সমুখত বহু কেইটা প্ৰত্যাহ্বান, নিৰ্বাচনমুখী চাৰি ৰাজ্যত দুৰ্বল বিজেপিৰ স্থিতি, কেনেকৈ মোকাবিলা কৰিব নীতিন নবীনে?
দলৰ মুৰব্বী হিচাপে নবীনে আৰম্ভণিৰে পৰাই অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব, য’ত পশ্চিম বংগৰ উপৰিও কেৰালা, পুডুচেৰী, তামিলনাডু, অসমৰ দৰে ৰাজ্যৰ নিৰ্বাচনো অন্তৰ্ভুক্ত। উল্লেখযোগ্য যে অসমৰ বাহিৰে বাকী ৰাজ্যসমূহত বিজেপিয়ে নিজাববীয়াকৈ ক্ষমতালৈ আহিব পৰা নাই ৷
ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰি সোমবাৰে নীতিন নবীনক দলটোৰ কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। মাত্ৰ ৪৫ বছৰ বয়সতে বিধায়কৰ পৰা দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ শীৰ্ষ সাংগঠনিক পদলৈ নবীনৰ উত্থান ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে। অৱশ্যে তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। সভাপতি হিচাপে তেওঁৰ প্ৰথম বছৰটোত নিৰ্বাচনৰ ৰূপত কেইবাটাও প্ৰত্যাহ্বান অন্তৰ্ভুক্ত হ’ব। অসমৰ বাহিৰে এইবাৰ নিৰ্বাচন হ’বলগীয়া কোনো ৰাজ্যতে বিজেপি ক্ষমতালৈ অহা নাই।
ৰাষ্ট্ৰীয় সভাপতি সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা প্ৰক্ৰিয়া আজি মঙলবাৰে দিনৰ ১১:৩০ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব ৰাজধানী দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত। দলৰ সূত্ৰ অনুসৰি এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,কে ধৰি কেইবাজনো দলৰ জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব। ইতিমধ্যে বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
বৰ্তমান দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নীতিন নবীনে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হয়। এই নিৰ্বাচনৰ লগে লগে তেওঁ মাত্ৰ ৪৫ বছৰ বয়সতে এই দলীয় শীৰ্ষ পদত অধিষ্ঠিত হোৱা আটাইতকৈ কম বয়সীয়া নেতা হিচাপে পৰিগণিত হয়। কালি বিয়লি ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত অনুষ্ঠিত হোৱা মনোনয়ন প্ৰক্ৰিয়াত মুঠ ৩৭ ছেট মনোনয়ন পত্ৰ দাখিল কৰা হয় নীতিন নবীনৰ পক্ষত। প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, ৰাজনাথ সিঙকে ধৰি কেইবাজনো শীৰ্ষ নেতা তেওঁৰ মূল প্ৰস্তাৱকসকলৰ ভিতৰত আছিল।
নবীনে সন্মুখীন হ’বলগীয়া প্ৰাৰম্ভিক প্ৰত্যাহ্বান
দলৰ মুৰব্বী হিচাপে নবীনে আৰম্ভণিৰে পৰাই অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব, য’ত পশ্চিম বংগৰ উপৰিও কেৰালা, পুডুচেৰী, তামিলনাডু, অসমৰ দৰে ৰাজ্যৰ নিৰ্বাচনো অন্তৰ্ভুক্ত। উল্লেখযোগ্য যে অসমৰ বাহিৰে বাকী ৰাজ্যসমূহত বিজেপিয়ে নিজাববীয়াকৈ ক্ষমতালৈ আহিব পৰা নাই ৷ পশ্চিম বংগ আৰু তামিলনাডুত পূর্বৰ নির্বাচনতকৈ ভাল প্রদর্শন কৰিবলৈ চেষ্টা চলাইছে দলটোৱে ৷
নবীনে দলীয় কৰ্মীসকলক হ্ৰস্বম্যাদী নিৰ্বাচনী লাভৰ বাহিৰলৈ গৈ চিন্তা কৰিবলৈ আৰু বিজেপিৰ উপস্থিতি “পঞ্চায়তৰ পৰা সংসদলৈকে” গঢ়াত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি নবীনে জোৰ দি কয় যে দলৰ লক্ষ্য নিৰ্বাচনত জয়ী হোৱা নহয়, বৰঞ্চ জনসাধাৰণৰ দৈনন্দিন চিন্তাৰ সৈতে গভীৰভাৱে জড়িত হৈ থকা। অসমৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে কেৱল নিৰ্বাচনৰ সময়ত উপস্থিত হোৱা নেতাসকলৰ দৰে নহৈ, বিজেপি নেতাসকলে তৃণমূল পৰ্যায়ৰ সৈতে সংযুক্ত হৈ থাকিব লাগে।
শ্বাহ আৰু নাড্ডাৰ সফলতা বজাই ৰখাৰ দায়িত্ব
দীৰ্ঘদিন ধৰি কেন্দ্ৰত ক্ষমতাত থকা নিজৰ দলটোক শাসকীয় দল হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপিৰ নতুন সভাপতিগৰাকী। সেয়েহে তেওঁ সংগঠনটোক আৰু অধিক শক্তিশালী কৰি তৃণমূল পৰ্যায়ৰ ভিত্তি বজাই ৰখাৰ প্ৰয়োজন আছে। অৱশ্যে তেওঁৰ প্ৰকৃত প্ৰত্যাহ্বান হ’ব অমিত শ্বাহ আৰু জে পি নাড্ডাৰ কাম-কাজ সফলতাৰে আগুৱাই নিয়া।
২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্রত ক্ষমতালৈ অহা বিজেপিক নেতৃত্ব দিছিল অমিত শ্বাহে। শ্বাহ আৰু জে পি নড্ডা দুয়োজনেই দলটোক নতুন উচ্চতালৈ লৈ যোৱাত সফল হৈছিল ৷ দুয়োজন নেতা এতিয়া কেন্দ্ৰীয় মন্ত্ৰী। নবীনৰ দায়িত্বত আছে তেওঁৰ পূৰ্বসূৰী দুজনৰ ছাঁৰ পৰা বিচ্ছিন্ন হৈ নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰা, নিজৰ সফলতাৰ হাৰ অক্ষুণ্ণ ৰখা।
নবীন দল-সংগঠন আৰু চৰকাৰৰ লগত জড়িত হৈ পৰিছে
বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিহাৰ বিধানসভাৰ চাৰিবাৰৰ বিধায়ক নবীন কিশোৰ প্ৰসাদ সিনহাৰ পুত্ৰ নীতিন নবীনে ২০০৬ চনত পিতৃৰ মৃত্যুৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰি পাটনা পশ্চিমৰ পৰা উপ-নিৰ্বাচনত জয়ী হয়, যিটো সমষ্টিৰ পৰা তেওঁৰ পিতৃও জয়ী হৈছিল। পিছত এই আসনখনৰ নাম সলনি কৰা হয়, আৰু ২০১০ চনৰ পৰা বিহাৰ বিধানসভাৰ নিৰ্বাচনত তেওঁ নতুনকৈ গঠন হোৱা বাংকিপুৰ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি ২০১০, ২০১৫, ২০২০, আৰু ২০২৫ চনত একেৰাহে চাৰিটা নিৰ্বাচনত জয়লাভ কৰি আহিছে।
বিহাৰত নবীনৰ যথেষ্ট অভিজ্ঞতা আছে। বিগত কেইবছৰমানৰ পৰা তেওঁ বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ পথ নিৰ্মাণ, নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ, আইন আৰু ন্যায়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগত মন্ত্ৰী পদত অধিষ্ঠিত হৈ আহিছে। দলৰ কথা ক’বলৈ গ’লে তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিহাৰ ৰাজ্যিকৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ আন ৰাজ্যতো সাংগঠনিক দায়িত্ব চম্ভালিছে, আৰু এই সময়ছোৱাত তেওঁৰ দ্বাৰা কৰা কামে তেওঁক দলৰ ভিতৰতে এজন উদীয়মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হিচাপে এক বিশেষ পৰিচয় দিছিল।