শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰিব বৰ্তমানৰ বিধায়কৰ টিকট, ২২ টা সমষ্টিত নতুন প্ৰাৰ্থীক টিকট দিব পাৰে বিজেপিয়ে, মুখ্যমন্ত্ৰীৰ মন্তব্য

বিজেপিয়ে প্ৰাৰ্থী দিব পৰাকৈ ২২ টা নতুন সমষ্টি আছে, য'ত নতুন প্ৰাৰ্থীক নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা দিব পাৰে। সাংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰিব বৰ্তমানৰ বিধায়কৰ টিকট, ২২ টা সমষ্টিত নতুন প্ৰাৰ্থীক টিকট দিব পাৰে বিজেপিয়ে, মুখ্যমন্ত্ৰীৰ মন্তব্য
manas-borah
Manas Borah | Updated On: 03 Jan 2026 16:35 PM

২০২৬ ৰ নিৰ্বাচনত বিজেপিত পুৰণি বিধায়কৰ টিকট নকটাকৈ এইবাৰ নতুন মুখৰ প্ৰাৰ্থী দিব বিজেপিয়ে। বিজেপিয়ে প্ৰাৰ্থী দিব পৰাকৈ ২২ টা নতুন সমষ্টি আছে, য’ত নতুন প্ৰাৰ্থীক নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা দিব পাৰে। সাংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, বিজেপিৰ লক্ষ্যত থকা ১০৩ টা সমষ্টিৰ ভিতৰত ২২ জন নতুন প্ৰাৰ্থীক নতুন টিকট দিব পাৰে বিজেপিয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰ নতুন মুখক প্ৰাধান্য দিয়াত বিজেপিৰ কোনো অসুবিধা নাই। এইবাৰ বিজেপিৰ হাতত আসন বেছি আছে। আগতে বিজেপিৰ হাতত কম আসন আছিল। উল্লেখ্য যে, বিজেপিৰ কাৰ্যালয়ত সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল এক বৈঠক। এই বৈঠকৰ পাছতে সাংবাদিকক সম্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

বৰ্তমানৰ বিধায়কে টিকট নাপাব পাৰে

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট যে পাব তাৰ নিশ্চিয়তা কোনেও দিব নোৱাৰে। পাঁচ বছৰৰ কাৰণে বিধায়ক হ’ল। পিছৰ পাঁচ বছৰত জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰিহে দলে টিকট দিয়ে। বিজেপি দলত আবেদন কৰাৰ কোনো ব্যৱস্থা নাই। গতিকে নিৰ্বাচনত কোনে টিকট পাব বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈ এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে। ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে প্ৰত্যেক সমষ্টিৰ বিপৰীতে দুটা তিনিটা নাম দলৰ সংসদীয় ব’ৰ্ডলৈ প্ৰেৰণ কৰে। তাৰ পাছত সিদ্ধান্ত লোৱা হয়।”

“সংসদীয় ব’ৰ্ডৰ সভাত কি সিদ্ধান্ত হ’ব, দুমাহৰ আগতে কোনেও ক’ব নোৱাৰে। সেই সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি দলৰ কেন্দ্ৰীয় সভাপতি, নীতিন নবিন, অমিত শ্বাহ, ৰাজনাথ সিং বঢ়িব। সেই সভাত কি সিদ্ধান্ত লোৱা হ’ব ৮০-৯০ দিনৰ আগতে কোনেও কব নোৱাৰে।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।