শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২০২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি, অসমৰ বাবে নিৰ্বাচন তত্বাৱধায়ক নিয়োগ জেপি নাড্ডাৰ, কাক কাক কি দায়িত্ব?

আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে দলীয় তত্বাৱধায়ক আৰু সহকাৰী তত্বাৱধায়ক নিযুক্তি দিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সচিব অৰুণ সিঙৰ স্বাক্ষৰযুক্ত এক নিৰ্দেশনা পত্ৰত উল্লেখ কৰা হৈছে যে ২০২৬ চনত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে এগৰাকী তত্বাৱধায়ক আৰু দুগৰাকী সহকাৰী তত্বাৱধাক নিয়োগ কৰিছে জে পি নাড্ডাই।

২০২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি, অসমৰ বাবে নিৰ্বাচন তত্বাৱধায়ক নিয়োগ জেপি নাড্ডাৰ, কাক কাক কি দায়িত্ব?
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাImage Credit source: PTI
raj-saikia
Raj Saikia | Updated On: 15 Dec 2025 17:36 PM

অহা বছৰ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নিৰ্বাচন। ক্ৰমাগতভাৱে তৃতীয়বাৰলৈ ৰাজ্যৰ শাসনৰ গাদী দখলৰ লক্ষ্য়ৰে ব্যাপক কুচকাৱাজ অব্যাহত ৰাখিছে ভাৰতীয় জনতা পাৰ্টীয়ে। উজনিৰ পৰা নামনিলৈ, উত্তৰ অসমৰ পৰা বৰাক উপত্যকালৈকে বিজেপিৰ নেতা-কৰ্মীসকল উঠি-পৰি লাগিছে ৰাইজক আকৰ্ষণ কৰাত। যোৱা প্ৰায় ১০ বছৰীয়া শাসনকালত বিজেপি চৰকাৰে অসমত কি কি পৰিৱৰ্তন সাধন কৰিলে তাৰ খতিয়ান দাঙি ধৰা হৈছে ৰাইজৰ ওচৰত। ইয়াৰ সমান্তৰালকৈ সামাজিক মাধ্যমতো দেখা গৈছে বিৰামহীন প্ৰচাৰ।

ইফালে বিজেপিক শাসনৰ গাদীৰ পৰা উৎখাত কৰিবলৈ বিৰোধীয়েও ৰচনা কৰিছে নিৰ্বাচনী কৌশল। কংগ্ৰেছৰ লগতে আন প্ৰমুখ্য বিৰোধী ৰাজনৈতিক দল মিলিত হৈছে ঐক্যমঞ্চ গঠনৰ উদ্দেশ্যে। অৱশ্যে সেই ঐক্যমঞ্চ প্ৰতিবাৰ নিৰ্বাচনৰ পূৰ্বেই গঠন কৰা হয় আৰু বিভিন্ন আভ্যন্তৰীণ কাৰণত ই বিফলো হয়। এই ঐক্যমঞ্চত অৱশ্যে ঠাই নাই বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ।

এইবাৰ বিজেপিৰ বাবে এক যোগাত্মক দিশ হৈছে এনডিএলৈ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড পিপলছ পাৰ্টী চমুকৈ বিপিএফৰ প্ৰত্যাৱৰ্তন। ২০২০ চনৰ বিটিচি নিৰ্বাচনৰ পাছত কাৰ্যতঃ বিজেপি আৰু ইউপিপিএলৰ মাজত মিত্ৰতা হোৱাত আঁতৰি গৈছিল বিপিএফ। কিন্তু এইবাৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ দলটোৱে অকলেই সংখ্যা গৰিষ্ঠতা লাভ কৰে। তাৰ পাছতো অৱশ্যে বিপিএফে বিজেপিৰ সৈতে মিত্ৰতা কৰে। অসমৰ ৰাজনীতিত অন্যতম কিং মেকাৰ হৈছে হাগ্ৰামা মহিলাৰী। গতিকে এনডিএত হাগ্ৰামাৰ উপস্থিতিয়ে বড়োভূমিত বিৰোধীক কিছু বেকফুটলৈ লৈ যোৱাৰ সম্ভাৱনা আছে।

এই সকলোবোৰৰ মাজতে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে দলীয় তত্বাৱধায়ক আৰু সহকাৰী তত্বাৱধায়ক নিযুক্তি দিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সচিব অৰুণ সিঙৰ স্বাক্ষৰযুক্ত এক নিৰ্দেশনা পত্ৰত উল্লেখ কৰা হৈছে যে ২০২৬ চনত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে এগৰাকী তত্বাৱধায়ক আৰু দুগৰাকী সহকাৰী তত্বাৱধাক নিয়োগ কৰিছে জে পি নাড্ডাই।

উক্ত নিৰ্দেশনা পত্ৰত উল্লেখ কৰা অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা সাংসদ বৈজয়ন্ত জয় পাণ্ডাক অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ তত্বাৱধায়ক হিচাপে নিযুক্তি দিয়া হৈছে। তাৰোপৰি সহকাৰী তত্বাৱধায়ক হিচাপে নিযুক্তি দিয়া হৈছে জম্মু-কাশ্মীৰৰ বিজেপি বিধায়ক সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বেন যাৰ্দোশক।

Bjp Election Incharge For Assam

বিজেপিৰ নিৰ্বাচন তত্বাৱধায়ক নিয়োগ

উল্লেখ্য যে ২০২১ চনৰ নিৰ্বাচনতো অসম বিজেপিৰ তত্বাৱধায়ক আছিল বৈজয়ন্ত জয় পাণ্ডা। তেওঁৰ পৰামৰ্শতেই বিজেপিয়ে অসমত দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। এইবাৰ পুনৰ বৈজয়ন্ত জয় পাণ্ডাৰ ওপৰত গধুৰ দায়িত্ব অৰ্পন কৰিছে দলে।

মনকৰিবলগীয়া যে বিজেপিয়ে অসমত মহিলাৰ পৰা যুৱক-যুৱতীলৈকে সকলোৰে বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰি আস্থা জয় কৰাৰ চেষ্টা কৰি আহিছে। অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আদি কেবাখনো আঁচনিৰ জৰিয়তে চেকৰ জৰিয়তে আৰ্থিক অনুদান প্ৰেৰণ কৰিছে অসম চৰকাৰে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰিয়েই বৰ্তমানলৈকে প্ৰায় ১.৪০ লাখ নিবনুৱাই নিকাভাৱে লাভ কৰিছে চৰকাৰী নিযুক্তি।

কিন্তু এইবাৰ বিজেপিৰ নিৰ্বাচনী শ্ল’গানত মুখ্যতঃ সংখ্যালঘু মুছলমানৰ বৰ্ধিত জনসংখ্যা আৰু বেদখলৰ বিষয়টোৱে স্থান পোৱাৰ সম্ভাৱনা আছে। বিগত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই প্ৰায় প্ৰতিখন নিৰ্বাচনী সভাতেই এই মন্তব্য কৰিছিল যে বিজেপি যদি শাসনলৈ নাহে তেন্তে আজমল মুখ্যমন্ত্ৰী হ’ব। কিন্তু এতিয়া বিভিন্ন সভা-সমিতিত নিজৰ ভাষণত তেওঁ সংখ্যালঘু মিঞাসকলক লক্ষ্য কৰি লোৱা দেখা গৈছে। ‘অচিনাকী মানুহ’ উপমাৰে তেওঁ প্ৰায়েই এইচাম মানুহৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ আহিছে। ইয়াৰ লগতে বিভিন্ন অঞ্চলত চলোৱা উচ্ছেদ অভিযানত সৰ্বাধিক ভুক্তভোগী হোৱা দেখা গৈছে মিঞা মুছলমান। ইয়াৰ দ্বাৰা আকাৰে-ইংগিতে মিঞাই কিদৰে আগ্ৰাসন কৰিছে সেয়া যেন বুজাই দিছে মুখ্যমন্ত্ৰীয়ে। তাৰোপৰি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিষয়টোও মুখ্যমন্ত্ৰীৰ বাবে এক ট্ৰাম্পকাৰ্ড হ’ব পাৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৱে নিৰ্বাচনত বিজেপিক যথেষ্ট ক্ষতি কৰিব বুলি একাংশই বিশ্বাস কৰে যদিও কাজেই সেয়া কিমান সঁচা হয় সময়েহে ক’ব। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে বুলি বাৰে বাৰে উল্লেখ কৰি অহা বিৰোধীয়েও যে ৰাইজক বিজেপিৰ বিৰুদ্ধে উচতনি দিবলৈ জুবিন গাৰ্গৰ নাম ব্যৱহাৰ নকৰাকৈ থকা নাই তেনে নহয়। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত গৌৰৱ গগৈয়েই হওক, লুৰীণজ্যোতি গগৈয়েই হওক বা অখিল গগৈয়েই হওক চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছে। এছ আই টি ৩৫০০০ পৃষ্ঠাৰ অভিযোগনামাকো ডাষ্টবিনত পেলাবলৈ কৈছে অখিল গগৈয়ে। এইবোৰ কথাই দৰাচলতে বিৰোধীক সহায় কৰে নে বিজেপিক সহায় কৰে সেয়া ফলাফলতহে জানিব পৰা যাব।

সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ বিৰুদ্ধে ঢৌ আছে যদিও বাকী অঞ্চল সমূহত তেনে ঢৌ একেবাৰে নিশকতীয়া। সংখ্যালঘু অধ্যুষিত অঞ্চলত মুখ্যমন্ত্ৰীৰ বক্তব্য, উচ্ছেদ আদি বিষয়বোৰে কংগ্ৰেছ বা আন বিৰোধী দলক সহায় কৰিব যদিও বাকী অংশত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ বৰ বিশেষ ডাঙৰ ইচ্যু নাই বিৰোধীৰ হাতত। হয়তো জনজাতিকৰণ এটা বিষয় হ’ব পাৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে শেহতীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনতেই সন্ধিৰ বাঁহ বুদ্ধিৰে কাটি থৈছে। গতিকে নিৰ্বাচনী যুঁজত কোনে কাৰ বিৰুদ্ধে কি বাণ নিক্ষেপ কৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব।