ঘৰত থকা আ-অলংকাৰ লৈ শহুৰৰ সৈতে পলাল তিনি সন্তানৰ মাতৃ, সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা দুৰ্ভগীয়া স্বামীৰ
ঘৰৰ পৰা লাখ লাখ টকাৰ গহনা আৰু কন্যা দুগৰাকীক লগত লৈ সম্পৰ্কীয় শহুৰৰ সৈতে পলাই যায় এগৰাকী মহিলাই। মহিলাগৰাকী আৰু সম্পৰ্কীয় শহুৰ দুয়োকে বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, অতি সোনকালে দুয়োৰে সন্ধান পোৱা যাব।

কিছুদিন ধৰি উত্তৰ প্ৰদেশত শাহু-জোঁৱাই আৰু বিয়ৈ-বিয়নীৰ পলায়ন আৰু প্ৰেমৰ বাতৰিয়ে শিৰোনাম দখল কৰি আছিল। ইয়াৰ মাজতে পোহৰলৈ আহিছে সম্পৰ্কীয় শহুৰৰ সৈতে বোৱাৰী পলাই যোৱা খবৰ। তিনি সন্তানৰ মাতৃ এইগৰাকী মহিলাগৰাকী। তেওঁৰ দুগৰাকী কন্যা আৰু এজন ল’ৰা আছে। জানিব পৰা মতে পলাই যাওঁতে ঘৰৰ পৰা লাখ লাখ টকাৰ গহনা আৰু কন্যা দুগৰাকীকো লগত লৈ গৈছে মহিলাগৰাকীয়ে। এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ইটাৱা জিলাৰ উছৰাহাৰ থানা এলেকাৰ এখন গাঁৱত।
বিগত এমাহ ধৰি ভুক্তভোগী স্বামীয়ে পত্নীক বিচাৰি থানাৰ লগতে বিভিন্ন বিষয়াৰ কাৰ্যালয়ত কাকুতি-মিনতি কৰিছে যদিও এতিয়ালৈকে পত্নীৰ কোনো সন্ধান পোৱা নাই। এতিয়া স্বামীয়ে ঘোষণা কৰিছে যে যিয়ে পত্নীক বিচাৰি পাব তেওঁক ২০ হাজাৰ টকাৰ পুৰস্কাৰ দিয়া হ’ব। আচলতে ভুক্তভোগীয়ে গাড়ী চলাই পৰিয়াল পোহপাল দিছিল। তেওঁ কোৱা মতে, যোৱা মাহৰ ৩ এপ্ৰিলত গাড়ীখন লৈ কানপুৰলৈ গৈছিল ।
কানপুৰৰ পৰা ঘৰলৈ উভতি আহোঁতে সেই কথা জানিবলৈ পাই ভুক্তভোগীয়ে। ইয়াৰ পিছত তেওঁ দেখিলে যে তেওঁৰ পত্নী আৰু দুগৰাকী কন্যা ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। পিছত তেওঁ গম পালে যে তেওঁৰ সম্পৰ্কীয় খুড়াক এজনৰ সৈতে পত্নীয়ে পলায়ন কৰিছে। পত্নীয়ে পুত্ৰক ঘৰত এৰি থৈ গৈছে। লগতে চাৰিটা আঙঠি, এটা হাৰ, এটা মংগলসূত্ৰ আৰু ৫০ হাজাৰ টকা লৈ তেওঁ ঘৰৰ পৰা ওলাই গৈছে। পূৰ্বৰ আৰক্ষী থানাৰ মুৰব্বীয়ে যোৱা ৩ এপ্ৰিলত গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰা বুলি জানিবলৈ দিয়ে স্বামীয়ে।
তেওঁ কয়, “যদিও পিছত ৰিপ’ৰ্ট সলনি কৰি নিৰুদ্দেশ হোৱা ব্যক্তিৰ গোচৰ ৰুজু কৰা হৈছিল, তথাপিও পত্নীক বিচাৰি উলিওৱাৰ কোনো চেষ্টা কৰা হোৱা নাছিল।” যোৱা ৩ এপ্ৰিলৰ পৰা পত্নীক বিচাৰিছে। এই সমগ্ৰ গোচৰত উছৰাহাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কয় যে, ভুক্তভোগীৰ পত্নীক বিচাৰিবলৈ দল মোতায়েন কৰা হৈছে। অতি সোনকালে মহিলাগৰাকী আৰু শহুৰৰ বিষয়ে তথ্য জানিব পৰা যাব।