কাৰ হাতত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে?

17 May 2025

TV9 ASSAM

Pic Credit: Pixabay/PTI/AI

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰসমূহ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ তত্বাৱধানত ল’ব লাগে। ইয়াৰ পাছতে চৰ্চাত আছে বিষয়টো।

চৰ্চা

Union of Concerned Scientistsৰ তথ্য অনুসৰি বৰ্তমান আমেৰিকা, ৰাছিয়া, চীন, ফ্ৰান্স, ব্ৰিটেইন, পাকিস্তান, ভাৰত, ইজৰাইল আৰু উত্তৰ কোৰিয়াৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে।

পাৰমাণৱিক অস্ত্ৰ

বৰ্তমান পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত ৰাছিয়া আগবাঢ়ি আছে। ৰাছিয়াৰ হাতত মুঠ ৬০০০ টা পাৰমাণৱিক অস্ত্ৰ আছে। 

প্ৰথম স্থানত কোন?

ৰাছিয়াৰ পিছত আমেৰিকাৰ হাতত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে। ফেডাৰেচন অৱ আমেৰিকান চাইন্টিষ্টৰ তথ্য অনুসৰি আমেৰিকাত মুঠ ৫৪০০টা পাৰমাণৱিক অস্ত্ৰ আছে।

আমেৰিকাৰ কিমান?

পেন্টাগনে দাবী কৰিছে যে চীনৰ হাতত প্ৰায় ৫০০টা পাৰমাণৱিক অস্ত্ৰ আছে। একে সময়তে ২৯০টা পাৰমাণৱিক অস্ত্ৰৰে চতুৰ্থ স্থানত আছে ফ্ৰান্স।

৩ নম্বৰত কোন?

ইউনিয়ন অৱ কনচাৰ্ণড চাইন্টিষ্টৰ প্ৰতিবেদন অনুসৰি ১২০টা পাৰমাণৱিক অস্ত্ৰৰে ব্ৰিটেইন পঞ্চম স্থানত আছে।

পঞ্চম স্থানত কোন?

পাৰমাণৱিক অস্ত্ৰ থকা দেশসমূহৰ ভিতৰত ভাৰত আৰু পাকিস্তানো অন্যতম। ভাৰতৰ হাতত ১৬০টা আৰু পাকিস্তানৰ হাতত ১৭০টা পাৰমাণৱিক অস্ত্ৰ আছে ।

ভাৰত-পাকিস্তান ক’ত?

চাবলৈ ক্লিক কৰক 

এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়?