Bangladesh News: ‘উত্তৰ-পূব ভাৰত দখল কৰিব বাংলাদেশে’, ইউনুছৰ ঘনিষ্ঠ প্ৰাক্তন সেনা বিষয়াৰ হুংকাৰ…
এফালে ৰাজনৈতিক অস্থিৰতা, আনফালে অৰ্থনৈতিকভাৱে বিধ্বস্ত বাংলাদেশত এতিয়াও অন্তৱৰ্তীকালীন চৰকাৰে শাসন চলাই আছে । ইয়াৰ মাজতে দেশখনৰ প্ৰাক্তন সেনা বিষয়া দম্ভালিয়ে হাঁহিয়াতৰ পাত্ৰ কৰিছে বাংলাদেশক ।
কঁকাল থৰক-বৰক হ’লেও উত্তৰ-পূব ভাৰতৰ ৭ খন ৰাজ্য়ৰ মোহ এৰা নাই বাংলাদেশে । এফালে ৰাজনৈতিক অস্থিৰতা, আনফালে অৰ্থনৈতিকভাৱে বিধ্বস্ত বাংলাদেশত এতিয়াও অন্তৱৰ্তীকালীন চৰকাৰে শাসন চলাই আছে । ইয়াৰ মাজতে দেশখনৰ প্ৰাক্তন সেনা বিষয়া দম্ভালিয়ে হাঁহিয়াতৰ পাত্ৰ কৰিছে বাংলাদেশক ।
কিয়নো এইবাৰ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য দখলৰ কৰাৰ সকীয়নি দিছে এজন প্ৰাক্তন বাংলাদেশী সেনা বিষয়াই । এই বিষয়াগৰাকী দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ একেবাৰে ঘনিষ্ঠ । তেওঁ হৈছে বাংলাদেশৰ প্ৰাক্তন মেজৰ জেনেৰেল আলম ফজলুৰ ৰহমান ।
বাংলাদেশৰ প্ৰাক্তন এইগৰাকী মেজৰ জেনেৰেলে সকীয়াই দিছে যে, ভাৰতে পাকিস্তানক আক্ৰমণ কৰাৰ মুহূৰ্তত বাংলাদেশে সেই সুযোগ লৈ উত্তৰ-পূবৰ সাতখন ৰাজ্য আক্ৰমণ কৰি দখল কৰিব । বাংলাদেশে প্ৰয়োজন হ’লে চীনৰ সহায় বিচাৰিব বুলি ছচিয়েল মিডিয়াত লিখিছে এইগৰাকী ফজলুৰ ৰহমানে ।