শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভাৰতত বুলেট ট্ৰেইন চলাচলৰ দিন-স্থান ঘোষণা কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ

ভাৰতত বুলেট ট্ৰেইন চলাচলৰ দিন-স্থান ঘোষণা কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ

raj-saikia
Raj Saikia | Published: 02 Jan 2026 19:33 PM

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে কয়, "মুম্বাইৰ পৰা আহমেদাবাদলৈ দূৰত্ব ৫৪০ কিলোমিটাৰ। কিন্তু এই দুখন চহৰক তীব্ৰবেগী ৰে’ল কৰিড’ৰৰ জৰিয়তে মাত্ৰ ১ ঘণ্টা ৫৮ মিনিটতে সংযোগ কৰিব পৰা যাব। এই সময়ছোৱাত মুঠ ৪টা ষ্টপ আছে। কিন্তু যদি ৰেলখন ১২টা ষ্টপেজতে ৰ'বলগীয়া হয়, তেন্তে ২ ঘণ্টা ১৭ মিনিট সময় লাগিব।"

ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন চলাচলক কেন্দ্ৰ কৰি উৎকণ্ঠাৰ অন্ত নাই। ইফালে ৰে’ল মন্ত্ৰালয়ে প্ৰতিবাৰেই সম্ভাৱ্য তাৰিখ ঘোষণা কৰাত পলম কৰিবলগীয়া হৈছে। কিন্তু নতুন বছৰৰ প্ৰথম দিনটোতে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অধিক আত্মবিশ্বাসী দেখা গ’ল এই ক্ষেত্ৰত। তেওঁ ঘোষণা কৰিলে দেশৰ প্ৰথমখন বুলেট ট্ৰেইন চলাচলৰ দিন। এই বুলেট ট্ৰেইনখন মুম্বাই-আহমেদাবাদ তীব্ৰবেগী ৰে’ল কৰিড’ৰত কেতিয়া চলিব তাৰ সঠিক তাৰিখৰ কথা ঘোষণা কৰিছে অশ্বিনী বৈষ্ণৱে।

নৱবৰ্ষৰ পহিলা দিনটোতে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে কয়, ‘‘২০২৭ চনৰ ভিতৰত বুলেট ট্ৰেইনখন সাজু হ’ব। ১৫ আগষ্টৰ পৰা ই কাৰ্যক্ষম হ’ব। প্ৰথমে চুৰাটৰ পৰা বিলিমোৰালৈ, তাৰ পিছত ভূপালৰ পৰা চুৰাটলৈ চলিব বুলেট ট্ৰেইন। তাৰ পিছত ভূপালৰ পৰা আহমেদাবাদলৈ আৰু অৱশেষত মুম্বাইৰ পৰা আহমেদাবাদলৈ এই ট্ৰেইন চলাচল কৰিব।’ ২০২৭ চনত বুলেট ট্ৰেইন আৰু হাই স্পীড ৰেল কৰিড’ৰৰ উদ্বোধনী অনুষ্ঠানত এই ৰে’লখন ভূপালৰ পৰা চুৰাটলৈ ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত চলিব বুলি জনাইছে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে অশ্বিনী বৈষ্ণৱে এই পথত প্ৰথমে ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লখন চলিব বুলি উল্লেখ কৰিছিল। কিন্তু সময়ৰ লগে লগে দূৰত্ব বৃদ্ধি পাইছে।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে কয়, “মুম্বাইৰ পৰা আহমেদাবাদলৈ দূৰত্ব ৫৪০ কিলোমিটাৰ। কিন্তু এই দুখন চহৰক তীব্ৰবেগী ৰে’ল কৰিড’ৰৰ জৰিয়তে মাত্ৰ ১ ঘণ্টা ৫৮ মিনিটতে সংযোগ কৰিব পৰা যাব। এই সময়ছোৱাত মুঠ ৪টা ষ্টপ আছে। কিন্তু যদি ৰেলখন ১২টা ষ্টপেজতে ৰ’বলগীয়া হয়, তেন্তে ২ ঘণ্টা ১৭ মিনিট সময় লাগিব।”