শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমিনগাঁৱৰ ক্ৰিকেট ষ্টেডিয়াম আৰু চুইমিং পুলৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে, দিলে এনে প্ৰতিশ্ৰুতি

আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আমিনগাঁৱত নির্মাণৰত এই ক্রিকেট ষ্টেডিয়াম আৰু চুইমিং পুলৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। আগন্তুক ২০২৬ চনৰ আৰম্ভণিতে এই ষ্টেডিয়াম তথা চুইমিং পুলৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে।

আমিনগাঁৱৰ ক্ৰিকেট ষ্টেডিয়াম আৰু চুইমিং পুলৰ নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে, দিলে এনে প্ৰতিশ্ৰুতি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: Screenshot/facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Published: 17 May 2025 17:27 PM

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট মেচ অনুষ্ঠিত কৰিব পৰাকৈ ৰাজ্যত বিশ্বমানৰ আন এখন ষ্টেডিয়াম সাজু হৈ উঠাৰ দিশে। আমিনগাঁৱত নিৰ্মাণৰত এই ষ্টেডিয়ামখনে ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীৰ বাবে আগন্তুক সময়ত নিশ্চিতভাৱে কঢ়িয়াই আনিব আনন্দৰ ক্ষণ। আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আমিনগাঁৱত নির্মাণৰত এই ক্রিকেট ষ্টেডিয়াম আৰু চুইমিং পুলৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। আগন্তুক ২০২৬ চনৰ আৰম্ভণিতে এই ষ্টেডিয়াম তথা চুইমিং পুলৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে।

ক্রীড়াৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, আধুনিক প্রশিক্ষণ ব্যৱস্থাৰে বিভিন্ন ক্রীড়াৰ মাধ্যমেৰে চহৰ-নগৰ, গাঁৱৰ সুপ্ত প্রতিভা বিকশাই তোলাৰ লক্ষ্যৰে তথা ৰাজ্যখনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতা অনুষ্ঠিতকৰণেৰে অসমক ক্রীড়াৰ দিশত আগুৱাই নিবলৈ ৰাজ্য চৰকাৰে চলাই অহা প্ৰচেষ্টাৰ এয়া এক অংশ হিচাপে বিবেচনা কৰা হৈছে। ষ্টেডিয়াম আৰু চুইমং পুলৰ নিৰ্মাণকাৰ্যৰ বুজ লোৱাৰ পিছত সাংবাদিকসকলৰ সৈতে বার্তালাপত কৰে মুখ্যমন্ত্রীগৰাকীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে সৰুসজাই ক্রীড়া প্রকল্প আৰু বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামৰ সমান্তৰালকৈ আমিনগাঁৱত আন এখন ক্রিকেট ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য চলাই থকা হৈছে। ২০ হাজাৰ আসনবিশিষ্ট এই ষ্টেডিয়ামখন অত্যাধুনিক আৰু আটকধুনীয়াকৈ সজাই পৰাই তোলা হ’ব বুলি তেওঁ সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অহা ২০২৬ বৰ্ষৰ আৰম্ভণিতে ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য সম্পূর্ণ হৈ উঠাৰ আশা কৰা হৈছে বুলি উল্লেখ কৰে।

সৰুসজাই আৰু বর্ষাপাৰাত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় খেলসমূহৰ দৰে আমিনগাঁৱত স্থাপন কৰা ষ্টেডিয়ামখনতো এদিনীয়া আৰু টি-২০ ক্রিকেটৰ লগতে যাতে বিভিন্ন ক্রীড়া অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে ষ্টেডিয়ামখন গঢ়ি তোলাৰ বাবে নির্মাণকার্য চলাই থকা হৈছে। এই ষ্টেডিয়ামলৈ যাতায়াতৰ সুবিধার্থে বিকল্প পথ, প্রয়োজনীয় গাড়ী পাৰ্কিঙকে ধৰি অন্যান্য সুবিধাসমূহো পর্যায়ক্রমে কৰা হব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে।

ষ্টেডিয়ামখন নির্মাণ হৈ উঠিলে খেলুৱৈসকলে এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ খেলপথাৰ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। এই ষ্টেডিয়ামখনত বিভিন্ন ক্রীড়াৰ লগতে অন্যান্য আন্তঃৰাষ্ট্ৰীয় শ্ব’ সমূহো জনসাধাৰণে উপভোগ কৰিব পাৰিব বুলি তেওঁ লগতে কয়। ইফালে ৰাষ্ট্ৰীয় ক্রীড়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাসমূহ অসমত অনুষ্ঠিত কৰিব পৰাকৈ পৰ্যাপ্ত ক্রীড়া প্রকল্প হিচাপে নেহেৰু ষ্টেডিয়ামক নতুন ৰূপত গঢ়ি তোলাৰ লগতে গুৱাহাটীৰ চন্দ্ৰপুৰতো আন এখন ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে আমিনগাঁৱত নিৰ্মাণ কৰি থকা চুইমিং পুলৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি তেওঁ এই চুইমিং পুলৰ কামো অতি শীঘ্রেই সম্পূর্ণ হৈ উঠিব বুলি জানিবলৈ দিয়ে। এই পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱৰ ‘নেচনেল চেণ্টাৰ অব এক্সিলেঞ্চ ফৰ বেডমিন্টন’ নামৰ ক্ৰীড়া প্রতিষ্ঠানখনত প্ৰশিক্ষণৰত আৱাসী খেলুৱৈসকলৰ অনুশীলন খেল উপভোগ কৰাৰ লগতে প্রশিক্ষকসকলৰ লগতো মত বিনিময় কৰে। আজিৰ এই পৰিদৰ্শনকালত লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র প্রমূখ্যে সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।