৬ টা সাধাৰণ টিপচ! বিচনালৈ যোৱা লগে লগে আহিব গভীৰ টোপনি, জানক সকলো…
ভাল স্বাস্থ্যৰ বাবে মানুহক ভাল টোপনিৰ প্ৰয়োজন। কিন্তু বহুতৰে টোপনিৰ সমস্যা হোৱা দেখা যায়। কিন্তু কেইটামান এনে টিপচ আছে যিয়ে টোপনি অহাত সহায় কৰে।

ভাল স্বাস্থ্যৰ বাবে মানুহক ভাল টোপনিৰ প্ৰয়োজন। কিন্তু আজিকালি বহু লোকে টোপনিৰ সমস্যাত ভোগা দেখা যায়। যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে, বিভিন্নজনে আজিকালি নিশালৈ কাম কৰি থাকে বা মোবাইল ব্যৱহাৰ কৰি থাকে। যাৰ প্ৰভাৱ মানুহৰ টোপনিত পৰে। বহুতে নিশা ১২ বজাৰ পাছত শুৱা দেখা যায়, কিছুমানে আকৌ পুৱতি নিশা ২-৩ বজালৈ সাৰ পাই থকা দেখা যায়। এয়া সাধাৰণ যেন লাগিলেও ই আমাৰ স্বাস্থ্যৰ ডাঙৰ ক্ষতি কৰিব পাৰে। এনে ক্ষেত্ৰত সাৱধান হোৱা ভাল।
ভাল টোপনি নহ’লে লাহে লাহে শাৰীৰিকৰ লগতে মানুহে মানসিক সমস্যাতো ভোগা দেখা যায়। তেতিয়া বহুতে শু’বলৈ যত্ন কৰে। কিন্তু তাৰ পাছতো নিদ্ৰাহীনতা এক অভ্যাসত পৰিণত হয়, যাৰ ফলত টোপনি নাহে। কিন্তু কিছুমান এনে উপায় আছে যিয়ে টোপনি অহাত সহায় কৰে।
এই বিষয়ে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞান আৰু মনোবিজ্ঞানৰ অধ্যাপক ডাঃ মেথিউ ৱাকাৰে Why We Sleep নামৰ বিখ্যাত গ্ৰন্থখন সবিশেষ লিখিছে। তেওঁ কৈছে যে, কেনেকৈ মাত্ৰ ৬টা উপায়ৰ দ্বাৰা টোপনি উন্নত কৰিব পৰা যায়।
৩০ মিনিটৰ ভিতৰত টোপনিঃ তেওঁ কিতাপখনত লিখিছে যে, যদি বিচনালৈ যোৱাৰ পাছত আধা ঘন্টা ধৰি যদি টোপনি নাহে তেন্তে লগে লগে বিচনাৰ পৰা উঠিব লাগে। তাৰ পাছত কোনো কিতাপ পঢ়িব লাগে বা পোডকাষ্ট শুনিব লাগে। কিন্তু ভুলতো মোবাইল, টিভি আদিৰ স্ত্ৰীণ ব্যৱহাৰ নকৰিব। বিচনাক সদায় শুৱাৰ ঠাই হিচাপে গণ্য কৰিব লাগে।
যোগাসনঃ নিশা শুৱাৰ পূৰ্বে অন্তত ১০ মিনিট যোগাসন বা ধ্যান কৰিব পাৰে। যাৰ ফলত মানসিক চিন্তা কম হয়। চিকিৎসকগৰাকীয়ে কয় যে, নিশা ধ্যান কৰা ভাল। এই অভ্যাসে অনিদ্ৰাৰ সমস্যা কম কৰি টোপনি অহাত সহায় কৰে।
শুৱা আৰু উঠাৰ সময়ঃ ইয়াৰোপৰি শুৱাৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট সময় ঠিক কৰি ল’ব লাগে। অৰ্থাৎ এটা সময়ত শুব আৰু এটা সময়ত উঠিব লাগে। ইয়াৰ ফলত শৰীৰত বায়োলজিকেল ক্ল’কৰ ভাৰসাম্য থাকে আৰু টোপনি আহে।
পোহৰঃ টোপনিয়ে মেলাটোনিন হৰম’নক সক্ৰিয় কৰে, যি টোপনিৰ বাবে প্ৰয়োজনীয়। এনে ক্ষেত্ৰত শুৱাৰ প্ৰায় এক ঘন্টা আগৰ পৰা ঘৰৰ পোহৰ কমাই দিব লাগে। ইয়াৰ ফলত নিজে নিজে টোপনি অহাত সহায়ক হয়।
বিচনাঃ শুৱা কোঠাটোৰ লগতে বিচনাখন সদায় ঠাণ্ডা কৰি ৰাখিব লাগে। কোঠাৰ তাপমাত্ৰ ১৮ ডিগ্ৰী ছেলচিয়াছৰ বেছি হ’ব দিব নালাগে। ঠাণ্ডা পৰিৱেশত মগজু আৰু শৰীৰে আৰাম লাভ কৰে।
নিচাযুক্ত দ্ৰব্যঃ ইয়াৰোপৰি নিচাযুক্ত দ্ৰব্যৰ পৰা সদায় আঁতৰত থাকিব লাগে। ই টোপনিত প্ৰভাৱ পেলায়।
উল্লেখ্য যে, শৰীৰৰ বাবে টোপনি প্ৰয়োজন। প্ৰতিদিনে ৭-৮ ঘন্টা সময় শুব লাগে। যদি দীৰ্ঘদিন ধৰি টোপনিৰ সমস্যাত ভোগে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।
অন্য খবৰ পঢ়কঃ ৯-৯-৯ মহাসংযোগ! এনেদৰে সন্তুষ্ট কৰক হনুমানক, জীৱনলৈ আহিব সফলতা…