পাকিস্তানক সমৰ্থন কৰি বিপদত দুই দেশ! হাজাৰ হাজাৰ কোটিৰ লোকচান…
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত পাকিস্তানক মুকলি সমৰ্থন আগবঢ়াইছিল তুৰ্কী আৰু আজাৰবাইজান। এনে পৰিস্থিতিত এই দুখন দেশৰ লগত ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটে।
পাকিস্তানক সমৰ্থন কৰি বিপদত দুখন দেশ। কিছুদিন পূৰ্বে আপুনি যদি বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছিল তেন্তে বহু ভাৰতীয় ট্ৰেভেল কোম্পানীয়ে হয়তো তুৰ্কী যাবলৈ পৰামৰ্শ দিছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। তুৰ্কীৰ লগতে আজাৰবাইজানৰ প্ৰতিও মোহ কমিছে ভাৰতীয়ৰ। উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত পাকিস্তানক মুকলি সমৰ্থন আগবঢ়াইছিল তুৰ্কী আৰু আজাৰবাইজান। পাকিস্তানে তুৰ্কীয়ে প্ৰেৰণ কৰা ড্ৰোনেৰে ভাৰতক আক্ৰমণ কৰিছিল। তেতিয়াৰ পৰা ভাৰতৰ তুৰ্কী আৰু আজাৰবাইজানৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটে।
তুৰ্কী আৰু আজাৰবাইজানে ভাৰতীয় পৰ্যটকৰ পৰা বছৰি হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰে। কিন্তু এতিয়া ভাৰতীয়ই এই দেশৰ ভ্ৰমণৰ সিদ্ধান্ত বাতিল কৰিছে। যাৰ বাবে দেশ দুখনৰ পৰ্যটন ক্ষেত্ৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে।
Latest Videos

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পৰা মহিলা ক্ৰিকেট বিশ্বকাপলৈকে শীৰ্ষ খবৰ

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ বাবে ভাৰতত পেট্ৰ’লৰ দাম কিমান বৃদ্ধি পাব?

ইৰাণৰ আক্ৰমণত লোকচানৰ সন্মুখীন হ'ল নেকি আদানী? চাওক ভিডিঅ'...

নগদ লেনদেনৰ বাবে আপুনিও পৰিব পাৰে আয়কৰ বিভাগৰ চকুত!
