শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
গেইলৰ অভিলেখ ভাঙি ছিক্সাৰৰ নতুন 'পুৰাণ' লিখিব নেকি নিকোলাচে?

গেইলৰ অভিলেখ ভাঙি ছিক্সাৰৰ নতুন ‘পুৰাণ’ লিখিব নেকি নিকোলাচে?

raj-saikia
Raj Saikia | Published: 01 May 2025 23:33 PM

২০১১ চনত গেইলে এটা ছিজনত ৪৪টা ছয় কোবাই অভিলেখ গঢ়িছিল । পিছৰ বছৰত তেওঁ ৫৯টা ছয় কোবাই নিজৰেই অভিলেখ ভংগ কৰে । তাৰ পিছৰ বছৰত তেওঁ পুনৰ ৫১টা ছয় কোবাই । যদিও ৪৪ আৰু ৫১টা ছিক্সাৰৰ অভিলেখ ভংগ হৈছে, তথাপিও এটা ছিজনত ৫৯টা ছিক্সাৰৰ অভিলেখ এতিয়াও অক্ষত আছে ।

আই পি এলৰ ১৮টা ছিজনত বহু অভিলেখ সৃষ্টি হৈছে আৰু বহু অভিলেখ ভংগ হৈছে । এই আই পি এলত বহু নতুন খেলুৱৈৰো জন্ম হৈছে । বহুতে নিজৰ কেৰিয়াৰ উন্নত কৰিবলৈ আই পি এলক প্লেটফর্ম হিচাপে বাছি লয় । আই পি এলত এটা ছিজনত কিমান ছয় কোবোৱা হয়, সেয়া বহুতেই জানে । সেই পৰিসংখ্যা মাজে মাজে টিভিৰ পৰ্দাত দেখুওৱা হয়। আপুনি জানেনে যে ২০১২ চনৰ পিছত কেতিয়াও ভংগ হোৱা নাই ছিক্সাৰৰ অভিলেখ?

আই পি এলত চাৰি আৰু ছয়ৰ ধুমুহাৰ সৈতে অভ্যস্ত দর্শক । প্রতিটো ছিজনত ছয় আৰু চাৰিৰ মুঠ সংখ্যা চালে দেখা যায় যে সংখ্যা বাঢ়িছে । এই ১৮টা ছিজনত ছয়ৰ সংখ্যা যদি আমি চাওঁ তেন্তে ই ১৩ হাজাৰৰ সীমা অতিক্রম কৰিব । যোৱা তিনিটা ছিজনত বেটছমেনে গড়ে হাজাৰতকৈ অধিক ছয় কৰিছে । কিন্তু এই সকলোবোৰৰ পিছতো ছিক্সাৰৰ ভাঙিব নোৱৰা এক অভিলেখ আছে । এই ছিজনত এজন ক্রিকেটাৰে সম্ভৱতঃ এই অভিলেখ ভংগ কৰিব পাৰে । জানো আহক ।

আই পি এলত এটা সময় আছিল যেতিয়া এক ধুমুহাই বলাৰক দিকভ্রান্ত কৰি পেলাইছিল । সেই ধুমুহাৰ নাম সকলোৰে বাবে অতি চিনাকি গেল ষ্টর্ম । আজিলৈকে এইজন কেৰিবিয়ান বেটছমেনে ইমান ছয় মাৰিছে যে সেই সংখ্যাৰ কোনেও কাষ চাপিব পৰা নাই । ২০১১ চনত গেইলে এটা ছিজনত ৪৪টা ছয় কোবাই অভিলেখ গঢ়িছিল । পিছৰ বছৰত তেওঁ ৫৯টা ছয় কোবাই নিজৰেই অভিলেখ ভংগ কৰে । তাৰ পিছৰ বছৰত তেওঁ পুনৰ ৫১টা ছয় কোবাই । যদিও ৪৪ আৰু ৫১টা ছিক্সাৰৰ অভিলেখ ভংগ হৈছে, তথাপিও এটা ছিজনত ৫৯টা ছিক্সাৰৰ অভিলেখ এতিয়াও অক্ষত আছে ।

গেইলৰ পিছত এই তালিকাত আছে আন এজন কেৰিবিয়ান খেলুৱৈ । ৫২টা ছয়ৰে দ্বিতীয় স্থানত আছে আন্দ্ৰে ৰাছেল । কিন্তু এই অভিলেখ ভংগ কৰিব পৰা আন এজন খেলুৱৈও আছে । তেৱোঁ কেৰিবিয়ান খেলুৱৈ । তেওঁ আন কোনো নহয়, লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ তাৰকা বেটছমেন নিকোলাছ পুৰাণ । ইয়াৰ পূৰ্বে তেওঁ এটা ছিজনত সর্বাধিক ৩৬টা ছয় কোবাইছিল । এইবাৰ ইতিমধ্যে ১০খন মেচত ৩৪টা ছয় কোবাইছে । গেইলৰ অভিলেখ ভংগ কৰিব পাৰিবনে পুৰাণে?

অভিলেখ ভংগ কৰিবলৈ ৬০টা ছয়ৰ প্ৰয়োজন । সেই অভিলেখ ভাঙিবলৈ পুৰাণে এতিয়াও ২৬টা ছয় মাৰিব লাগিব । প্লে’ অফত যদি লক্ষ্ণৌ উপনীত হয় তেন্তে পুৰাণৰ বাবে অধিক সুযোগ আছে । কিন্তু যদি আমি চাৰিখন লীগ মেচ চাওঁ তেন্তে কমেও দুখন মেচত সাতটাকৈ ছিক্সাৰ মাৰিব লাগিব । প্লে’ অফলৈকে খেলিলে ৫ টাকৈ ছয় কোবাব লাগিব। ফাইনেলত প্ৰৱেশ কৰিব পাৰিলে প্ৰতিখন মেচতে ৪ টা ছয় মাৰিব লাগিব। যিটো কঠিন যদিও অসম্ভৱ নহয় ।