শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৱাশ্বিংটনৰ প্ৰেমৰ চৰ্চা, ক্ৰিকেটপ্ৰেমী সুন্দৰীগৰাকী সঁচাকৈয়ে সুন্দৰৰ প্ৰেয়সী নে?

ৱাশ্বিংটনৰ প্ৰেমৰ চৰ্চা, ক্ৰিকেটপ্ৰেমী সুন্দৰীগৰাকী সঁচাকৈয়ে সুন্দৰৰ প্ৰেয়সী নে?

raj-saikia
Raj Saikia | Published: 02 May 2025 00:28 AM

মিডিয়া ৰিপোৰ্ট, বিভিন্ন জল্পনা-কল্পনাত এই চৰ্চা হৈছে যে ৱাশ্বিংটন সুন্দৰে ডেট কৰিছে হায়দৰাবাদৰ বৰ্ষিণীৰ সৈতে । তেলুগু ছবি জগতৰ জনপ্ৰিয় মুখ বৰ্ষিণী । তেওঁৰ আন এক পৰিচয়ো আছে । ক্ৰিকেটপ্ৰেমী । সেয়ে ক্ৰিকেটাৰৰ প্ৰেয়সী হোৱাতো অৱশ্যেই সম্ভৱ ।

ৱাশ্বিংটন খুবেই সুন্দৰ । এয়া অৱশ্যে আমেৰিকাৰ ৱাশ্বিংটন ডিচি নহয়, ভাৰততো আছে এক ৱাশ্বিংটন । ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ । বহু আগেয়েই আৰম্ভ হৈছিল কেৰিয়াৰ । দেশীয় দলত বেছিভাগ বেকআপ হিচাপেই দেখা যায় । পৰিস্থিতি লাহে লাহে সলনি হৈছে । অফ স্পিনাৰ অলৰাউণ্ডাৰ প্ৰয়োজন হ’লে প্ৰথম পছন্দ ৱাশ্বিংটন সুন্দৰেই হয় । কিন্তু ৱাশ্বিংটনৰ পছন্দ কোন?

আই পি এলত তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল ৰাইজিং পুনে ছুপাৰ জায়েন্টছত । তাৰ পাছত চাৰিটা ছিজনত আৰচিবিৰ হৈ খেলে সুন্দৰে । যোৱা তিনিটা ছিজন তেওঁ খেলিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ জাৰ্চীত । এইবাৰ গুজৰাট শিবিৰত ৱাশ্বিংটন । আৰচিবিত এটা ছিজন বাদ দিলে নিয়মিতভাৱে খেলাৰ সুযোগ পোৱা নাছিল । টাইটানছৰ হৈও এইবাৰ মাত্ৰ চাৰিখন মেচহে খেলিছে । তিনিটা ইনিংছত লাভ কৰিছে বেটিঙৰ সুযোগ । তিনিখন মেচত ৬৪ ৰাণ আৰু ২ টা উইকেট দখল । তেওঁৰ কেৰিয়াৰৰ সাফল্য আইপিএলত বিচাৰি পোৱা কঠিন । যি কি নহওক পুনৰ ৱাশ্বিংটনৰ পছন্দৰ কথালৈ আহোঁ ।

যেতিয়ালৈকে মানুহে কিবা এটা কথা নিজ মুখে স্বীকাৰ বা প্ৰচাৰ নকৰে, তেতিয়ালৈকে সেয়া মাথোঁ জল্পনা-কল্পনা হৈয়েই থাকে । পাছত কেতিয়াবা সেয়া সঁচা প্ৰমাণিত হয় । বৰ্ষিণীৰ সৌন্দৰাজনৰ ক্ষেত্ৰত এনেকুৱাই কিবা হ’ব নেকি? মিডিয়া ৰিপোৰ্ট, বিভিন্ন জল্পনা-কল্পনাত এই চৰ্চা হৈছে যে ৱাশ্বিংটন সুন্দৰে ডেট কৰিছে হায়দৰাবাদৰ বৰ্ষিণীৰ সৈতে । তেলুগু ছবি জগতৰ জনপ্ৰিয় মুখ বৰ্ষিণী । তেওঁৰ আন এক পৰিচয়ো আছে । ক্ৰিকেটপ্ৰেমী । সেয়ে ক্ৰিকেটাৰৰ প্ৰেয়সী হোৱাতো অৱশ্যেই সম্ভৱ ।

যোৱা ছিজনলৈকে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছিল ৱাশ্বিংটনে । হায়দৰাবাদৰ ঘৰুৱা ষ্টেডিয়ামত বেছিভাগ মেচতেই দেখা গৈছিল বৰ্ষিণীক । গেলাৰীৰ পৰা সমৰ্থন কৰিছিল ঘৰুৱা দলটোক । তেওঁ কেৱল হায়দৰাবাদক সমৰ্থন কৰিবলৈকে গৈছিল নে? এইবাৰো খেল উপভোগ কৰিবলৈ গৈছে বৰ্ষিণী । কিন্তু পূৰ্বৰ দৰে নহয় । সেয়ে চৰ্চা বাঢ়িছে । কেৱল হায়দৰাবাদৰ বাবে নহয়, ৱাশ্বিটনৰ বাবেও গেলাৰীত উপস্থিত আছিল বৰ্ষিণী ।

বিভিন্ন সময়ত তেওঁলোকক লৈ চৰ্চা হয় । ইনষ্টাগামত দুয়ো দুয়োকে অনুসৰণ কৰে । কিন্তু একেলগে পোষ্ট, দেখা পোৱা নাই । দুয়ো হয়তো নিজ নিজ কেৰিয়াৰত থিতাপি ল’ব খুজিছে । সেয়া হ’লে অৱশ্যেই দুয়োৰে সম্পৰ্কৰ কথা প্ৰকাশ পাব । দুয়ো শিক্ষিত পৰিয়ালৰ সন্তান । সেয়ে মুকলিকৈ প্ৰেমৰ প্ৰকাশ এতিয়াও হয়তো কৰা নাই । টেষ্ট মেচত যিদৰে সময় লৈ ইনিংছ চম্ভালিব লগা হয়, সুন্দৰ আৰু বৰ্ষিণীয়ে হয়তো সেয়াই কৰিছে ।

স্বাভাৱিকতেই প্ৰশ্ন হয়, হঠাৎ এই দুয়োটা নামক লৈ চৰ্চা কিয় ? কোনো ইংগিত নোপোৱাকৈয়ে চৰ্চা হৈছেনে দুয়োৰে নাম? যেতিয়ালৈকে নিজ মুখেৰে প্ৰকাশ নকৰে, এয়া মাথো চৰ্চাৰ বিষয় হৈছে ৰ’ব ।