কলকাতাত ভূপেন্দ্ৰ জয়ন্তী, গীতে-মাতে সুধাকণ্ঠক সুঁৱৰিলে কলকাতা নিবাসী অসমীয়াই
কলকাতাত থকা অসমীয়া লোকসকলেও এই পবিত্ৰ ক্ষণত সুধাকণ্ঠলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। কলকাতাৰ অসম ভৱনত দেওবাৰে গধূলি কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আয়োজন কৰা হয় এক বৰ্ণাঢ্য অনুষ্ঠান।
আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক জন্মদিন। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত ভাৰতীয় সংগীতৰ মহীৰূহগৰাকীক শ্ৰদ্ধা জনাইছে গুণমুগ্ধই। অসম আৰু অসমীয়াৰ বাবে যুগে যুগে এক সুকীয়া পৰিচয় তথা এক গৌৰৱ বহন কৰি আহিছে ভূপেন হাজৰিকাই। অসমৰ পৰা বাহিৰলৈ আহিলে যেতিয়া কোনোবাই আমাক অসমৰ কথা সোধে, তেতিয়া নিশ্চয়কৈ আমি ডঃ ভূপেন হাজৰিকাৰ নাম লওঁ। ডঃ হাজৰিকা কেৱল অসম বা ভাৰতৰ নহয়, সমগ্ৰ বিশ্বতে তেওঁৰ সুকীয়া পৰিচয় আছিল।
কলকাতাত থকা অসমীয়া লোকসকলেও এই পবিত্ৰ ক্ষণত সুধাকণ্ঠলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। কলকাতাৰ অসম ভৱনত দেওবাৰে গধূলি কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আয়োজন কৰা হয় ভূপেন্দ্ৰ জয়ন্তী শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠান। এই অনুষ্ঠানত কেবাগৰাকীও বক্তাই ভূপেন হাজৰিকাৰ গীতৰ গৰিমা, তেওঁৰ জীৱন দৰ্শন আদি সম্পৰ্কে বক্তব্য আগবঢ়ায়।
ইয়াৰ লগতে অনুষ্ঠিত হয় বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ডলি ঘোষৰ লগতে বহু কেইগৰাকী শিল্পীয়ে। তাৰোপৰি পদ্মশ্ৰী ইন্দিৰা পি পি বৰাৰ কলাভূমিৰ একাংশ শিল্পীয়ে পৰিৱেশন কৰে নৃত্যানুষ্ঠান। পশ্চিম বংগৰ শিল্পীৰ দলেও এই অনুষ্ঠানত সুধাকণ্ঠৰ গীত পৰিৱেশন কৰে। তাৰোপৰি সোমবাৰে বিয়লি সুধাকণ্ঠৰ কলকাতাৰ বাসভৱনৰ চৌহদতো বন্তি প্ৰজ্বলনৰ লগতে গীত-মাতৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।