জীৱন সলনি কৰি পেলাইছে। কুনাৰ প্ৰদেশৰ এই ভূমিকম্পত ২২০০ৰো অধিক লোক নিহত হোৱাৰ লগতে ৩৬০০ৰো অধিক লোক আহত হয়। এই ভূমিকম্পই বহু গাঁও সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। এটাৰ পিছত আনটো কম্পনৰ ফলত পাহাৰৰ পৰা শিল খহি পৰাৰ লগতে বহু ঠাইত ভূমিস্খলন হয়।

এতিয়াও বহু আফগান লোকে নিজৰ ভগ্ন গাঁওলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকে আশংকা কৰিছে যে পুনৰ কম্পন আহিব পাৰে আৰু যিকোনো সময়তে পাহাৰৰ পৰা গধুৰ শিল খহি পৰিব পাৰে। পথাৰ, পথ, নদীৰ পাৰত মুকলি আকাশৰ তলত মানুহে জীৱন নিৰ্বাহ কৰি আছে। বহুতৰে থাকিবলৈ নাই তম্বু।

কুনাৰ প্ৰদেশৰ মাছুদ গাঁৱৰ ৬৭ বছৰীয়া কৃষক আদম খানে কয় যে, তেওঁৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে, এতিয়া তেওঁৰ ওচৰত এখন তম্বু নাই, নাই কোনো নিৰাপদ স্থান। তেওঁ ক’লে, “যোৱা নিশা বৰষুণ দিলে, কিন্তু আমি মুকলি আকাশৰ তলত থাকিলোঁ, গাঁৱলৈ নগ’লো৷ আমাৰ ভয় হয় যে যিকোনো সময়তে ওপৰৰ পৰা শিল খহি পৰিব পাৰে।”

শ্বাহিদান গাঁৱৰ আন এজন কৃষক ছামছ-উৰ-ৰেহমানে জনোৱা মতে, এই ভূমিকম্পত তেওঁৰ ৬ জন আত্মীয়ৰ মৃত্যু হৈছে। ৰেহমানে পৰিয়ালৰ সৈতে পথৰ দাঁতিত মুকলি আকাশৰ তলত বাস কৰি আছে। তেওঁ কয়, “এতিয়া ভূমিকম্প নহ’লেও বৰষুণৰ বাবে যিকোনো সময়তে শিল খহি পৰিব পাৰে। আমি গাঁৱলৈ উভতি নাযাওঁ। চৰকাৰে আমাক নতুন ঠাই দিব লাগিব।”

ইতিমধ্যে আফগানিস্তানত দৰিদ্ৰতা অতি বেছি। ৰাস্তা-ঘাট, চিকিৎসালয়, ঘৰ আদিৰ দৰে সুবিধা যথেষ্ট কম। বহু গাঁও চহৰ বা পথৰ পৰা বহু ঘণ্টাৰ দূৰত্বত। ইয়াৰ বেছিভাগ ঘৰ মাটি আৰু শিলৰে নিৰ্মিত, যিবোৰ ভূমিকম্প হোৱাৰ লগে লগে ভাঙি যায়। যাৰ বাবে বৃহৎ সংখ্যক লোকে অস্থায়ী সাহায্য শিবিৰত বসবাস কৰি আছে। সাহায্য সংস্থাই হেলিকপ্টাৰেৰে প্ৰেৰণ কৰিছে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী। অৱশ্যে ভূমিকম্পত আক্ৰান্তসকলে কয় যে এই সাহায্য অতি লেহেমীয়া হৈছে আৰু তেওঁলোকে নিয়মিতভাৱে খাদ্য লাভ কৰা নাই।

এই দুৰ্যোগৰ সময়ত আটাইতকৈ বেছি কষ্ট ভুগিছে শিশুসকলে । ১১ ঘণ্টা ধৰি ধ্বংসাৱশেষৰ আৱদ্ধ হৈ থকাৰ পিছত কথমপি ৰক্ষা পৰিছিল ১২ বছৰীয়া ছাদিকৰ প্ৰাণ । ভূমিকম্পত তেওঁৰ আইতাক আৰু আত্মীয় ভাতৃৰ মৃত্যু হয়। আতংকিত ছাদিকে কয়, “মই ভাবিছিলো মই মৰিম। যেন এক প্ৰলয় আহিছিল। ”

আন্তৰ্জাতিক সংস্থাসমূহৰ মতে,  যদি ভুক্তভোগী লোকসকলক সোনকালে খাদ্য, পানী, চিকিৎসা আৰু বাসস্থানৰ ব্যৱস্থা কৰা নহয় তেন্তে ৰোগ আৰু দৰিদ্ৰতা আৰু বৃদ্ধি পাব পাৰে। ইতিমধ্যে আফগানিস্তান বিশ্বৰ আটাইতকৈ দৰিদ্ৰ আৰু ভূমিকম্প প্ৰভাৱিত দেশসমূহৰ ভিতৰত অন্যতম। সঠিক সময়ত সহায় নাপালে পৰিস্থিতি আৰু বেয়া হ’ব পাৰে। এয়া এক মানৱীয় সংকট, যাৰ বাবে তৎকালীন মনোযোগৰ প্ৰয়োজন।

লগতে পঢ়ক: আমেৰিকাৰ নতুন পৰিকল্পনা! বন্ধ হ’ব নেকি সকলো ভাৰতীয় ‘কল চেণ্টাৰ’? চিন্তিত IT খণ্ড