শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ উভতাই পঠিওৱা হ’ল ১৮ বাংলাদেশী অনুপ্ৰৱেশকাৰীক, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

সোমবাৰে ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱাৰ কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দৃঢ়তাৰে কয় যে, অবৈধ অনুপ্ৰৱেশকাৰী যাতে পুনৰ ৰাজ্যখনলৈ ঘূৰি নাহে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

পুনৰ উভতাই পঠিওৱা হ’ল ১৮ বাংলাদেশী অনুপ্ৰৱেশকাৰীক, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…
ভাৰত-বাংলাদেশ সীমান্ত
manas-borah
Manas Borah | Published: 08 Sep 2025 17:54 PM

সীমান্তত অব্যাহত আছে অনুপ্ৰৱেশকাৰীক ৰোধ কৰাৰ প্ৰচেষ্টা। ইয়াৰ অংশ হিচাপে সোমবাৰে ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱাৰ কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দৃঢ়তাৰে কয় যে, অবৈধ অনুপ্ৰৱেশকাৰী যাতে পুনৰ ৰাজ্যখনলৈ ঘূৰি নাহে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “মই এই অনুপ্ৰৱেশকাৰীৰ বিষয়ে শ্বেয়াৰ কৰা মোৰ পূৰ্বৰ পোষ্টবোৰত দিয়া মন্তব্য পঢ়িছো, য’ত মানুহে বহু পৰামৰ্শ দিছে। নিশ্চিত হওক, আমি যাতে এই অনুপ্ৰৱেশকাৰীসকলে পুনৰ অসমত প্ৰৱেশ নকৰে তাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিছো।”

তেওঁ আৰু কয় যে, “যোৱা নিশা ১৮ জনক ঘূৰাই পঠিওৱা হৈছিল।” যদিও তেওঁ এই কথা সদৰী কৰিছে, কিন্তু কোন জিলাৰ পৰা অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা হৈছে সেই কথা উল্লেখ কৰা নাই। নিয়মীয়াকৈ ছ’চিয়েল মিডিয়াত অবৈধ বাংলাদেশীক পুছ বেক কৰাৰ তথ্য শ্বেয়াৰ কৰি আহিছে মুখ্যমন্ত্ৰীয়ে।

সেই অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাই যোৱা ৩ ছেপ্টেম্বৰত বৰপেটাত ধৰা পৰা ১৩ জন অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱাৰ কথা সদৰী কৰিছিল। শ্ৰীভূমি, কাছাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাই বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে।

বৈধ নথি-পত্ৰ অবিহনে বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰী, বিশেষকৈ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে ৰাজ্যজুৰি দমন অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। যোৱা কেইমাহমানত ৪৫০ জনতকৈ অধিক কথিত অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ খবৰো প্ৰকাশ পাইছে।