শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উৎকট গৰমত দেহা শীতল পেলোৱা AC-এ মাতিব পাৰে বিপদ! আওকাণ নকৰিব এইসমূহ বিষয়

গৰমত AC এ যিদৰে সকাহ দিয়ে, ইয়াৰ কিন্তু কেতবোৰ বিপদো নথকা নহয় । হায়দৰাবাদ, দিল্লী, মীৰাট আদি চহৰত AC বিস্ফোৰণ হোৱাৰ খবৰ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে গ্ৰীষ্মকালত কিয় AC বিস্ফোৰণ হয়?

উৎকট গৰমত দেহা শীতল পেলোৱা AC-এ মাতিব পাৰে বিপদ! আওকাণ নকৰিব এইসমূহ বিষয়
প্ৰতীকী ছবিImage Credit source: Halfpoint Images/Moment/Getty Images
raj-saikia
Raj Saikia | Updated On: 16 May 2025 11:44 AM

উৎকট গৰমৰ দিনবোৰ আৰম্ভ হৈছে । ক্ৰমাৎ গৰমৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে অধিক জনবহুল অঞ্চলসমূহত ইলেক্ট্ৰিক পাংখাই গৰম দূৰ কৰিব নোৱৰা হৈছে । ফলত মানুহে এয়াৰ কণ্ডিশ্যনাৰৰ সহায় ল’ব লগাত পৰিছে । বহু গ্ৰাম্যাঞ্চলতো মানুহে ঘৰত এয়াৰ কণ্ডিশ্যনাৰ স্থাপন কৰি গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰা দেখা গৈছে । সকলোৰে বাবে এয়াৰ কণ্ডিশ্যনাৰ ক্ৰয় কৰাতো সম্ভৱ নহয় যদিও, যিয়ে পাৰিছে, এটা হ’লেও কোঠাত AC স্থাপন কৰি লৈছে, যাতে গৰমৰ দিনকেইটা শান্তিৰে ক্ষন্তেক কটাব পাৰে ।

গৰমত AC এ যিদৰে সকাহ দিয়ে, ইয়াৰ কিন্তু কেতবোৰ বিপদো নথকা নহয় । হায়দৰাবাদ, দিল্লী, মীৰাট আদি চহৰত AC বিস্ফোৰণ হোৱাৰ খবৰ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে গ্ৰীষ্মকালত কিয় AC বিস্ফোৰণ হয়? কেৱল উষ্ণতা বৃদ্ধিয়েই ইয়াৰ কাৰণ, নে আন কোনো কাৰণো আছে?

আচলতে আমি কিছুমান ভুল কৰো যাৰ বাবে AC বিস্ফোৰণ হয় । কেতিয়াবা পৰিস্থিতি এনেকুৱা হৈ পৰে যে অসাৱধানতাৰ বাবে AC বিস্ফোৰণত মানুহে প্ৰাণ হেৰুৱাব লগাও হয় ।

এই ৫ টা প্ৰধান কাৰণৰ বাবে AC বিস্ফোৰণ হ’ব পাৰে

বৈদ্যুতিক সমস্যা: বহু সময়ত এয়াৰ কণ্ডিচনাৰত বৈদ্যুতিক সমস্যা হয় যাৰ বাবে AC বিস্ফোৰণ হ’ব পাৰে । সেইবাবে কোৱা হয় যে কিছু সময়ৰ মূৰে মূৰে AC চাৰ্ভিচিং কৰি থাকিব লাগে, লগতে চাৰ্ভিচিং কৰাৰ সময়ত AC টো পৰিষ্কাৰো কৰিব লাগে । চাৰ্ভিচিঙৰ সময়ত কোনো সমস্যা দেখা পালে সেয়া সমাধান কৰা উচিত । যদি সেই সমস্যা আওকাণ কৰা হয়, তেন্তে এনে গাফিলতিয়ে ভয়ংকৰ বিপদ মাতিব পাৰে ।

অতি উত্তাপৰ বাবে কম্প্ৰেছাৰত জুই: যদি AC কম্প্ৰেছাৰ অতি গৰম হ’বলৈ আৰম্ভ কৰে তেন্তে বিস্ফোৰণৰ আশংকা বৃদ্ধি পাব পাৰে । অতিমাত্ৰা গৰম হোৱাৰ কাৰণ হ’ব পাৰে বিশ্ৰাম নিদিয়াকৈ ১৫ ঘণ্টাৰো অধিক সময় AC চলোৱা । কিয়নো তেতিয়া ইয়াৰ ভিৰতৰ যন্ত্ৰ-পাতি গৰম হ’বলৈ ধৰে আৰু বিস্ফোৰণ পৰ্যন্ত হ’ব পাৰে ।

গেছ লিকেজ: AC দীঘলীয়া সময় চলি থকাৰ বাবে বা ইয়াৰ মেণ্টেনেন্সক আওকাণ কৰাৰ বাবে কম্প্ৰেছাৰটো অতি উত্তপ্ত হয় আৰু কম্প্ৰেছাৰত গেছ লিক হ’বলৈ আৰম্ভ কৰে । এই ক্ষেত্ৰত গেছ লিকেজ আৰু অতি উত্তাপৰ বাবে জুই লগাৰ আশংকা বৃদ্ধি পায় । ইয়াৰ পৰা হাত সাৰিবলৈ AC চাৰ্ভিচিং কৰাৰ সময়ত গেছৰ মাত্ৰা পৰীক্ষা কৰক ।

ৱায়াৰিঙত বিসংগতি: যদি স্থাপনৰ সময়ত ৱায়াৰিং সঠিকভাৱে কৰা নহয় বা AC ৰ তাঁৰত কোনো বিসংগতি থাকে, তেন্তে ৱায়াৰবোৰ সলনি কৰিব লাগে । কিন্তু যদি আপুনি কিছু ধন ৰাহি কৰিবলৈ নিম্ন মানৰ তাঁৰ ব্যৱহাৰ, তেন্তে AC বিস্ফোৰণৰ আশংকা থাকে ।

ফিল্টাৰ বন্ধ হোৱা: ধূলি আৰু মলিৰ বাবে AC ৰ ফিল্টাৰবোৰ বন্ধ হ’বলৈ আৰম্ভ কৰে, সেইবাবেই কোৱা হয় যে প্ৰতি সপ্তাহত ইনড’ৰ ইউনিটত লগোৱা AC ফিল্টাৰটো পৰিষ্কাৰ কৰিব লাগে । ফিল্টাৰ পৰিষ্কাৰ নকৰাৰ বাবে শীতলতা কমি যায় আৰু একে সময়তে কম্প্ৰেছাৰৰ চাপো বৃদ্ধি পাব পাৰে । এই ব্লক আৰু চাপৰ বাবে AC বিস্ফোৰণ হ’ব পাৰে ।