শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
সোণৰ মূল্য হ্ৰাস পোৱাৰ মাজতে Gold ETF ত বিনিয়োগ কৰাটো সঠিক সময় হ'বনে?

সোণৰ মূল্য হ্ৰাস পোৱাৰ মাজতে Gold ETF ত বিনিয়োগ কৰাটো সঠিক সময় হ’বনে?

barasha-misra
Barasha Misra | Published: 16 May 2025 19:17 PM

সোণৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে আৰু এই হ্ৰাসৰ সময়ছোৱাত ইকুইটি মাৰ্কেটৰ বাবে ইতিবাচক পৰিৱৰ্তন ঘটিছে। কিছুদিন পূৰ্বে এই ধাতুৰ মূল্য বৃদ্ধি পাই ১ লাখৰ সীমাত উপনীত হৈছিল। বিশেষজ্ঞসকলে কয় যে, সোণৰ মূল্য আকাশলংঘী হৈ পুনৰ হ্ৰাস হ’ব। এতিয়া যেন সেইটোৱেই হৈছে। শ্বেয়াৰ বজাৰত উচ্চ স্তৰৰ পৰা নিম্ন স্তৰলৈ নামি আহিছে সোণ।

এক পৰিসংখ্যা অনুসৰি শেহতীয়াকৈ Gold ETF বা এক্সচেঞ্জ ট্ৰেডে ফাণ্ডৰ মূল্য ১৪ শতাংশ হ্ৰাস পাইছে। ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ পিছত শ্বেয়াৰ বজাৰত সুস্থিৰ হৈ পৰিছে সোণ। লাহে লাহে গতি কমি আহিছে সোণৰ। শেহতীয়াকৈ SBI Gold ETF ৰ মূল্য ১৪ শতাংশ সংশোধন কৰা হৈছে। One Gold ETF, Tata Gold ETF ও একে ধৰণে হ্ৰাস পাইছে। সেয়া প্ৰায় ১২ শতাংশ হ্ৰাস পাইছে।

Seven Gold ETF ৭ শতাংশ হ্ৰাস পাইছে। একে পৰিমাণ পতন দেখা গৈছে, LIC MF Gold ETF, Mirae Asset Gold ETF, HDFC Gold ETF, Edelweiss Gold ETF-ত। আনহাতে, Kotak Gold ETF আৰু DSP Gold ETF হ্ৰাস পাইছে ৬ শতাংশ। Zerodha Gold ETF হ্ৰাস পাইছে ৫ শতাংশ।