শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Allahabad Court: 'বহুবিবাহ কৰিব পাৰে যদিহে প্ৰতিগৰাকী পত্নীক সমান ব্যৱহাৰ কৰিব পাৰে'

Allahabad Court: ‘বহুবিবাহ কৰিব পাৰে যদিহে প্ৰতিগৰাকী পত্নীক সমান ব্যৱহাৰ কৰিব পাৰে’

manas-borah
Manas Borah | Published: 16 May 2025 20:39 PM

একৰো অধিক বাৰ বিয়া কৰাব পাৰে । এই ক্ষেত্ৰত নাথাকে কোনো বাধা । কিন্তু আপুনি প্ৰতিগৰাকী পত্নীক সমান ব্যৱহাৰ কৰিব লাগিব । এটা গোচৰৰ শুনানিত এইদৰে কয় এলাহাবাদ উচ্চ ন্যায়ালয়ে ।

আপুনি যদি ইচ্ছা কৰে একৰো অধিক বাৰ বিয়া কৰাব পাৰে । এই ক্ষেত্ৰত নাথাকে কোনো বাধা । কিন্তু সকলোকে আপুনি সমান ব্যৱহাৰ কৰিব লাগিব । এটা গোচৰৰ পৰ্যবেক্ষণ কৰি এই যুক্তি দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে । ন্যায়াধীশৰ যুক্তিত কোৱা হয় যে, যিহেতু কোৰানত বহুবিবাহ সমৰ্থন কৰা হৈছে । গতিকে এই পৰ্যবেক্ষণ ন্যায্য।

এক গোচৰৰ শুনানিত ন্যায়াধীশে  কয়, “অভিযুক্তই কোনো অপৰাধ কৰা নাই।” তাৰ পিছত ইউনিফৰ্ম চিভিল কোডৰ উদ্ধৃতি দি ন্যায়াধীশগৰাকীয়ে যুক্তি দিয়ে যে, “তেওঁ সৰ্বাধিক চাৰিবাৰ বিয়া হ’ব পাৰে।” আৰু কোৰানে এই বহুবিবাহৰ সপক্ষে যুক্তি দিছে। আনকি তেওঁৰ দ্বিতীয় বিবাহো বৈধ। কাৰণ পত্নীও এগৰাকী মুছলমান মহিলা। অৱশ্যে এই কথা মনত ৰাখিব লাগিব যে, সকলোকে সমান ব্যৱহাৰ কৰিব লাগিব বুলি যুক্তি দিয়ে আদালতে ।