শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰা গৌৰৱ গগৈক ক’লা পতাকা প্ৰদৰ্শনলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰা গৌৰৱ গগৈক ক’লা পতাকা প্ৰদৰ্শনলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 02 May 2025 23:59 PM

আজি অনুষ্ঠিত হয় ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। কেইবাটাও ভোটকেন্দ্ৰত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে যদিও অধিকাংশ স্থানতে সুকলমে ভোটগ্ৰহণ সম্পন্ন হয়। পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ বিয়লি ৪.৩০ বজাত অন্ত পৰে।

আজি অনুষ্ঠিত হয় ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। কেইবাটাও ভোটকেন্দ্ৰত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে যদিও অধিকাংশ স্থানতে সুকলমে ভোটগ্ৰহণ সম্পন্ন হয়। পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ বিয়লি ৪.৩০ বজাত অন্ত পৰে। উল্লেখ্য যে অহা ৭ মে’ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইফালে এই নিৰ্বাচনী বতাহৰ মাজতে আজি নলবাৰীত একাংশ লোকে ক’লা পতাকা দেখুৱালে গৌৰৱ গগৈক। গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি এই প্ৰতিবাদ কৰে ৰাইজে। কংগ্ৰেছৰ এখন প্ৰচাৰ সভাত অংশ ল’বলৈ গৈছিল কংগ্ৰেছ নেতাগৰাকী।

চাওঁ আহক দিনটোৰ আন কেইটামান শীৰ্ষ খবৰ…