শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

AC কিনিলে আপুনি কেইটা ৱাৰেণ্টী আৰু কিমান বছৰৰ বাবে লাভ কৰে জানেনে?

যদি আপুনি এই ভুল ধাৰণাত আছে যে মাত্ৰ এটা ৱাৰেণ্টী উপলব্ধ, তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ হাতত সম্পূৰ্ণ তথ্য নাই । এয়াৰ কণ্ডিচনাৰ ক্ৰয়ৰ ক্ষেত্ৰত আপুনি এটা নহয় তিনি ধৰণৰ ৱাৰেণ্টীৰ সুবিধা পায় ।

AC কিনিলে আপুনি কেইটা ৱাৰেণ্টী আৰু কিমান বছৰৰ বাবে লাভ কৰে জানেনে?
প্ৰতীকী ছবিImage Credit source: Atul Loke/For The Washington Post via Getty Images
raj-saikia
Raj Saikia | Published: 17 May 2025 12:59 PM

নতুন AC কিনাৰ সময়ত সৰহসংখ্যক মানুহে মনোযোগ দিয়ে যে তেওঁলোকে ক’ত সৰ্বোত্তম সুবিধা পাইছে । সেয়া বিচৰাটো ভুল নহয় যদিও তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল ACৰ সৈতে কোম্পানীয়ে কিমান বছৰৰ ৱাৰেণ্টী প্ৰদান কৰিছে সেই কথা বিবেচনা কৰা । এয়াৰ কণ্ডিচনাৰৰ লগত কিমান ধৰণৰ ৱাৰেণ্টী দিয়া হয় জানেনে, এটা, দুটা বা তিনিটা? হয়তো আপুনি এই প্ৰশ্নৰ উত্তৰ জানে, কিন্তু এতিয়াও বহু লোক আছে যিয়ে এই বিষয়ে সঠিকভাৱে জ্ঞাত নহয় ।

AC ত কিমান ধৰণৰ ৱাৰেণ্টী আছে ?
যদি আপুনি এই ভুল ধাৰণাত আছে যে মাত্ৰ এটা ৱাৰেণ্টী উপলব্ধ, তেন্তে ইয়াৰ অৰ্থ হ’ল আপোনাৰ হাতত সম্পূৰ্ণ তথ্য নাই । এয়াৰ কণ্ডিচনাৰ ক্ৰয়ৰ ক্ষেত্ৰত আপুনি এটা নহয় তিনি ধৰণৰ ৱাৰেণ্টীৰ সুবিধা পায় ।

প্ৰথম ৱাৰেণ্টী: এয়াৰ কণ্ডিচনাৰ কিনিলে আপুনি কোম্পানীটোৰ পৰা ১ বছৰৰ প্ৰডাক্ট ৱাৰেণ্টী পোৱাই নহয় আন বহু ধৰণৰ ৱাৰেণ্টীও পায়, যাৰ বিষয়ে মানুহৰ হাতত সঠিক তথ্য নাথাকে । এবছৰৰ প্ৰডাক্ট ৱাৰেণ্টীয়ে আপোনাৰ এয়াৰ কণ্ডিচনাৰৰ প্ৰতিটো অংশ সামৰি লয় ।

দ্বিতীয় ৱাৰেণ্টী: প্ৰডাক্ট ৱাৰেণ্টীৰ উপৰিও AC নিৰ্মাণ কোম্পানীয়ে গ্ৰাহকক কম্প্ৰেছাৰৰ ওপৰত ৱাৰেণ্টীও প্ৰদান কৰে, কিছুমান কোম্পানীয়ে পাঁচ বছৰৰ ৱাৰেণ্টী দিয়াৰ বিপৰীতে আন কিছুমান কোম্পানীয়ে ১০ বছৰ পৰ্যন্ত ৱাৰেণ্টী দিয়ে । অনলাইনত AC কিনাৰ সময়ত নিশ্চিতভাৱে পৰীক্ষা কৰক যে আপুনি কিনা ACটোৰ সৈতে আপুনি কিমান বছৰৰ কম্প্ৰেছাৰৰ ৱাৰেণ্টী পাব ।

একে সময়তে যদি আপুনি অফলাইন ষ্ট’ৰৰ পৰা AC কিনিছে, তেন্তে নিশ্চিতভাৱে AC বিক্ৰী কৰা ব্যক্তিজনৰ পৰা এই তথ্য লাভ কৰক । যদি আপুনি আপোনাৰ AC কম্প্ৰেছাৰৰ ৱাৰেণ্টীৰ সময়সীমাৰ বিষয়ে অৱগত নহয়, তেন্তে ১ বছৰৰ প্ৰডাক্ট ৱাৰেণ্টী শেষ হোৱাৰ পিছত, যদি AC কম্প্ৰেছাৰটো বেয়া হয়, তেন্তে আপুনি ইয়াক মেৰামতি কৰিবলৈ আপোনাৰ পকেটৰ পৰা ধন খৰচ কৰিব লাগিব । আনহাতে ৱাৰেণ্টী থাকিলে আপুনি সেই সুবিধা ল’ব পাৰিব ।

তৃতীয় ৱাৰেণ্টী: প্ৰডাক্ট আৰু কম্প্ৰেছাৰৰ ৱাৰেণ্টীৰ উপৰিও পিচিবি ৱাৰেণ্টীও AC নিৰ্মাতা কোম্পানীসমূহে দিয়ে । সাধাৰণতে কোম্পানীসমূহে পিচিবিৰ ওপৰত ৫ বছৰ পৰ্যন্ত ৱাৰেণ্টীৰ সুবিধা প্ৰদান কৰে । এনে পৰিস্থিতিত ধৰি লওক আপোনাৰ ACৰ ১ বছৰৰ প্ৰডাক্ট ৱাৰেণ্টীৰ ম্যাদ উকলি যোৱাৰ পিছত আপোনাৰ ACত ইনষ্টল কৰা পিচিবি ইউনিটটো যদি বেয়া হয়, তেতিয়া আপুনি ৱাৰেণ্টীৰ ম্যাদৰ অধীনত থকাৰ বাবে সুবিধা পাব পাৰে ।