ৰে’লত টিকট নোহোৱাকৈ যাত্ৰা কৰিলে হ’ব পাৰে এনে শাস্তি

03 May 2025

TV9 ASSAM

ভাৰতীয় ৰে’লৱেত যাতায়তৰ ক্ষেত্ৰত বহু নিয়ম নিৰ্ধাৰণ কৰা হয়। টিকটবিহীন যাত্ৰীসকলৰ বাবেও ৰে’লৱেই কঠোৰ নিয়ম বান্ধি ৰাখিছে।

ৰে’লৱেৰ নিয়ম

ৰে’লত টিকট অবিহনে যাত্ৰা কৰিলে TTE- এ জৰিমনা লয়। যদি কোনো যাত্ৰীয়ে জৰিমনা আদায় নিদিয়ে তেতিয়া তেওঁক পৰৱৰ্তী ষ্টেচনত নমাই দিয়া হ’ব পাৰে।

জৰিমনা

যদি যাত্ৰীজনে জৰিমনা আদায় নিদিয়ে আৰু ৰে’লৰ পৰা নামি নাযায়, তেতিয়া TTE- এ ৰে’ল আৰক্ষীক খবৰ দিয়ে। এনে ক্ষেত্ৰত শাস্তিৰ সিদ্ধান্ত লোৱা হয়।

অন্য শাস্তি

এনে ক্ষেত্ৰত টিকটবিহীন যাত্ৰীজনক এমাহৰ কাৰাদণ্ড বা ৫০০ টকা জৰিমনা বিহা হ’ব পাৰে। বা দুয়োটা কাৰ্যকৰী হ’ব পাৰে।

শাস্তিৰ পৰিমাণ

টিকটবিহীন যাত্ৰীয়ে যদি জৰিমনা আদায় দিয়ে, তেতিয়া তেওঁক জেলত ভৰোৱা নহয়। কিন্তু যদি তেওঁ বেয়া আচৰণ কৰে, তেওঁক শাস্তি দিয়া হ’ব পাৰে।

অভব্য আচৰণ

যদি কোনো ৰে’ল যাত্ৰীয়ে TTEৰ লগত বেয়া আচৰণ কৰে বা ভাৰতীয় ৰে’লৱেৰ নিয়ম উলংঘা কৰে, তেতিয়া TTE- এ ৰে’ল আৰক্ষীক অৱগত কৰে।

শাস্তি

তেনে পৰিস্থিতিত ৰে’ল আৰক্ষীয়ে যাত্ৰীজনক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু ৰে’ল আইন ১৩৯ৰ অধীনত তেওঁক ৬ মাহৰ কাৰাদণ্ড বিহা হ’ব পাৰে।

কাৰাদণ্ড

পঢ়িবলৈ ক্লিক কৰক 

বন্দে ভাৰত বা শতাব্দী ৰে'লৰ পৰা উপাৰ্জন