শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning Headlines: ১ মিনিটতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত আগবঢ়োৱা হ'ল।

Morning Headlines: ১ মিনিটতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ খবৰ
barasha-misra
Barasha Misra | Published: 04 May 2025 07:48 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • আজি প্ৰথম প্ৰৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ। ৰাজ্যৰ ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণ। গোলাঘাট, লখিমপুৰৰ দুটা, শ্ৰী ভূমিত ৮ টা, মাজুলীত এটা, হাইলাকান্দিত ৩১ টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ। ভোটদানৰ সময়ত হৈছিল বিক্ষিপ্ত ঘটনা।
  • নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সাজু বিদ্যুৎ উৎপাদনৰ বাবে। প্ৰথম অৱস্থাত বিদ্যুৎ উৎপাদন কৰিব ৭৫০ৰ পৰা ১০০০ মেগাৱাট। এই মাহতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই ৩ ৰ পৰা ৪ টা ইউনিটেৰে উৎপাদন কৰিব। এই কথা ঘোষণা NHPC ৰ মুখ্য পৰিচালন সঞ্চালকৰ।
  • কংগ্ৰেছ আৰু ৰাহুল গান্ধীক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই। তেওঁ কয়, আটাৰী সীমান্তৰে পাকিস্তানলৈ মনে মনে গৈছিল গৌৰৱ গগৈ, ধৰা পৰাৰ ভয়ত কৰা নাছিল বিমান যাত্ৰা।
  • ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগৰত অকলে থাকিব লাগিব চুমী বৰা। মুকলি আকাশৰ তললৈ আহিল বিশাল-তাৰ্কিক।
  • ড্ৰাগছ লৈছিল কেগিছো ৰাবাডাই! আই পি এলৰ মাজতে ৰাবাডাক কৰা হ’ল নিলম্বন। আই পি এল ২০২৫ত মাত্ৰ দুখন মেচ খেলিয়েই গুজৰাট টাইটানছৰ গুৰুত্বপূৰ্ণ সদস্য কেগিছো ৰাবাডা নিজ দেশ দক্ষিণ আফ্ৰিকালৈ উভতিছিল।
  • পাকিস্তান প্ৰসংগক লৈ পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পত্নীৰ পাছত গৌৰৱ গগৈৰ দুই সন্তান ভাৰতীয়া নাগৰিক নহয় বুলি দাবী মুখ্যমন্ত্ৰীৰ। ১০ ছেপ্তেম্বৰৰ পূৰ্বে ৰাইজক প্ৰমাণ দিয়াৰ কথাও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে।
  • সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা! সূত্ৰ অনুসৰি ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত আজি ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSF- এ এগৰাকী পাকিস্তানী ৰেঞ্জাৰক গ্ৰেপ্তাৰ কৰিছে।
  • যোৱা তিনি বছৰত ইউটিউবে ভাৰতীয় ক্ৰিয়েটৰছ, শিল্পী আৰু মিডিয়া কোম্পানীক ২১ হাজাৰ কোটি টকাৰ অনুদান আগবঢ়াইছে। এই পৰিসংখ্যা আগন্তুক সময়ত আৰু বৃদ্ধি পাব পাৰে কাৰণ এইসকল ক্ৰিয়েটৰছক দিবলৈ ৮৫০ কোটি টকা বিনিয়োগ কৰিব ইউটিউবে।
  • এইবাৰ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য দখলৰ কৰাৰ সকীয়নি দিছে এজন প্ৰাক্তন বাংলাদেশী সেনা বিষয়াই । এই বিষয়াগৰাকী দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ একেবাৰে ঘনিষ্ঠ ।