শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

RR vs MI Live Score, IPL 2025: অপ্ৰতিৰোধ্য মুম্বাইৰ দুৰ্বাৰ গতি অব্যাহতঃ ঘৰুৱা ভূমিত বিধস্ত হৈ বিদায়ৰ দিশে ৰাজস্থান

Mumbai Indians vs Rajasthan Royals Live Score in Assamese: আই পি এল ২০২৫ত আজি অষ্টম পৰাজয়ৰ সন্মুখীন হ’ল ৰাজস্থান ৰয়েলছ। ঘৰৰ মাটিতে আজি দলটোক ১০০ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে মুম্বাই ইণ্ডিয়ানছে।

monjit-dutta
Monjit Dutta | Updated On: 01 May 2025 23:15 PM
RR vs MI Live Score, IPL 2025: অপ্ৰতিৰোধ্য মুম্বাইৰ দুৰ্বাৰ গতি অব্যাহতঃ ঘৰুৱা ভূমিত বিধস্ত হৈ বিদায়ৰ দিশে ৰাজস্থান
আজি ৰাজস্থানৰ সমুখত মুম্বাই

আই পি এল ২০২৫ৰ আজিৰ মেচত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ। ৰাজস্থানৰ ঘৰুৱা খেলপথাৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আজিৰ এই মেচ। এনে পৰিস্থিতিত আজি সকলো ক্ৰিকেট প্ৰেমীৰ মনত এক বিশেষ প্ৰশ্ন, জয়পুৰত আজি পুনৰ দেখা যাব নেকি ২৮ এপ্ৰিলৰ ‘বিস্ফোৰণ’ৰ পুনৰাবৃত্তি। গুজৰাটৰ বিপক্ষে ২৮ এপ্ৰিলৰ মেচত ৰাজস্থানে সৃষ্টি কৰিছিল ধুমুহা। ১৪ বৰ্ষীয় বৈভৱ সূৰ্যবংশীৰ ঐতিহাসিক শতকৰ পৰা আৰম্ভ কৰি জয়ছোৱাল, ৰিয়ানৰ আক্ৰমণাত্মক বেটিঙলৈকে সেইদিনা দেখা গৈছিল এক ব্যতিক্ৰমী ৰাজস্থান ৰয়েলছ। দুৰন্ত জয়েৰে আনকি দলটোৱে ছিজনত বৰ্তি থকাৰো আশা দাঙি ধৰিছিল।

অৱশ্যে আজিৰ মেচৰ কথা বেলেগ। কিয়নো আজি ৰাজস্থানৰ সমুখত থাকিব অপ্ৰতিৰোধ্য মুম্বাই ইণ্ডিয়ানছ। ছিজনৰ আৰম্ভণিতে অন্তিম স্থানত থকা মুম্বাইয়ে দুৰন্ত প্ৰত্যাৱৰ্তনেৰে ৫ খন মেচত ধাৰাবাহিক জয়েৰে অপ্ৰতিৰোধ্য গতিৰে সম্প্ৰতি তালিকাৰ তৃতীয় স্থানত অৱস্থান কৰিছে। ফৰ্মলৈ উভতিছে ৰোহিত। সূৰ্যয়ো দাঙি ধৰিছে স্বভাৱসিদ্ধ প্ৰদৰ্শন। এনে পৰিস্থিতিত আজি ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানৰ সমুখত থাকিব কঠিন পৰীক্ষা।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 01 May 2025 11:14 PM (IST)

    মুম্বাইৰ বৃহৎ জয়

    অপ্ৰতিৰোধ্য গতি অব্যাহত ৰাখি ছিজনত ক্ৰমাগত ষষ্ঠ বিজয় সাব্যস্ত কৰিছে মুম্বাই ইণ্ডিয়ানছে। ২১৮ ৰানৰ বৃহৎ লক্ষ্য থিয় কৰোৱাৰ পিছত ঘৰুৱা দল ৰাজস্থানক মাত্ৰ ১১৭ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য কৰে মুম্বাইয়ে আৰু এইদৰে ১০০ ৰানত এক সহজ জয়ৰ সোৱাদ লাভ কৰে। ইফালে আজিৰ পৰাজয়ৰ সৈতে ছিজনত ১১ খন মেচৰ ৮খনতে পৰাজয়ৰ সন্মুখীন হ’ল ৰাজস্থান। এইদৰে দলটোৱে প্ৰতিযোগিতাৰ পৰা বিদায় লোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ পৰিছে।

  • 01 May 2025 10:49 PM (IST)

    নৱম উইকেট ৰাজস্থানৰ

    একেটা অভাৰতে দ্বিতীয়টো সফলতা লাভ কৰিছে কৰ্ণ শৰ্মাই। এইবাৰ কৰ্ণই বিদায় দিছে কুমাৰ কাৰ্তিকেয়াক। মেচত এয়া কৰ্ণৰ তৃতীয়টো সফলতা।

  • 01 May 2025 10:46 PM (IST)

    কৰ্ণৰ হাতলৈ আন এটা উইকেট

    অষ্টমটো উইকেটৰ পতিন ঘটিছে ৰাজস্থানৰ। নিজৰ দ্বিতীয়টো সাফল্যৰ ৰূপত কৰ্ণ শৰ্মাই বিদায় দিছে মহীশ থিকচানাক।

  • 01 May 2025 10:31 PM (IST)

    জুৰেলক বিদায় দিলে কৰ্ণ শৰ্মাই

    ৰাজস্থানৰ যুঁজৰ অন্তিম আশা ধ্ৰুৱ জুৰেলেও লৈছে পেভিলিয়নৰ পথ। কৰ্ণ শৰ্মাই বিদায় দিছে জুৰেলক। ইয়াৰ লগে লগে ৰাজস্থানৰ পৰাজয় প্ৰায় নিশ্চিত হৈ পৰা বুলিব পাৰি।

  • 01 May 2025 10:23 PM (IST)

    ডুবেও উভতিল

    প্ৰায় পৰাজয়ৰ দিশে অগ্ৰসৰ হৈছে ৰাজস্থান। ৬৪ ৰানতে দলটোৱে হেৰুৱাইছে ষষ্ঠটো উইকেট। এইবাৰ বল হাতত লৈয়ে অধিনায়ক পাণ্ডিয়াই বিদায় দিছে ইম্পেক্ট চাবৰ ৰূপত ক্ৰীজলৈ অহা শুভক ডুবেক।

  • 01 May 2025 10:05 PM (IST)

    ইনিংছত খহনীয়া

    মাত্ৰ ৬টা বলৰ ব্যৱধানত ৩টা উইকেট হেৰুৱাই সংকটত পৰিছে ৰাজস্থান। চতুৰ্থ অভাৰৰ অন্তিম বলত ব’ল্টে নীতিশ ৰাণাক বিদায় দিয়াৰ পিছত বুমৰাহে একেলগে দুটা বলত ক্ৰমে ৰিয়ান আৰু হেটমায়াৰৰ উইকেট দখল কৰিছে।

  • 01 May 2025 09:47 PM (IST)

    জয়ছোৱালো আউট

    পেভিলিয়নলৈ উভতিছে ৰাজস্থানৰ দুই অপেনাৰ। এইবাৰ ব’ল্টে বিদায় দিছে যশস্বী জয়ছোৱালক। জয়ছোৱালে ৬টা বলত দুটা ছয়েৰে ১৩ ৰান সংগ্ৰহ কৰে।

  • 01 May 2025 09:44 PM (IST)

    সূৰ্যবংশীৰ বিদায়

    শেহতীয়া মেচত শতকীয় ইনিংছেৰে উজলি উঠা বৈভৱ সূৰ্যবংশীয়ে আজি প্ৰভাৱ পেলোৱাত ব্যৰ্থ হ’ল। দীপক চাহাৰে কৰা ইনিংছৰ প্ৰথম অভাৰৰ চতুৰ্থটো বলতে উইল জেকছৰ হাতত কেচ দি কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে বৈভৱে বিদায় লয়।

  • 01 May 2025 09:24 PM (IST)

    মুম্বাইৰ সংগ্ৰহ ২১৭ ৰান

    দুই অপেনাৰ ৰিকেল্টন আৰু ৰোহিতৰ অৰ্ধশতকৰ পিছত তৃতীয় উইকেটত সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াই অন্তিম ৭.২ অভাৰত অপৰাজিত ৯৪ ৰান যোগ দিয়ে। দুয়োৰে প্ৰচেষ্টাত মুম্বাইয়ে ২১৭ ৰান সংগ্ৰহ কৰি ৰাজস্থানৰ সমুখত ২১৮ ৰানৰ লক্ষ্য বান্ধি দিছে। সূৰ্যই আৰু অধিনায়ক পাণ্ডিয়া দুয়োগৰাকীয়ে ৪৮ ৰানকৈ সংগ্ৰহ কৰি অপৰাজিত থাকে।

  • 01 May 2025 09:09 PM (IST)

    সূৰ্য-পাণ্ডিয়াৰ আক্ৰমণাত্মক বেটিং

    এক বৃহৎ স্ক’ৰৰ দিশে অগ্ৰসৰ হৈছে মুম্বাই ইণ্ডিয়ানছ। সূৰ্যকুমাৰ যাদৱ আৰু অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ আক্ৰমণাত্মক বেটিঙৰ সুবাদত দলটোৱে ১৮.২ অভাৰত স্ক’ৰবৰ্ডত ২০০ ৰান সংযোজিত কৰিছে।

  • 01 May 2025 08:41 PM (IST)

    ৰিয়ানে বিদায় দিলে ৰোহিতক

    অধিনায়ক ৰিয়ান পৰাগৰ হাতলৈ আহিছে ছিজনৰ প্ৰথমটো উইকেট। ৰোহিত শৰ্মাক বিদায় দি ৰিয়ানে গুৰুত্বপূৰ্ণ সফলতা দিয়ে দলক। ৰোহিতে ৩৬টা বলত ৯টা চাৰিৰে ৫৩ ৰান সংগ্ৰহ কৰে।

  • 01 May 2025 08:37 PM (IST)

    ৰিকেল্টনৰ বিদায়

    শতকীয় অপেনিং যুটিৰ পিছত মুম্বাইয়ে হেৰুৱাইছে প্ৰথমটো উইকেট। ইনিংছত ১১.৫ অভাৰত থিকচানাই ৰিকেল্টনক দেখুৱায় পেভিলিয়নৰ পথ। ৰিকেল্টনে ৩৮টা বলত ৭তা চাৰি আৰু ৩টা ছয়েৰে ৬১ ৰানৰ অৱদান আগবঢ়ায়।

  • 01 May 2025 08:34 PM (IST)

    ৰোহিতৰ অৰ্ধশতক

    ৰিকেল্টনৰ পিছত ৰোহিতেও সম্পূৰ্ণ কৰিছে অৰ্ধশতক। থিকচানাৰ বলত এটা চাৰি কোবাই ৰোহিতে ৩১ বলত অৰ্ধশতক পূৰ কৰে। চলিত ছিজনত এয়া তেওঁৰ তৃতীয় অৰ্ধশতক।

  • 01 May 2025 08:20 PM (IST)

    ৰিকেল্টনৰ অৰ্ধশতক

    দুই অপেনাৰ ৰোহিত আৰু ৰিকেল্টনে দলক প্ৰদান কৰিছে আক্ৰমণাত্মক আৰম্ভণি। বিশেষকৈ অধিক আক্ৰমণাত্মক হৈ উঠা ৰিকেল্টনে মাত্ৰ ২৯টা বলতে সম্পূৰ্ণ কৰিছে অৰ্ধশতক। কাৰ্তিকেয়াৰ বলত এটা ছয় কোবাই তেওঁ অৰ্ধশতক পূৰ কৰে।

  • 01 May 2025 08:01 PM (IST)

    মুম্বাইৰ ইনিংছত অৰ্ধশতক

    মুম্বাই ইণ্ডিয়ানৰ স্ক’ৰব’ৰ্ডে পাৰ কৰিছে ৫০ৰ সীমা। থিকচানাৰ বলত দুটাকৈ চাৰি কোবাই ৰোহিতে দলৰ স্ক’ৰ ৫৩ ৰানলৈ নিয়ে। ৫.২ অভাৰতে দলটোৱে এইদৰে অৰ্ধশতকৰ সীমা অতিক্ৰম কৰে।

  • 01 May 2025 07:45 PM (IST)

    ক্ষণিকৰ বাবে ৰক্ষা পৰিল ৰোহিতক

    ইনিংছৰ দ্বিতীয়টো অভাৰতে ক্ৰীজ এৰিবলগা হ’লহেঁতেন ৰোহিত শৰ্মাই। ফজলহক ফাৰুকীয়ে কৰা অভাৰটোৰ পঞ্চম বলত LBW আপীলৰ পিছত আম্পায়াৰে ৰোহিতক আউট ঘোষণা কৰে। ইয়াৰ পিছত ৰোহিতে নিৰ্ধাৰিত সময় অন্ত পৰাৰ মাত্ৰ ক্ষণিক পূৰ্বে ৰিভিউৰ সহায় লয় আৰু থাৰ্ড আম্পায়াৰে তেওঁক নট আউট ঘোষণা কৰে।

  • 01 May 2025 07:30 PM (IST)

    ক্ৰীজত ৰিকেল্টন-ৰোহিত

    মুম্বাই ইণ্ডিয়ানৰ ইনিংছ আৰম্ভ কৰিবলৈ ক্ৰীজলৈ আহিছে ৰিয়ান ৰিকেল্টন আৰু ৰোহিত শৰ্মা। আনহাতে ৰাজস্থানৰ হৈ তাৰকা পেচাৰ জ’ফ্ৰা আৰ্চাৰে মুকলি কৰিব বলিং।

  • 01 May 2025 07:14 PM (IST)

    ৰাজস্থান ৰয়েলছৰ মূল একাদশ

    ৰাজস্থান ৰয়েলছৰ মূল একাদশত আজি দেখা যাব পেচাৰ আকাশ মাধৱালক। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, নীতিশ ৰাণা, ৰিয়ান পৰাগ (অধিনায়ক), ধ্ৰুৱ জুৰেল, চিমৰন হেটমেয়াৰ, জ’ফ্ৰা আৰ্চাৰ, মহীশ থিকচানা, কুমাৰ কাৰ্তিকেয়া, আকাশ মাধৱাল, ফজলহক ফাৰুকী।

  • 01 May 2025 07:11 PM (IST)

    মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ

    মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশত আজি দেখিবলৈ পোৱা যাব ৰিয়ান ৰিকেল্টন, ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, কৰ্বিন বছ, দীপক চাহাৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ।

  • 01 May 2025 07:06 PM (IST)

    বলিঙৰ সিদ্ধান্ত ৰিয়ানৰ

    প্লে’ অফত বৰ্তি থাকিবলৈ হ’লে আজিৰ মেচত জয় একপ্ৰকাৰে অনিবাৰ্য ৰাজস্থানৰ। এই গুৰুত্বপূৰ্ণ মেচত আজি টছত জয়ী হৈ ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে লৈছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত।

Published On - May 01,2025 7:04 PM