বাংলাদেশী ক্ৰিকেটাৰৰ অন্তৰ্ভুক্তিক লৈ সমস্যাত ‘বাদশ্বাহ’, শিৱসেনাই দিলে এনে সতৰ্কবাণী
সামাজিক মাধ্যম যোগে একাংশ লোকে ইতিপূৰ্বেই শ্বাহৰুখ খানক 'দেশদ্ৰোহী' আখ্যা দিছে। আৰু উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ অভিযোগৰ পিছত এতিয়া এই বিতৰ্ক অধিক হৈ পৰিছে। দলটোৰ মুখপাত্ৰ আনন্দ ডুবেই আনকি শ্বাহৰুখ খানক উদ্দেশ্যি এক সতৰ্কবাণী প্ৰদান কৰিছে।
বিগত ডিচেম্বৰত অনুষ্ঠিত হৈ যায় আই পি এল ২০২৬ৰ নিলাম। এই নিলামৰ পিছতে এতিয়া তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰিছে বলিউডৰ বাদশ্বাহ তথা কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান। বাংলাদেশৰ তাৰকা পেচাৰ মুস্তাফিজুৰ ৰহমানক ৯ কোটি টকাৰ বিনিময়ত দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত এতিয়া অভিনেতাগৰাকীৰ বাবে হৈ পৰিছে সমস্যা। বাংলাদেশৰ সাম্প্ৰতিক অস্থিৰ ৰাজনৈতিক পৰিস্থিতি আৰু ভাৰতৰ সৈতে দেশখনৰ দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতিৰ সময়ত এই চুক্তিক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ।
সামাজিক মাধ্যম যোগে একাংশ লোকে ইতিপূৰ্বেই শ্বাহৰুখ খানক ‘দেশদ্ৰোহী’ আখ্যা দিছে। আৰু উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ অভিযোগৰ পিছত এতিয়া এই বিতৰ্ক অধিক হৈ পৰিছে। দলটোৰ মুখপাত্ৰ আনন্দ ডুবেই আনকি শ্বাহৰুখ খানক উদ্দেশ্যি এক সতৰ্কবাণী প্ৰদান কৰিছে।
তেওঁৰ মতে, মুস্তাফিজুৰক কেকেআৰৰ পৰা বাদ নিদিলে ই ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এক ভাবুকি হৈ পৰিব পাৰে। এক বিবৃতি যোগে ডুবেই কয়, “শ্বাহৰুখ খানে যদি এই ক্ৰিকেটাৰজনক দলৰ পৰা বাদ দিয়ে, তেতিয়া তেওঁৰ সন্মান হ্ৰাস নহয়, বৰঞ্চ তেওঁ দেশবাসীৰ শ্ৰদ্ধাহে পাব।”
শিৱসেনা নেতাগৰাকীৰ মতে ভাৰত বিৰোধী দেশ এখনৰ খেলুৱৈয়ে ইয়াত খেলি যি ধন উপাৰ্জন কৰিব, সেয়া শেষত সন্ত্ৰাসবাদৰ কামত ব্যৱহাৰ হ’ব। ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাসকলৰ হাতত সেই ধন যোৱাটো আমি কোনো কাৰণতে মানি নলওঁ বুলি মন্তব্য কৰিছে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাৰ নেতা আনন্দ ডুবেই।
এই বিতৰ্ক কেৱল ৰাজনৈতিক স্তৰতে সীমাবদ্ধ থকা নাই। মুস্তাফিজুৰক অন্তৰ্ভুক্তিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে একাধিক আধ্যাত্মিক গুৰু আৰু বিজেপি নেতৃত্ব। তেওঁলোকৰ অভিযোগ যে দেশৰ আৱেগক গুৰুত্ব নিদি কিং খানে শ্বাহৰুখে কেৱল ব্যৱসায়িক স্বাৰ্থকহে অগ্ৰাধিকাৰ দিছে। সামাজিক মাধ্যমত এতিয়া ধাৰাবাহিকভাৱে আক্ৰমণৰ সন্মুকীন হৈছে শ্বাহৰুখ খান।
অৱশ্যে এই সন্দৰ্ভত শ্বাহৰুখ খান বা কেকেআৰ কৰ্তৃপক্ষই এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই। ক্ৰীড়া বিশেষজ্ঞসকলৰ মতে, এজন খেলুৱৈৰ পাৰদৰ্শিতা দলৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু শিৱসেনাৰ দৰে প্ৰভাৱশালী দলৰ প্ৰত্যক্ষ বিৰোধিতাৰ পিছত কেকেআৰ শিবিৰত যে অস্বস্তি বাঢ়িছে, সেয়া নিশ্চিত।
আগন্তুক আইপিএলৰ পূৰ্বে খেলপথাৰৰ যুঁজতকৈ এই ‘ৰাজনৈতিক বাউঞ্চাৰ’ নিয়ন্ত্ৰণ কৰাটোৱেই এতিয়া শ্বাহৰুখ খানৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। দেশপ্ৰেম বনাম পেচাদাৰী ক্ৰীড়াৰ এই যুঁজে শেষত কি ৰূপ লয়, সেয়া এতিয়া লক্ষণীয় হ’ব।