ঐতিহাসিক উত্তৰণ… ইতিহাস ৰচিবলৈ সক্ষম হোৱা নীৰজ চোপ্ৰাক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
বিশ্ব চেম্পিয়ন জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই গঢ়িলে অভিলেখ। তেওঁ ডোহা ডাইমণ্ড লীগত ৯০ মিটাৰৰ জেভেলিন নিক্ষেপ কৰিছে। যাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় এয়া তেওঁৰ অনুশাসন, অক্লান্ত প্ৰচেষ্টা আৰু আশাৰ ফল।

শুকুৰবাৰে নীৰজ চোপ্ৰাই ডোহা ডাইমণ্ড লীগত এনে এটা স্থান দখল কৰে যিটো তেওঁৰ দৰে প্ৰতিজন খেলুৱৈৰ সপোন থাকে। অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছ, এছিয়ান গেমছত সোণৰ পদক, এই সকলোবোৰ জয় কৰাৰ পিছতো নীৰজে এটা কৃতিত্ব লাভ কৰা নাছিল যিটো এতিয়ালৈকে তেওঁৰ পৰা দূৰত আছিল। সেই কৃতিত্ব আছিল জেভেলিন নিক্ষেপত ৯০ মিটাৰ পৰ্যন্ত জেভেলিন নিক্ষেপ কৰা।
দীৰ্ঘদিনজোৰা অপেক্ষাৰ অন্তত অৱশেষত বহু প্ৰতীক্ষিত মাইলষ্ট’ন স্পৰ্শ কৰিছে নীৰজে। তৃতীয় প্ৰচেষ্টাত তেওঁ এই সফলতা লাভ কৰিছে। দুবাৰৰ পদক বিজয়ী নীৰজে ডোহা ডাইমণ্ড লীগৰ প্ৰথমটো থ্ৰ’ত ৮৮.৪৪ মিটাৰ ৰে শক্তিশালী আৰম্ভণি কৰে। তেওঁৰ দ্বিতীয়টো চেষ্টা ফাউল আছিল। কিন্তু তৃতীয়টো প্ৰচেষ্টাত কেৰিয়াৰৰ শ্ৰেষ্ঠ থ্ৰ’ ৯০.২৩ মিটাৰেৰে ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। এইদৰে এক নতুন অভিলেখ গঢ়িলে। ইয়াৰ পূৰ্বে তেওঁৰ শ্ৰেষ্ঠ থ্ৰ’ আছিল ৮৯.৯৪ মিটাৰ যিটো তেওঁ দুবছৰ পূৰ্বে ষ্টকহ’ম ডাইমণ্ড লীগত কৰিছিল।
A spectacular feat! Congratulations to Neeraj Chopra for breaching the 90 m mark at Doha Diamond League 2025 and achieving his personal best throw. This is the outcome of his relentless dedication, discipline and passion. India is elated and proud. @Neeraj_chopra1 pic.twitter.com/n33Zw4ZfIt
— Narendra Modi (@narendramodi) May 17, 2025
প্ৰধানমন্ত্ৰী মোদীয়ে দিয়ে অভিনন্দন
এই সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীৰজক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, মহান কৃতিত্ব! ডোহা ডাইমণ্ড লীগ ২০২৫ত ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ অৰ্জন কৰাৰ বাবে নীৰজ চোপ্ৰালৈ অভিনন্দন। এয়া তেওঁৰ অক্লান্ত নিষ্ঠা, অনুশাসন আৰু হেঁপাহৰ ফল। ভাৰত সুখী আৰু গৌৰৱান্বিত।
অৱশ্যে কেৰিয়াৰৰ সৰ্বোত্তম প্ৰদৰ্শনৰ পিছতো নীৰজে দ্বিতীয় স্থানত থাকে। প্ৰথম স্থানত জাৰ্মানীৰ জুলিয়েন ৱেবাৰে ৯১.০৬ মিটাৰ জেভেলিন নিক্ষেপ কৰে। অলিম্পিক ডট কমৰ তথ্য অনুসৰি, নীৰজে কয় যে এইটো অলপ তিতা-মিঠা অভিজ্ঞতাৰ ফলাফল। মই ৯০ মিটাৰত সুখী, কিন্তু এইটো দ্বিতীয় স্থান। আচলতে মোৰ লগত এনেকুৱা হৈছিল যেতিয়া মই ষ্টকহ’মত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো। মই ৮৯.৯৪ নিক্ষেপ কৰিছিলোঁ আৰু সদায় দ্বিতীয় স্থানত থাকিলোঁ। ইয়াতো মই ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিলোঁ যদিও দ্বিতীয় স্থান লাভ কৰিলোঁ।
এই প্ৰদৰ্শনেৰে নীৰজে ৯০ মিটাৰতকৈ অধিক দূৰত্বত জেভলিন নিক্ষেপ কৰি ইতিহাস সৃষ্টি কৰা ২৫ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁৰ এই প্ৰদৰ্শন যিকোনো এছিয়ান খেলুৱৈৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন, যি পাকিস্তানৰ আৰ্ছাদ নাদীমৰ ৯২.৯৭ মিটাৰ আৰু চীনৰ চাও-চুন চেঙৰ ৯১.৩৬ মিটাৰৰ পিছতে আহে।