শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজিৰে পৰা ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান, শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে…

শুভাৰম্ভণিৰ অনুষ্ঠানৰ পিছতে সমগ্ৰ অসমতে বিজেপিৰ সাংসদ, মন্ত্ৰী, বিধায়ক, মৰ্চাৰ সভাপতি, জিলা সভাপতি, জিলা পৰিষদৰ সদস্য, মেয়ৰ, পৌৰসভাৰ অধ্যক্ষ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিয়ে একেলগে দেৱাল লিখন অভিযান কাম-কাজ চলাই নিব।

আজিৰে পৰা ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান,  শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে…
বিজেপিৰ দেৱাল লিখন অভিযান
trishna-kalita
Trishna Kalita | Published: 05 Jan 2026 11:51 AM

২০২৬ৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি। ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ প্ৰচাৰ অভিযান ।দেৱাল লিখনেৰে প্ৰচাৰ অভিযান আৰম্ভ গেৰুৱা দলটোৰ। আজি খানাপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে দেৱাল লিখন অভিযান। সপ্ত শ্ল’গানেৰে চলাব প্ৰচাৰ।  তৃতীয়বাৰৰ বাবে কিয় বিজেপি চৰকাৰ লাগে ইয়াৰ বাবে বিশেষ যুক্তি দাঙি ধৰি বিজেপিয়ে প্ৰস্তুত কৰিছে শ্ল’গান।

শুভাৰম্ভণিৰ অনুষ্ঠানৰ পিছতে সমগ্ৰ অসমতে বিজেপিৰ সাংসদ, মন্ত্ৰী, বিধায়ক, মৰ্চাৰ সভাপতি, জিলা সভাপতি, জিলা পৰিষদৰ সদস্য, মেয়ৰ, পৌৰসভাৰ অধ্যক্ষ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিয়ে একেলগে দেৱাল লিখন অভিযান কাম-কাজ চলাই নিব।

এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “ সমাগত বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সুনিশ্চিত কৰাৰ বাবে আমি প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ৷ দলৰ প্ৰচাৰৰ বাবে আজিৰে পৰা দেৱাল লিখন আৰম্ভ হৈছে৷ অসমজুৰি দেৱালত ফুলি উঠিব পদুম৷ আজি গুৱাহাটীৰ খানাপাৰাত দলৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীদিলীপ শইকীয়া ডাঙৰীয়া আৰু শতাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত দলৰ প্ৰতীক চিহ্ন পদুম ফুলৰ ছবি অংকনেৰে দেৱাল লেখন কাৰ্যসূচীৰ শুভাৰম্ভ কৰোঁ৷”

ইয়াৰ পূৰ্বে দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কাৰ্যসূচী ঘোষণা কৰি বিজেপিৰ সাংসদ প্ৰদান বৰুৱাই কৈছিল, প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানত “বিজেপিক কিয় লাগে — স্বচ্ছ, মেধাভিত্তিক নিযুক্তিৰ বাবে — আকৌ এবাৰ বিজেপি চৰকাৰ”, “আকৌ এবাৰ বিজেপিক কিয় লাগে — মহিলাৰ অৰ্থনৈতিক সৱলীকৰণৰ বাবে — বিজেপি চৰকাৰ”, আৰু “উন্নত, সুৰক্ষিত আৰু স্বাৱলম্বী অসমৰ বাবে আমাক কিয় বিজেপিৰ প্ৰয়োজন — আকৌ এবাৰ বিজেপি চৰকাৰ” আদি শ্লোগান প্ৰদান কৰা হ’ব। আন আন বাৰ্তাসমূহৰ ভিতৰত আছে “অসমৰ নিৰাপত্তা বিজেপিৰ প্ৰতিশ্ৰুতি — অসমক বিজেপি চৰকাৰৰ প্ৰয়োজন” আৰু “বিকশিত অসমৰ বাবে বিজেপিক ভোট দিওঁ”।

২০২৬ চনৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ ৰূপৰেখা দাঙি ধৰি বিজেপি অসম প্ৰদেশ বিধানসভাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক বৰুৱাই কয়, “ৰাজ্যৰ সকলো বিধানসভা সমষ্টি আৰু পঞ্চায়ত পৰ্যায়ত ইতিমধ্যে নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হৈছে।”

লগতে পঢ়ক: পুৱতি নিশা প্ৰবল ভূমিকম্পই কঁপালে অসম, প্ৰাবল্য কিমান আছিল?