17 May 2025
TV9 ASSAM
Photo Credit: Getty Images
বহুতৰে মুখৰ দুৰ্গন্ধ ওলায় । এই সমস্যা দূৰ কৰিবলৈ ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে ।
পুৱা এজোপা গছৰ পাত খালী পেটত চোবাই খালে এই সমস্যাৰ পৰা উপশম পাব । সেয়া হৈছে মধুৰি পাত ।
বহু ৰোগৰ বাবে মধুৰি পাত উপকাৰী । খালী পেটত যদি মধুৰি আগ চোবাই খায় তেন্তে মুখৰ দুৰ্গদ্ধ দূৰ হয় বুলি কোৱা হয় ।
মধুৰি পাতত বহু স্বাস্থ্য উপকাৰী গুণ আছে । ইয়াত থকা আঁহে বিপাকীয় হাৰ বৃদ্ধি কৰাত সহায় কৰে ।
তদুপৰি মধুৰি পাতে চোবাই খালে দৃষ্টিশক্তি,ডায়েৰিয়া বন্ধ, হজম শক্তি, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে ।
ইয়াৰ লগতে ই ছালৰ ৰোগৰ লগতে চুলিৰ সমস্যাও দূৰ কৰে । ই মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে ।
প্ৰয়োজনত চিকিৎসক পৰামৰ্শ গ্ৰহণ কৰক । মধুৰি পাত চোবাই খাব পাৰে বা তিয়াই ৰাখি তাৰ পানী খাব পাৰে ।
পঢ়িবলৈ ক্লিক কৰক