TV9 ASSAM
আমি জানো যে নিমখ হৃদযন্ত্ৰৰ বাবে বেয়া, কিন্তু আপুনি জানেনে যে চেনিয়ে ইয়াতকৈও অধিক ক্ষতি কৰিব পাৰে? জানো আহক সবিশেষ।
অধিক নিমখ বা ছডিয়ামে শৰীৰত পানী জমা কৰি ৰাখে। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি পায়, হৃদযন্ত্ৰৰ বাবে এয়া এক ডাঙৰ বিপদ হৈ পৰে।
চেনিয়ে কেৱল ডায়বেটিছেই নহয়, হৃদযন্ত্ৰৰ ধমনীৰ প্ৰদাহ বৃদ্ধি কৰে। ই হৃদৰোগৰ আশংকা বহুগুণে বঢ়াই তোলে।
অধিক চেনি খালে শৰীৰত মেদ জমা হয়। মেদবহুলতাই হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে।
অধিক চেনি সেৱন কৰিলে তেজত ট্ৰাইগ্লিচাৰাইড বা চৰ্বিৰ মাত্ৰা বৃদ্ধি পায়। ই ধমনীবোৰ বন্ধ কৰি হৃদক্ৰিয়া বন্ধ কৰিব পাৰে।
শেহতীয়া গৱেষণা মতে, চেনিয়ে হৃদস্পন্দন বৃদ্ধি কৰিব পাৰে। ই স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলাই উচ্চ ৰক্তচাপৰ সমস্যা জটিল কৰি তোলে।
নিমখ নিয়ন্ত্ৰণ কৰাটো জৰুৰী, কিন্তু প্ৰচেছড চেনি হৃদযন্ত্ৰৰ বাবে নিমখতকৈও অধিক মাৰাত্মক হিচাপে প্ৰমাণিত হয়।
হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ পেকেজিং খাদ্য কমকৈ খাওক। নিমখ আৰু চেনি- দুয়োটাৰে সীমিত ব্যৱহাৰেই হ’ল সুস্থ জীৱনৰ চাবিকাঠি।
পঢ়িবলৈ ক্লিক কৰক
ডালচেনিত আছে এনে দেহ উপকাৰী গুণ