স্বভাৱ সলনি নহয় পাকিস্তানৰঃ পুনৰ সীমান্তত কেইবাটাও স্থানত কৰিলে গুলীবৰ্ষণ
পুনৰ এবাৰ পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰিছে। জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ বিভিন্ন খণ্ডত পাকিস্তানী সৈন্যই অপ্ৰৰোচিতভাৱে গুলীচালনা আৰম্ভ কৰে। পাকিস্তানী পক্ষৰ এনে কাৰ্যৰ প্ৰতি প্ৰত্যাক্ৰমণেৰে উত্তৰ দিয়ে ভাৰতীয় সেনায়ো।

কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ ক্ষোভ এতিয়াও পাহৰিব পৰা নাই দেশে। পাকিস্তান মূলৰ সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ চলোৱাৰ সূত্ৰে চুবুৰীয়া দেশখনৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে ভাৰতীয় লোকসকল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আনকি যুদ্ধময় পৰিস্থিতিৰো সৃষ্টি হৈছে। পিছে এনে পৰিস্থিতিতো স্বভাৱ সলনি হোৱা নাই পাকিস্তানৰ। পুনৰ এবাৰ পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰিছে। জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ বিভিন্ন খণ্ডত পাকিস্তানী সৈন্যই অপ্ৰৰোচিতভাৱে গুলীচালনা আৰম্ভ কৰে।
পাকিস্তানী পক্ষৰ এনে কাৰ্যৰ প্ৰতি প্ৰত্যাক্ৰমণেৰে উত্তৰ দিয়ে ভাৰতীয় সেনায়ো। ভাৰতীয় সেনাৰ বিষয়াসকলে উল্লেখ কৰা মতে যোৱা নিশা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পাঁচখন জিলাত বিয়পি থকা আঠটা স্থানৰ পৰা পাকিস্তানে যুদ্ধবিৰতি উলংঘাৰ খবৰ পোৱা গৈছে। অৱশ্যে এই সময়ছোৱাত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই নাই বুলি বিষয়াসকলে লগতে সদৰী কৰিছে।
২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তীব্ৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে জম্মু-কাশ্মীৰত সীমান্তৰ সিপাৰৰ পৰা এইদৰে একেৰাহে দশম নিশাও অপ্ৰৰোচিতভাৱে গুলীচালনা কৰিছে পাকিস্তানে। জম্মু-কাশ্মীৰৰ বাৰামুল্লা, পুঞ্চ, ৰাজৌৰী, মেন্ধৰ, নৌশ্বেৰা, সুন্দৰবাণী আৰু আখনূৰত পাকিস্তান পক্ষই সলায় গুলীচালনা। ভাৰতীয় সেনায়ো লগে লগে এই কাৰ্যৰ প্রত্যুত্তৰ দিয়ে৷
উল্লেখ্য যে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতি চুক্তি নবীকৰণ কৰাৰ পিছৰে পৰা এল অ’ চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধবিৰতি উলংঘাৰ ঘটনা কিছু হ্ৰাস পাইছিল। কিন্তু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ মাত্ৰ কেইঘণ্টামানৰ পিছত ২৪ এপ্ৰিলৰ নিশাৰ পৰা পাকিস্তানী সৈন্যই বিভিন্ন স্থানত অপ্ৰৰোচিত গুলীচালনাৰ আশ্ৰয় লৈছে।
উত্তৰ কাশ্মীৰৰ কুপৱাৰা আৰু বাৰামুল্লা জিলাৰ এল অ’ চিৰ কাষৰীয়া কেইবাটাও পোষ্টত অপ্ৰৰোচিত গুলীচালনা কৰাৰ পিছত পাকিস্তানী সৈন্যই জম্মু অঞ্চলৰ পুঞ্চ ছেক্টৰ আৰু তাৰ পিছত আখনূৰ ছেক্টৰতো যুদ্ধবিৰতি উলংঘা কৰে। ইয়াৰ পিছতে ৰাজৌৰী জিলাৰ সুন্দৰবাণী আৰু নৌশ্বেৰা ছেক্টৰৰ এল অ’ চিৰ সমীপৰ কেইবাটাও পোষ্টত গুলীচালনা কৰা হয়।
একে সময়তে পুঞ্চ জিলাৰ মেন্ধৰ আৰু জম্মু জিলাৰ পৰগাল ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত গুলীচালনা সংঘটিত হয়। শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানৰ মাজত হটলাইনত বাৰ্তালাপ হৈছিল। কোৱা হয় যে এই সময়ছোৱাত ভাৰতে পাকিস্তানক অপ্ৰৰোচিত গুলীচালনাৰ বিষয়ত সকীয়াই দিছিল, ইয়াৰ পিছতো কিন্তু সীমান্তৰ সিপাৰৰ পৰা বন্ধ হোৱা নাই গুলীচালনা।