কেৰেলাৰ গুটি চোবাই খাই আপুনিও ভাল পায় নেকি? জানেনে ইয়াৰ ফলত দেহত কি ঘটিব পাৰে!
তিতা কেৰেলাৰ গুটি গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবেও উপকাৰী নহয়। তিতা কেৰেলাৰ গুটিৰ ফলত জৰায়ুত সংকোচন হ’ব পাৰে, যাৰ ফলত গৰ্ভপাতৰ আশংকা সৃষ্টি হয়। শিশুৱে তিতা কেৰেলাৰ গুটি খালে বমি বা পেটৰ বিষ অনুভৱ কৰিব পাৰে।

জ্যেষ্ঠজনে সততে কোৱা শুনা যায়, স্বাস্থ্য অটুট ৰাখিবলৈ আমি শাক-পাচলি খাব লাগে। সুস্থ দেহৰ বাবে প্ৰয়োজনীয় এনে এবিধ পাচলি হৈছে তিতা কেৰেলা। এই পাচলিবিধত দেহৰ উপকাৰী বহু উপাদান পোৱা যায়। অৰ্থাৎ সোৱাদত তিতা হ’লেও তিতা কেৰেলাৰ গুণ অনেক। বহুলোকে তিতা কেৰেলা ভাজি বা অন্যধৰণে খোৱাৰ সময়ত কিন্তু কেৰেলাৰ গুটি খোৱাও পৰিলক্ষিত হয়। কেৰেলাৰ গুটি চোবাই খোৱাৰ সময়ত এক বিশেষ সোৱাদো পোৱা যায়। পিছে তেতা কেৰেলাৰ গুটি খোৱা উচিত নে উচিত?
বহুলোকে উল্লেখ কৰা মতে, তিতা কেৰেলাৰ গুটি খালে শৰীৰৰ কিছুমান ক্ষতি হয়। পিছে এই ক্ষতিসমূহ কেনেধৰণৰ? জানো আহক এই বিষয়ে-
তিতা কেৰেলাৰ গুটিত মমৰ্ডিচিন আৰু লেক্টিন নামৰ উপাদান থাকে। অতিমাত্ৰা সেৱন কৰিলে শৰীৰত ইয়াৰ বিষাক্ত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ বাহিৰেও হঠাৎ পেটৰ বিষ, বমি বা ডায়েৰিয়া, মূৰ ঘূৰোৱা আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে। কেতিয়াবা চকু হালধীয়া বা প্ৰস্ৰাৱ হালধীয়া হ’ব পাৰে।
তিতা কেৰেলাৰ গুটি গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবেও উপকাৰী নহয়। তিতা কেৰেলাৰ গুটিৰ ফলত জৰায়ুত সংকোচন হ’ব পাৰে, যাৰ ফলত গৰ্ভপাতৰ আশংকা সৃষ্টি হয়। শিশুৱে তিতা কেৰেলাৰ গুটি খালে বমি বা পেটৰ বিষ অনুভৱ কৰিব পাৰে।
তিতা কেৰেলাৰ গুটি খালে তেজৰ চেনিৰ মাত্ৰা কমিব পাৰে। তেনে ক্ষেত্ৰত হাইপ’গ্লাইচেমিয়া (তেজৰ চেনিৰ পৰিমাণ হঠাতে কমি যোৱা) হ’ব পাৰে। অৱশ্যে সামান্য পৰিমাণৰ তিতা কেৰেলাৰ গুটি খালে কোনো ক্ষতি নহয়, কিন্তু বেছিকৈ খোৱাটো বিপদজনক হৈ উঠিব পাৰে।
পিছে তিতা কেৰেলা ৰন্ধাৰ পূৰ্বে ভিতৰৰ গুটিবোৰ উলিয়াই পেলাই দিলে এই সমস্যাৰ সন্মুখীন হ’ব নালাগে। যিহেতু অধিক পৰিমাণৰ তিতা কেৰেলাৰ গুটি খালে পেটৰ বিষ হ’ব পাৰে, তেজৰ চেনিৰ পৰিমাণ হঠাতে কমি যাব পাৰে, আনকি ৰক্তকণিকাও ভাঙি যাব পাৰে, সেয়েহে কেৰেলাৰ গুটি নোখোৱাটোৱেই আটাইতকৈ নিৰাপদ হ’ব।