শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Riyan Parag: ২৩ চনৰ ভাৱনাক বাস্তৱ কৰিলে ৰিয়ানে! শতক বঞ্চিত হৈয়ো আই পি এলত সৃষ্টি কৰিলে অনন্য ইতিহাস…

২৩’ চনৰ আই পি এলত অভাৰত চাৰিটা ছয় কোবোৱাৰ ভাৱ মনলৈ অনা ৰিয়ানে আজি ২০২৫ৰ আই পি এলত বাস্তৱ কৰি তুলিছে। কেৱল সিমানেই নহয়, তেওঁ আই পি এলৰ ইতিহাসত সৃষ্টি কৰিছে এক অনন্য অভিলেখো।

Riyan Parag: ২৩ চনৰ ভাৱনাক বাস্তৱ কৰিলে ৰিয়ানে! শতক বঞ্চিত হৈয়ো আই পি এলত সৃষ্টি কৰিলে অনন্য ইতিহাস…
ইডেনত ৰিয়ান ধুমুহাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 04 May 2025 20:35 PM

২০২৩ চনৰ আই পি এল। এতিয়াৰ তুলনাত অনভিজ্ঞ আৰু যুৱ খেলুৱৈ আছিল ৰিয়ান। কিন্তু নিজৰ ওপৰত আছিল তেওঁৰ অত্যন্ত আত্মবিশ্বাস। এই আত্মবিশ্বাসৰ আধাৰতে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগে আগে ৰিয়ানে নিজা সামাজিক মাধ্যমত হেণ্ডেলত এক পোষ্ট কৰিছিল। প্ৰকাশ কৰিছিল নিজৰ ভাৱনা। পোষ্টটোত তেওঁ কৈছিল যে সেই ছিজনত তেওঁ এটা অভাৰত টা ছয় কোবাব বুলি ভাৱ হৈছে। অৱশ্যে নিজৰ এই ভাৱনাক বাস্তৱ ৰূপ দিয়াত বিফল হৈছিল ৰিয়ান। ছিজনটোত তেওঁ বিশেষ প্ৰদৰ্শন আগবঢ়োৱাতো বিফল হৈছিল।

ধাৰাবাহিকতাৰ অভাৱত বিগত সময়ছোৱাত ৰিয়ান ব্যাপকভাৱে সমালোচিত হৈছে। ২৩ চনত ব্যৰ্থতাৰ বাবেও ৰিয়ানক তীব্ৰভাৱে সমালোচনা কৰা হৈছিল। কিন্তু বিগত বাৰৰ আই পি এলত এই সমালোচনাক উচিত প্ৰত্যুত্তৰ দি ৰিয়ানে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল। আনকি ছিজনত তেওঁ অ’ৰেঞ্জ কেপৰ দৌৰত তৃতীয় স্থানো দখল কৰিছিল। ঘৰুৱা ক্ৰিকেটৰ লগতে আই পি এলতো এনে প্ৰদৰ্শনৰ সুবাদতে ৰিয়ান ভাৰতীয় দললৈ আমন্ত্ৰিত হৈছিল।

চলিত ছিজনত সঞ্জুৰ আঘাতৰ বাবে অধিকাংশ মেচতে অধিনায়কৰ দায়িত্ব পালন কৰিব লগা হয় ৰিয়ানে। বিগত ছিজনৰ দৰে প্ৰদৰ্শন দেখুৱাব নোৱাৰিলেও অৱশ্যে ৰিয়ান দলৰ অন্যতম সফল বেটাৰ হিচাপে পৰিগণিত হয়। কিন্তু অধিনায়ক হিচাপে সামগ্ৰিক সফলতা লাভ কৰিব নোৱাৰিলে ৰিয়ানে আৰু ৰাজস্থানে ছিজনৰ পৰা ইতিমধ্যে বিদায় ল’বলগীয়া হৈছে। আজি দলটোৱে কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে আন এখন গ্ৰুপ মেচত অৱতীৰ্ণ হৈছিল।

আজিৰ মেচখনতো ৰাজস্থানে ১ ৰানত পৰাজয় সহিবলগা হয়। দল পৰাজিত হ’লেও অৱশ্যে নিজৰ প্ৰদৰ্শনেৰে উজলি উঠে ৰিয়ান। ইডেনত আজি ৰিয়ানে নিজৰ বেটেৰে সৃষ্টি কৰে ধুমুহাৰ। দলক প্ৰায় অকলেই জয়ৰ কাষ চপাই নিয়া ৰিয়ানে মাত্ৰ ৪৫টা বলত ৬টা চাৰি আৰু ৮টা ছয়েৰে ৯৫ ৰান সংগ্ৰহ কৰে। অৱশ্যে দুৰ্ভাগ্যৱশতঃ ৫ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হয়। শতক বঞ্চিত হোৱা আৰু দলৰ পৰাজয়ৰ ব্যথাৰ মাজতে পিছে ৰিয়ানে বাস্তৱ কৰি তুলিছে ২০২৩ৰ ভাৱনা।

২৩’ চনৰ আই পি এলত অভাৰত চাৰিটা ছয় কোবোৱাৰ ভাৱ মনলৈ অনা ৰিয়ানে আজি ২০২৫ৰ আই পি এলত বাস্তৱ কৰি তুলিছে। কেৱল সিমানেই নহয়, তেওঁ আই পি এলৰ ইতিহাসত সৃষ্টি কৰিছে এক অনন্য অভিলেখো। ইনিংছৰ ১৩ নং অভাৰত কলকাতাৰ হৈ বল কৰিবলৈ আহিছিল মঈন আলী। অভাৰৰ প্ৰথমটো বলত হেটমায়াৰে এক ৰান লৈ ৰিয়ানক বেটিং ক্ৰীজলৈ আনে আৰু ইয়াৰ পিছতে সমগ্ৰ ক্ৰিকেট বিশ্বই দেখে ৰিয়ানৰ চমক।

মঈন আলীৰ অভাৰৰ অন্তিম ৫টা বলত ৰিয়ানে কোবায় ৫টা ছয়। ইটোৰ পিছত সিটোকৈ বল বাউণ্ডেৰীৰ পাৰ কৰি ৰিয়ানে ২০২৩ চনত উল্লেখ কৰা ভাৱনাক বাস্তৱিক কৰি তোলে। তাৰ মাজতে ৰিয়ানে সম্পূৰ্ণ কৰে নিজৰ অৰ্ধশতক। ইফালে ইয়াৰ পিছৰ অভাৰতে বৰুণ চক্ৰৱৰ্তীয়ে বল কৰিবলৈ আহে। এই অভাৰতো প্ৰথম বলত হেটমায়াৰে এক ৰান সংগ্ৰহ কৰি ৰিয়ানক ক্ৰীজ এৰি দিয়ে। ইয়াৰ পৰৱৰ্তী বলতে ৰিয়ানে কোবায় এটা বৃহৎ ছয়।

 

 

View this post on Instagram

 

A post shared by IPL (@iplt20)

এইদৰে ৰিয়ানে ক্ৰীজত সন্মুখীন হোৱা ধাৰাবাহিক ৬টা বলত একেলেথাৰিয়ে ৬টা ছয় কোবায়। এইদৰে তেওঁ সৃষ্টি কৰে নতুন অভিলেখৰ। একেটা অভাৰত নহ’লেও ৬টা বলত ক্ৰমাগতভাৱে ৬টা ছয় কোবাই ৰিয়ান আই পি এলত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়। অৰ্থাৎ ইয়াৰ পূৰ্বে আই পি এলত কোনো তাৰকা-মহাতাৰকাই কৰিব নোৱাৰা এক বিৰল অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰিছে ৰিয়ান পৰাগে।