শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ক'ৰ পৰা বাংলাদেশৰ ওচৰলৈ আহিল হাজাৰ হাজাৰ কোটি টকা?

ক’ৰ পৰা বাংলাদেশৰ ওচৰলৈ আহিল হাজাৰ হাজাৰ কোটি টকা?

barasha-sarma
Barasha Sarma | Published: 02 Jan 2026 21:35 PM

বিগত কেইটামান মাহৰ পৰা প্ৰায় চৰ্চাত আছে বাংলাদেশ। বিগত সময়চোৱাত দেশখনত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছে। তাৰ পাছতে পোহৰলৈ আহিছে আন এক তথ্য। দেশখনে লাভ কৰিছে হাজাৰ হাজাৰ কোটি টকা। যিয়ে বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

বাংলাদেশৰ নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে দেশখনত বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে। প্ৰায় প্ৰতিদিনে ন ন ঘটনা সংঘটিত হৈছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক তথ্য। বাংলাদেশে লাভ কৰিছে হাজাৰ হাজাৰ কোটি টকা। তথ্য অনুসৰি,বাংলাদেশে লাভ কৰিছে প্ৰায় ৩২২ কোটি ৬৬ লাখ ৯০ হাজাৰ মাৰ্কিন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ প্ৰায় ২৬ হাজাৰ কোটি টকা।  আচৰিত কথা এয়াই যে, বাংলাদেশৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে ইমান টকা আহিছে।

শেহতীয়াকৈ বাংলাদেশ বেংকে এই তথ্য প্ৰদান কৰিছে। তথ্য অনুসৰি, যোৱা ডিচেম্বৰ মাহত দেশৰ ইতিহাসত এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক ৰেমিটেন্স বা প্ৰবাসী আয় হৈছে। ইয়াৰ পূৰ্বে মাৰ্চ মাহত হৈছিল। পিছে ইয়াক লৈ বিভিন্নজনে প্ৰশ্ন কৰিছে। একাংশৰ মতে, এই ধনৰ সম্পৰ্ক নিৰ্বাচনৰ লগত আছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…