শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IPL 2025: ১৮ বছৰীয়া আই পি এলৰ পাঁচগৰাকী শীৰ্ষ সফল অধিনায়ক কোন?

IPL 2025: আই পি এলত আটাইতকৈ বেছি আলোচনা হয়, কোন দল সকলোতকৈ সফল বা সেই সাফল্যৰ নেপথ্যত কোন তাক লৈ । কোন অধিনায়কৰ দখলত কিমান ট্ৰফী বা কোনে বেছি মেচ জিকিছে এইবোৰ লৈ গৰম আলোচনা হয় । আজি পাতো আহক আই পি এল জয়ৰ নেপথ্যত থকা অধিনায়কৰ বিষয়ে । চাও আহকচোন কোন কোন আছে তালিকাত-

IPL 2025: ১৮ বছৰীয়া আই পি এলৰ পাঁচগৰাকী শীৰ্ষ সফল অধিনায়ক কোন?
আই পি এলৰ ট্ৰফীImage Credit source: Pankaj Nangia/Getty Images
raj-saikia
Raj Saikia | Published: 29 May 2025 17:44 PM

আই পি এল চাই নে? যদিহে চাই, তেন্তে নজনাৰতো কথাই নাই এই টুৰ্ণামেণ্টক লৈ সমৰ্থকৰ মাজত কত কিমান চৰ্চা হয় । কোনে কোন দলক সমৰ্থন কৰিছে, কাৰ সমৰ্থন কৰা দলে কিমান ভাল খেলিছে, এইবোৰ আলোচনা বতাহত উৰি ফুৰে । আটাইতকৈ বেছি আলোচনা হয়, কোন দল সকলোতকৈ সফল বা সেই সাফল্যৰ নেপথ্যত কোন তাক লৈ । কোন অধিনায়কৰ দখলত কিমান ট্ৰফী বা কোনে বেছি মেচ জিকিছে এইবোৰ লৈ গৰম আলোচনা হয় । আজি পাতো আহক আই পি এল জয়ৰ নেপথ্যত থকা অধিনায়কৰ বিষয়ে । চাও আহকচোন কোন কোন আছে তালিকাত-

এই তালিকাৰ প্ৰথমতেই নাম আছে ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নাম । দেশক তিনিটাকৈ আই চি চি ট্ৰফী জয়ৰ সোৱাদ দিছে ধোনীয়ে । এই অভিলেখ এছিয়াৰ কোনো অধিনায়কৰ নাই । আই পি এলতো একেদৰেই তেওঁ সফল । আইপিএলৰ জন্মলগ্নৰ পৰাই খেলিছে ধোনীয়ে ।

চেন্নাই ছুপাৰ কিংছক পাঁচবাৰকৈ দিছে ট্ৰফী জয়ৰ সোৱাদ । এই ছিজনত অৱশ্যে প্লে-অফলৈও যাব নোৱাৰিলে চেন্নাই । অহা ছিজনত ধোনীয়ে খেলিব নে নেখেলে সেয়াও নিশ্চিত নহয় । আই পি এলত ২৩৫ খন মেচত নেতৃত্ব দি ১৩৬ খনতে বিজয় সাব্যস্ত কৰিছে ধোনীয়ে ।

দ্বিতীয়গৰাকী অধিনায়ক হৈছে ৰোহিত শৰ্মা । ধোনীৰ দৰে তেৱোঁ আই পি এৰ সফল অধিনায়ক । পাঁচবাৰকৈ ৰোহিতৰ অধিনায়কত্বত আই পি এলৰ ট্ৰফী জয় কৰিছে মুম্বাই ইণ্ডিয়ানছে । আই পি এলত ৰোহিতৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে ১৫৮ খন মেচ খেলি ৮৭ খনত জয়লাভ কৰিছে ।

এই তালিকাৰ তৃতীয় স্থানত আছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ । ২০০৯ চনৰ পৰা ২০১৮ চনলৈ দিল্লী আৰু কলকাতাক নেতৃত্ব দিছিল গম্ভীৰে । অধিনায়ক হিচাপে কেকেআৰক দুবাৰ তেওঁ জয়ৰ সোৱাদ দিছে । আই পি এলত মুঠ ১২৯ খন মেচত নেতৃত্ব দিছে গম্ভীৰে আৰু জয়ী হৈছে ৭১ খন মেচত ।

তালিকাৰ চতুৰ্থ স্থানত আছে আৰচিবিৰ ষ্টাৰ বেটাৰ বিৰাট কোহলি । তেৱোঁ আৰম্ভনিৰ পৰাই আইপিএত খেলিছে আৰচিবিৰ হৈ । ২০১১ চনৰ পৰা ২০২৩ চনলৈ আৰচিবিক নেতৃত্ব দিছিল কোহিলিয়ে । মুঠ ১৪৩ খন মেচত নেতৃত্ব দি ৬৬ খন মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে কিং কোহলি ।

তালিকাৰ পঞ্চম স্থানত আছে শ্ৰেয়াছ আয়াৰ । দিল্লী, কেকেআৰ আৰু বৰ্তমান পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ । যোৱা বছৰ তেওঁৰ অধিনায়কত্বত কেকেআৰে তৃতীয়বাৰলৈ জয় কৰিছিল আইপিএলৰ ট্ৰফী । সুদীৰ্ঘ ১১ বছৰৰ পাচত এইবাৰ শ্ৰেয়াৰৰ নেতৃত্বত প্লে-অফত স্থান সুনিশ্চিত কৰিছে পঞ্জাবে । তেওঁলোকো ট্ৰফীৰ অন্যতম দাবীদাৰ । আই পি এলত বৰ্তমানলৈকে তিনিটা দলক নেতৃত্ব দিয়া শ্ৰেয়াছে মুঠ ৮৪ খন মেচত অধিনায়কত্ব কৰিছে । ইয়াৰ ভিতৰত ৪৭ খন মেচতেই জয়ী হৈছে । পৰিসংখ্যাৰ পৰাই বুজা যায়, এই প্ৰদৰ্শন আৰু বেছি ভাল হ’ব অনাগত সময়ত ।