পাকঘৰৰ এই মচলাই নষ্ট কৰিব পাৰে বৃক্ক

8  Sept 2025

TV9 ASSAM

বৃক্কই শৰীৰৰ বিভিন্ন প্ৰয়োজনীয় কাম কৰে। ই তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। লগতে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। গতিকে বৃক্কৰ যত্ন লোৱা অতি প্ৰয়োজন।

বৃক্ক

কিন্তু আপুনি জানি আচৰিত হ'ব যে, আপোনাৰ পাকঘৰত থকা এক বিশেষ বস্তুই বৃক্কত প্ৰভাৱ পেলায়। যাৰ ফলত বৃক্কত সমস্যা বা বৃক্ক বিকল হ'ব পাৰে।

মচলা

এই বস্তুবিধ নিমখ। যি কিডনীৰ বাবে অতি বেয়া। নিমখক বৃক্কৰ বাবে চাইলেন্ট কিলাৰ বুলি কোৱা হয়। গৱেষণা অনুসৰি, যিসকল লোক খাদ্যত বেছিকৈ নিমখ খাই বা কেঁচা নিমখ খাই সেইসকল সাৱধান হোৱা ভাল।

চাইলেন্ট কিলাৰ

যিসকলে খাদ্যৰ ওপৰত বেছিকৈ নিমখ দি খাই তেওঁলোকৰ ক্ৰোনিক কিডনী ডিজিজ হোৱাৰ সম্ভাৱনা ২৯ শতাংশ বেছি থাকে। গতিকে নিমখ কমকৈ খাব লাগে।

ৰোগ

নিমখৰ পৰা শৰীৰত পানী ৰৈ যায়, যাৰ ফলত বৃক্কত হেঁচা পৰে। উচ্চ ৰক্তচাপে বৃক্কক বেছিকৈ কাম কৰাৰ বাবে হেঁচা দিয়ে, যাৰ বাবে বৃক্ক লাহে লাহে দুৰ্বল হ'বলৈ ধৰে।

উচ্চ ৰক্তচাপ

বিশেষজ্ঞৰ মতে, প্ৰতিদিনে ২,৩০০ মিলিগ্ৰাম (১ চামুচ)তকৈ কম নিমখ খাব লাগে। যাৰ উচ্চ ৰক্তচাপ আছে সেইসকলে ১,৫০০ মিলিগ্ৰাম নিমখ খাব লাগে।

কিমান খাব

ইয়াৰোপৰি কমকৈ পানী খোৱা, বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ সেৱন, নিচাযুক্ত দ্ৰব্য সেৱন, প্ৰচেচড ফুড, কিছুমান পানীয় আদিয়ে বৃক্কত প্ৰভাৱ পেলায়।

আৰু কি কি 

পঢ়িবলৈ ক্লিক কৰক 

হনুমানক সন্তুষ্ট কৰাৰ উপায়