শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Shah Rukh Khan's Doppelganger: ‘ফেক’ শ্বাহৰুখ খানে কিমান টকা উপাৰ্জন কৰে জানেনে?

Shah Rukh Khan’s Doppelganger: ‘ফেক’ শ্বাহৰুখ খানে কিমান টকা উপাৰ্জন কৰে জানেনে?

manas-borah
Manas Borah | Published: 08 Sep 2025 09:20 AM

ছ’চিয়েল মিডিয়াৰ বাবেই সকলোৱে ইব্ৰাহিম কাদ্ৰীক স্থানীয় শ্বাহৰুখ বা শ্বাহৰুখ খান লাইট বুলি চিনি পায়। দৰাচলতে শ্বাহৰুখৰ সৈতে সাদৃশ্য থকাৰ বাবেই ইব্ৰাহিম ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। শ্বাহৰুখ খানৰ কপি হিচাপে পৰিচিত হ’ল ইব্ৰাহিম কাদ্ৰী।

ইব্ৰাহিম কাদ্ৰী। নামটো হয়তো আপুনি শুনিছে ! ছ’চিয়েল মিডিয়াৰ বাবেই সকলোৱে ইব্ৰাহিম কাদ্ৰীক স্থানীয় শ্বাহৰুখ বা শ্বাহৰুখ খান লাইট বুলি চিনি পায়। দৰাচলতে শ্বাহৰুখৰ সৈতে সাদৃশ্য থকাৰ বাবেই ইব্ৰাহিম ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। শ্বাহৰুখ খানৰ কপি হিচাপে পৰিচিত হ’ল ইব্ৰাহিম কাদ্ৰী।

যিদিনাৰ পৰা শ্বাহৰুখৰ কপি হিচাপে তেওঁ পৰিচিত হ’ল সেই দিনাৰ পৰা তেওঁৰ জীৱনশৈলীও সলনি হ’ল। ইব্ৰাহিমে শ্বাহৰুখৰ দৰেই সাজ-পোছাক পৰিধান কৰিবলৈ ধৰিলে। বিভিন্ন কাম-কাজতো শ্বাহৰুখৰ প্ৰভাৱ পৰিল। শ্বাহৰুখৰ দৰেই চুলি ষ্টাইল, জিমত ৱৰ্কআউট আৰু ছিক্স পেক। ইয়াৰ পাছতে সামাজিক মাধ্যমত শ্বাহৰুখৰ ষ্টাইলত এটাৰ পিছত এটাকৈ ভিডিঅ’ আপলোড কৰিবলৈ ধৰিলে ইব্ৰাহিমে।

ইব্ৰাহিমৰ জীৱনটো ইমান ৰঙীন নাছিল। এটা সাক্ষাৎকাৰত ইব্ৰাহিমে নিজেই কৈছিল যে, তেওঁ গুজৰাটৰ ৰাজপথত বিলবৰ্ড আঁকিছিল। তেওঁ টকাৰ প্ৰয়োজনত কুলিৰ কামো কৰিছিল। কিন্তু শ্বাহৰুখ খানৰ সৈতে থকা সাদৃশ্যই তেওঁৰ কথাবোৰ সলনি কৰিলে।