TV9 ASSAM
আই পি এল ২০২৫ত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। বৰ্তমান প্লে’ অফত প্ৰৱেশৰ অন্যতম দাবীদাৰ দলটো।
আৰচিবিয়ে এই ছিজনত এতিয়ালৈকে ১০খন মেচ খেলি ৭খনতে জয়ৰে ১৪ পইণ্ট সংগ্ৰহ কৰিছে আৰু পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে।
আই পি এলৰ আজিৰ মেচত আৰচিবিয়ে খেলিছে চেন্নাইৰ বিপক্ষে। এই মেচখনত জয়ী হৈ আৰচিবিয়ে এক ব্যৰ্থতা দূৰ কৰিব বিচাৰিব।
আই পি এলৰ ইতিহাসত আৰচিবিয়ে এতিয়ালৈকে এটা ছিজনত ২ খন লীগ মেচত চেন্নাইক পৰাস্ত কৰিব পৰা নাই। এইবাৰ দলটোৱে লাভ কৰিছে ব্যৰ্থতা দূৰ কৰাৰ সুযোগ।
দুয়োটা দলৰ মাজত এই ছিজনৰ প্ৰথমখন মেচ হৈছিল ২৮ মাৰ্চত। মেচখনত বাংগালুৰুৱে চেন্নাইক ঘৰৰ মাটিতে ৫০ ৰানত পৰাস্ত কৰিছিল।
আৰচিবিৰ বাবে এই জয় আছিল অত্যন্ত বিশেষ। ১৭ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে চেপ’কত চেন্নাইক পৰাস্ত কৰে আৰচিবিয়ে।
পঢ়িবলৈ ক্লিক কৰক
ৰে’লত টিকটবিহীন যাত্ৰাৰ শাস্তি