শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰাছিয়াৰ বিজ্ঞানীৰ ডাঙৰ সফলত! প্ৰস্তুত কৰি উলিয়ালে কৰ্কট ৰোগৰ ভেকচিন...

ৰাছিয়াৰ বিজ্ঞানীৰ ডাঙৰ সফলত! প্ৰস্তুত কৰি উলিয়ালে কৰ্কট ৰোগৰ ভেকচিন…

barasha-sarma
Barasha Sarma | Published: 08 Sep 2025 16:58 PM

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰ্কট ৰোগৰ ভেকচিন। এই দাবী ৰাছিয়াৰ একাংশ বিজ্ঞানীৰ। দাবী অনুসৰি দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত এই ভেকচিন প্ৰস্তুত কৰি উলিওৱা হয়।

কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পাইছে। প্ৰতিবছৰে এই ৰোগত আক্ৰান্ত হৈ লাখ লাখ লোকে মৃত্যুক সাৱতি লয়। কিন্তু ইয়াৰ মাজতে এক ডাঙৰ দাবী কৰিছে ৰাছিয়াই। দেশখনৰ বিজ্ঞানীসকলে দাবী কৰিছে যে ভেকচিনৰ দ্বাৰা নিৰাময় হ’ব কৰ্কট ৰোগ। তেওঁলোকে এই ভেকচিন প্ৰস্তুত কৰিছে। ফেডাৰেল মেডিকেল এণ্ড বায়’লজিকেল এজেন্সীয়ে জনোৱা মতে, এই নতুন ভেকচিন এতিয়া ক্লিনিকেল ব্যৱহাৰৰ বাবে সাজু হৈছে। ৰাছিয়াৰ সংবাদ সংস্থা টাছে প্ৰকাশ কৰা অনুসৰি এফএমবিএৰ মুৰব্বী ভেৰ’নিকাই ইষ্টাৰ্ণ ইকনমিক ফ’ৰামত এই কথা ঘোষণা কৰিছে।

এই ভেকচিনৰ নাম ‘এণ্টেৰ’মিক্স ভেকচিন’। বৈজ্ঞানিকসকলে দাবী কৰা অনুসৰি, এই ভেকচিন পৰীক্ষামূলকভাৱে ১০০ শতাংশ ফলপ্ৰসূ। mRNA প্ৰযুক্তিৰ ভিত্তিত এই ভেকচিন প্ৰস্তুত কৰা হৈছে। এই প্ৰযুক্তি কিছুমান Covid-19 ভেকচিনতো ব্যৱহাৰ কৰা হৈছিল। mRNA ভেকচিনে কোষক কেন্সাৰ কোষৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰা প্ৰটিন উৎপাদন কৰাত সহায় কৰে।

প্ৰতিবেদনত আৰু কয়, কেইবাবছৰ ধৰি চলা গৱেষণাৰ অন্তত এই ভেকচিন প্ৰস্তুত কৰি উলিওৱা হৈছে। ইয়াক ৩ বছৰ প্ৰিক্লিনিকেল ট্ৰায়েলত ৰাখিবলগীয়া হৈছিল। এই সময়চোৱাত দেখা যায় যে, এই ভেকচিনৰ কেইবাটা ডজ’ লোৱাও নিৰাপদ। ইয়াৰোপৰি ই ফলপ্ৰসূ। কিছুমান ক্ষেত্ৰত টিউমাৰৰ আকাৰ ৬০-৮০ শতাংশ হ্ৰাস পাব পাৰে। এই ভেকচিনৰ লক্ষ্য় হৈছে কলৰেক্টাল কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়া। চৰকাৰী অনুমোদন লাভ কৰাৰ পাছতে এই ভেকচিন ব্যৱহাৰ কৰা হ’ব।