Crush ৰ সৈতে ফুৰিবলৈ গ’লে মনত ৰাখিব ৫ টা কথা, নহ’লে আপোনাক দেখিলেই পলাব!
আপুনি প্ৰথমবাৰৰ বাবে আপোনাৰ ক্ৰাছৰ সৈতে ডেটত গৈ আছে নেকি? যেতিয়া কোনো বিশেষ ব্যক্তিক লগ কৰিবলৈ যাওঁ তেতিয়া আমাৰ মনত বিভিন্ন কথা চলি থাকে। ভুলতেও আওকাণ নকৰিব এই ৫টা কথা।

প্ৰথম ডেটিং সকলোৰে বাবে বিশেষ। আমি যেতিয়াই প্ৰথমবাৰৰ বাবে কোনো বিশেষ ব্যক্তিক লগ কৰিবলৈ যাওঁ তেতিয়াই আমাৰ মনত বিভিন্ন কথা চলি থাকে। আমি বহু সপোনক হৃদয়ত গুপুতে ৰাখি সেই বিশেষ ব্য়ক্তিজনক লগ কৰোঁ। সাজ-পোছাকৰ পৰা আৰম্ভ কৰি চেহেৰালৈকে সকলো ক্ষেত্ৰতে আমি নিজকে আকৰ্ষণীয় কৰি তুলিব চেষ্টা কৰোঁ।
যদি আপুনিও প্ৰথমবাৰৰ বাবে ভাললগা ব্যক্তি এজনৰ(Crush) সৈতে ডেটলৈ গৈ আছে, তেন্তে কিছুমান কথা লক্ষ্য কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ সম্পৰ্ক দীৰ্ঘদিনলৈ চলি থাকিব।
জোৰকৈ স্পৰ্শ কৰিব চেষ্টা নকৰিব
সাধাৰণতে মানুহে প্ৰথম ডেটত ইজনে সিজনক চিনি পাবলৈ চেষ্টা কৰে। কিন্তু কিছুমানে প্ৰথম ডেটতে কিছুমানে নিজেক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। মহিলা সংগীক জোৰকৈ স্পৰ্শ কৰিবলৈ চেষ্টা নকৰিব। ডেটত গ’লে আপোনাৰ সন্মুখৰ মানুহজনে অলপো অস্বস্তি অনুভৱ কৰিব নালাগিব।
কথোপকথনৰ শৈলী
ল’ৰাবোৰে প্ৰায়ে প্ৰথম ডেটত অধিক কেজুৱেল হ’বলৈ চেষ্টা কৰে। ইয়াৰ বাবেই তেওঁ কথা-বতৰাত ভুল ভাষা শব্দ ব্যৱহাৰ কৰে। আপোনাৰ সংগীৰ কথন শৈলী বুজি লওক। কথা-বতৰাৰ সময়ত শব্দবোৰৰ প্ৰতি মনোযোগ দিয়ক।
সময়ৰ ধ্যান ৰাখিব
যদি আপুনি প্ৰথমবাৰৰ বাবে ডেটলৈ গৈ আছে তেন্তে নিশ্চিতভাৱে সময়ৰ কথা মনত ৰাখিব। আপোনাৰ সংগীয়ে সময়মতে আপোনাক লগ কৰিবলৈ আহিছেনে নাই। ইয়াৰ অৰ্থ হ’ল তেওঁ আপোনাক লগ পাবলৈ আগ্ৰহী আৰু সময়ক মূল্য দিয়ে।
ভুৱা ব্যৱহাৰ
কিছুমান মানুহে প্ৰায়ে ডেটিং কৰাৰ সময়ত ছোৱালীজনীক আপ্লুত কৰিবলৈ নিজকে দেখুৱাবলৈ চেষ্টা কৰে। কিন্তু তেওঁ ইচ্ছাকৃতভাৱে আপোনাৰ পৰা দূৰত্ব বজাই ৰাখিব পাৰে বা আপোনাৰ কথাক আওকাণ কৰিব পাৰে।
সন্মান নকৰা
যদি আপোনাৰ সংগীয়ে সন্মান নকৰে তেন্তে আপুনি বুজিব লাগে যে এই সম্পৰ্ক বেছি দিন টিকি থাকিব নোৱাৰে। কেৱল সেই সম্পৰ্কই সফল হয় য’ত ইজনে সিজনক সন্মান কৰে। ডেটিং কৰাৰ সময়ত আপোনাৰ সংগীয়ে সন্মানজনক আচৰণ কৰে নে নকৰে সেইটোও মনত ৰাখিব।