ধনেৰেই নহয়, কামেৰেও ‘ধনী’ বিচিচিআই; শ্ৰীলংকাক সহায়ৰ বাবে হাতত ল’লে এনে পদক্ষেপ
বিচিচিআইয়ে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসাৰে আগন্তুক আগষ্ট মাহত ভাৰতীয় ক্ৰিকেট দলে টেষ্ট শৃংখলাৰ বাবে শ্ৰীলংকা ভ্ৰমণ কৰিবলগা আছিল যদিও এতিয়া এই ভ্ৰমণৰ সময়ত অতিৰিক্ত টি-২০ শৃংখলাতো অংশগ্ৰহণ কৰিব।
বিশ্বৰ আটাইতকৈ ধনাঢ্য ক্ৰিকেট ব’ৰ্ড হিচাপে পৰিচিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ, চমুকৈ BCCI। এই খ্যাতি কেৱল এতিয়া ধনৰ জৰিয়তেই নহয়, কামৰ জৰিয়তেও প্ৰকাশ কৰিছে বিচিচিআইয়ে। এক বিশেষ মানৱীয় পদক্ষেপৰ অংশস্বৰূপে বিচিচিআইয়ে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসাৰে আগন্তুক আগষ্ট মাহত ভাৰতীয় ক্ৰিকেট দলে টেষ্ট শৃংখলাৰ বাবে শ্ৰীলংকা ভ্ৰমণ কৰিবলগা আছিল যদিও এতিয়া এই ভ্ৰমণৰ সময়ত অতিৰিক্ত টি-২০ শৃংখলাতো অংশগ্ৰহণ কৰিব।
শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ কৃতজ্ঞতা
এই অতিৰিক্ত টি-২০ শৃংখলাৰ জৰিয়তে আহৰণ কৰা ধনেৰে শ্ৰীলংকাৰ শেহতীয়া ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰা হ’ব। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ সভাপতি শম্মি ছিলভাই শুকুৰবাৰে এই কথা নিশ্চিত কৰি বিচিচিআই-ক ধন্যবাদ জ্ঞাপন কৰে। এনে পদক্ষেপৰ বাবে বিচিচিআইৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ব বুলিও তেওঁ কয়।
এই অতিৰিক্ত টি-২০ মেচকেইখনে ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পুনৰ্নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজি সংগ্ৰহত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি উল্লেখ কৰে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ সভাপতিগৰাকীয়ে। ইফালে বিচিচিআই-এ পূৰ্বতে ডিচেম্বৰ ২০২৫-ৰ শেষৰ ফালে মেচ দুখন খেলিবলৈ সন্মতি দিছিল যদিও সম্প্ৰচাৰকৰ অভাৱ আৰু সময়ৰ নাটনিৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল বুলি তেওঁ জানিবলৈ দিয়ে।
ভাৰত-বাংলাদেশ শৃংখলাৰ সূচী ঘোষণা
শৃংখলা ভ্ৰমণৰ এই সূচী পৰিৱৰ্তনৰ সমান্তৰালকৈ ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া আগন্তুক এদিনীয়া আৰু টি-২০ শৃংখলাৰ সূচীও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এই সূচী অনুসৰি দুয়োটা দলে ১, ৩ আৰু ৬ ছেপ্টেম্বৰত তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলিব। আনহাতে ৯, ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তিনিখন মেচৰ টি-২০ শৃংখলা।
নতুন বৰ্ষ ২০২৬ৰ আৰম্ভণিতে বিচিচিআইৰ এই পদক্ষেপ নিশ্চিতভাৱে ক্ৰিকেট বিশ্বৰ বাবে এক উৎসাহজনক খবৰ হিচাপে বিবেচিত হৈছে। বিশেষকৈ চুবুৰীয়া দেশৰ বিপদৰ সময়ত বিচিচিআই-এ যিদৰে সহায়ৰ হাত আগবঢ়াইছে, সেয়া এতিয়া ক্ৰিকেটপ্ৰেমীৰ মাজত প্ৰশংসিত হৈছে।