TV9 ASSAM
বহু সময়ত মানুহে একেখন ফণিয়েই বহুদিন ব্যৱহাৰ কৰি থাকে, কিন্তু প্ৰতি এসপ্তাহে বা লেতেৰা হোৱা যেন দেখিলেই ফণি লগে লগে চাফা কৰিব লাগে।
চুলিত নিয়মিতভাৱে ব্যৱহাৰ কৰা ফণিৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অতি গুৰুত্ব দিব লাগে। লেতেৰা ফণি ব্যৱহাৰ কৰিলে চুলিৰ বহু ক্ষতি হ’ব পাৰে।
চুলিত লেতেৰা ফণি ব্যৱহাৰ কৰিলে মূৰৰ ছালত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়, ফলত চুলিৰ লগত জড়িত বহুতো সমস্যা হ’ব পাৰে। এনে এক সাধাৰণ সমস্যা হ’ল উফি।
লেতেৰা ফণি ব্যৱহাৰ কৰিলে চুলি অতি সোনকালে আঠাযুক্ত যেন লাগে। ফলত আপোনাৰ চুলিবোৰ নিৰ্জীৱ যেন হৈ পৰে, প্ৰাকৃতিক উজ্জলতা হেৰুৱাই পেলায়।
ফণি পৰিষ্কাৰ নহ’লে চুলিবোৰ অতি সোনকালে তেলীয়া হৈ পৰে, যাৰ ফলত চুলিবোৰত সোনকালে ময়লা জমা হয়। এয়া চুলিৰ বাবে অত্যন্ত ক্ষতিকাৰক।
লেতেৰা ফণি ব্যৱহাৰ কৰিলে মূৰৰ ছালত ময়লা আৰু বেক্টেৰিয়া জমা হয়, ফলত চুলিত বেয়া গোন্ধ ওলায়, মূৰৰ ছালৰ ক্ষতিৰ বাবে চুলি সৰিও পাৰে।
ফণি আনৰ লগত শ্বেয়াৰ নকৰিব। ফণিত লাগি থকা চুলিখিনি তৎক্ষণাত আঁতৰাই পেলাওক। সপ্তাহত এবাৰকৈ কুহুমীয়া পানীৰে ফণি পৰিষ্কাৰ কৰি শুকুৱাই ল’ব।
পঢ়িবলৈ ক্লিক কৰক
ইউ এছ অ'পেন জয়ী আলকাৰাজে পালে ইমান ধন