2 Dec 2026
TV9 ASSAM
বয়স বঢ়াৰ লগে লগে শীতকালত হাত-ভৰিৰ বিষৰ সমস্যা বাঢ়ি যায়। কিন্তু কম বয়সতো বহু লোকে এই সমস্যাত ভুগিবলগীয়া হয়।
শীতকালত ঠাণ্ডাৰ বাবে হাত-ভৰিৰ ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে। ইয়াৰ ফলত তেজৰ সোঁতত বাধাৰ সৃষ্টি হয়।
এই কাৰণে বহুতে শীতকালত হাত-ভৰি ঠাণ্ডা হোৱাৰ সমস্যাত ভুগিবলগীয়া হয়।
উলৰ মোজা আৰু গ্ল’ভছ পিন্ধিলে হাত-ভৰি গৰম কৰি ৰখাত সহায়ক হ’ব। হিটিং পেডো ব্যৱহাৰ কৰিব পাৰে।
হাত-ভৰিত সৰিয়হৰ তেল ভালদৰে মালিচ কৰক। ইয়াৰ ফলত তেজৰ সোঁত বৃদ্ধি পাব আৰু গৰম হৈ থাকিব। ৰাতি শুই উঠাৰ আগতে হাত-ভৰিত সৰিয়হৰ তেল ভালদৰে মালিচ কৰি শুই যাওক।
ঠাণ্ডাত শৰীৰটো গৰম কৰি ৰাখিবলৈ দৈনিক ব্যায়াম কৰক। প্ৰতিদিনে ৩০ মিনিট যোগাসন কৰিলে শৰীৰত ৰক্ত সঞ্চালন উন্নত হ’ব। এনে কৰিলে হাত-ভৰি গৰম হৈ থাকিব।
শৰীৰক উষ্ণ কৰি ৰখাত শীতকালীন খাদ্যই বিশেষ ভূমিকা পালন কৰে। লগতে শৰীৰত আইৰণৰ অভাৱ হ’লে হাত-ভৰি ঠাণ্ডা হ’ব পাৰে। সেয়ে এই বতৰত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক