কাশ্মীৰলৈ আহিলে প্ৰমোশ্যন, লাভ কৰে অন্যান্য সুবিধাও, সন্ত্ৰাসবাদীৰ দৰমহা কিমান জানেনে?
বিশ্বৰ ভিন্ন দেশে কেতিয়াবা চাপত পৰি, কেতিয়াবা বাণিজ্যিক লাভ অৰ্জনৰ বাবে জেহাদী সংগঠনসমূহক বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়ায় । এক পৰিসংখ্যা অনুসৰি, ২০২৪ বৰ্ষত বিশ্বজুৰি ৬ হাজাৰ কোটি মাৰ্কিন ডলাৰৰ সাহায্য লাভ কৰিছিল সন্ত্ৰাসবাদী সংগঠনসমূহে ।
সন্ত্ৰাসবাদ, মানৱ সমাজৰ বাবেই ই এক ব্যাধি স্বৰূপ । ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশ বিভিন্ন সময়ত সন্ত্ৰাসবাদীৰ নৃশংসতাৰ সাক্ষী হৈ ৰৈছে । নিষ্পাপ মানুহক হত্যা কৰা সন্ত্ৰাসবাদীয়ে কিমান টকা লাভ কৰে জানেনে? আন্তৰ্জাতিক ৰাজনৈতিক বিশেষজ্ঞৰ মতে, সন্ত্ৰাসবাদী সংগঠনসমূহ পৰিচালিত হয় অনুদানৰ টকাৰে । বিশ্বৰ ভিন্ন দেশে কেতিয়াবা চাপত পৰি, কেতিয়াবা বাণিজ্যিক লাভ অৰ্জনৰ বাবে জেহাদী সংগঠনসমূহক বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়ায় । এক পৰিসংখ্যা অনুসৰি, ২০২৪ বৰ্ষত বিশ্বজুৰি ৬ হাজাৰ কোটি মাৰ্কিন ডলাৰৰ সাহায্য লাভ কৰিছিল সন্ত্ৰাসবাদী সংগঠনসমূহে ।
অৱশ্যে পাকিস্তানী সন্ত্ৰাসবাদীৰ বাবে গাখীৰতে ম’হৰ খুটিৰ দৰে কথা । যিদৰে তেওঁলোকে পৃথিৱীখনক লুটপাত কৰি আছে, ঠিক তেনেদৰে লুটিছে নিজৰ দেশৰ চোৰাংচোৱা সংস্থা আই এছ আইকো । ক’ব পাৰি যে চুবুৰীয়া দেশৰ সন্ত্ৰাসবাদীয়ে কাৰ্যতঃ আই এছ আইৰ ধনেৰে জীৱন চলাই আছে ।
অগ্ৰণী সংবাদ মাধ্যম বিজনেছ টুডেৰ এক প্রতিবেদন মতে প্রতিবছৰে দেশৰ ভিতৰৰ সন্ত্ৰাসবাদী বা জেহাদী গোটৰ বাবে আই এছ আইয়ে ২৫ কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ২,১৩৪ কোটি টকা ব্যয় কৰে । আত্মঘাতী বোমাৰুৰ পৰা আৰম্ভ কৰি অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰলৈকে, আনকি উগ্ৰপন্থীৰ দৰমহাও এই ধনৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় ।
কিন্তু ইমান টকা লাভ কৰাৰ পাছতো সন্ত্ৰাসবাদী সংগঠনৰ ক্ষুধা পূৰণ নহয় । প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণ, বন্দুক ক্ৰয়, বোমা নিৰ্মাণ এই সকলোবোৰৰ খৰচ কোটি কোটি টকা । ইয়াৰ এটা অংশ ক’লা বজাৰ আৰু ড্ৰাগছ সৰবৰাহৰ জৰিয়তেও লাভ কৰে ।
পাকিস্তানী সন্ত্ৰাসবাদীয়ে কিমান দৰমহা পায় ?
লস্কৰৰ পৰা জৈছলৈকে সকলোৰে দৰমহাৰ গাঁথনি বেলেগ বেলেগ । কিন্তু উদ্দেশ্য একেই । সেয়া হৈছে ভাৰতৰ লোকচান সাধন । বিজনেছ টুডেৰ এক প্ৰতিবেদন অনুসৰি যিসকল নিম্নস্তৰৰ সন্ত্ৰাসবাদী, অৰ্থাৎ কোনো লক্ষ্য স্থানত গুলীচালনা কৰা, বোমা নিক্ষেপ কৰা, এনে কাম কৰাৰ বাবে তেওঁলোকৰ গড় দৰমহা পাকিস্তানী মুদ্ৰাত প্ৰতিমাহে ১২ হাজাৰ টকা । আনহাতে যিসকল সেনাপতি পৰ্যায়ত আছে, অৰ্থাৎ সন্ত্ৰাসবাদী অভিযানৰ নেতৃত্ব দিয়ে আৰু ষড়যন্ত্ৰৰ পৰিকল্পনা কৰে তেওঁলোকৰ মাহিলী আয় প্ৰায় ৫০ হাজাৰ টকা ।
আনহাতে ভাৰতৰ কাশ্মীৰ উপত্যকাৰ পৰা গৈ যিসকলে সন্ত্ৰাসবাদত জড়িত হয়, তেওঁলোকৰ দৰমহা পাকিস্তানী সন্ত্ৰাসবাদীৰ তুলনাত কিছু বেছি, প্ৰতিমাহে ২০ হাজাৰ টকা । অৱশ্যে সন্ত্ৰাসবাদীৰ মাহিলী দৰমহাৰ উপৰিও তেওঁলোকৰ পৰিয়ালক ২ লাখ টকাকৈ ভাট্টা প্ৰদান কৰা হয় । এইদৰেই চলি আছে মানৱ সমাজক পংগু কৰিব খোজা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ।

পলকতে চাওঁ আহক আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত আৰু প্ৰধান খবৰসমূহ....

পাকিস্তানক সমৰ্থন কৰি বিপদত দুই দেশ! হাজাৰ হাজাৰ কোটিৰ লোকচান...

বহুবিবাহক লৈ ডাঙৰ মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালৰ

সোণৰ মূল্য হ্ৰাস পোৱাৰ মাজতে Gold ETF ত বিনিয়োগ কৰাটো উচিত নে?
