কেতিয়াও নকৰিব এনে কাম, অন্যথা আপোনাৰ ঘৰ এৰিব দেৱী লক্ষ্মীয়ে; দূৰ হ’ব সুখ-সমৃদ্ধি
দেৱী লক্ষ্মীৰ পূজাৰ লগতে প্ৰতিদিনে কিছুমান বিশেষ নীতি-নিয়ম মানি চলা হয়। পিছে পুৰাণত দেৱী লক্ষ্মীক লৈ কিছুমান বিশেষ বাখ্যা কৰা হৈছে। পুৰাণ অনুসৰি কিছুমান কামে দেৱী লক্ষ্মীক অসন্তুষ্ট কৰিব পাৰে, তেনে অৱস্থাত দেৱী লক্ষ্মীয়ে এখন ঘৰত বাস নকৰে। জানো আহক এইবিষয়ে।
সকলো লোকেই নিজ ব্যক্তিগত জীৱনত তথা ঘৰখনত সুখ-সমৃদ্ধি তথা শান্তিৰ কামনা কৰে। সেই মানসেৰে দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে বিধি-বিধান মানি চলে ধৰ্ম বিশ্বাসী লোকসকলে। দেৱী লক্ষ্মীৰ পূজাৰ লগতে প্ৰতিদিনে কিছুমান বিশেষ নীতি-নিয়ম মানি চলা হয়। পিছে পুৰাণত দেৱী লক্ষ্মীক লৈ কিছুমান বিশেষ বাখ্যা কৰা হৈছে। ব্ৰহ্মবৈৱৰ্ত পুৰাণ মতে দেৱী লক্ষ্মী পবিত্ৰতা, ভক্তি, সৎ আচৰণত সন্তুষ্ট হয়। পুৰাণ অনুসৰি কিছুমান কামে দেৱী লক্ষ্মীক অসন্তুষ্ট কৰিব পাৰে, তেনে অৱস্থাত দেৱী লক্ষ্মীয়ে এখন ঘৰত বাস নকৰে। জানো আহক এইবিষয়ে।
ভক্তৰ নিন্দা
ভক্তক নিন্দা-অপমান কৰা স্থানত কেতিয়াও দেৱী লক্ষ্মীয়ে বসতি নকৰে বুলি কোৱা হয়। এই লোকসকলে ক্ৰমান্বয়ে নিজৰ জীৱনৰ পৰা সুখ আৰু শান্তি হেৰুৱায়।
বিশুদ্ধতা, ভক্তি আৰু গুণ
পুৰাণত উল্লেখ থকা মতে পূজা, ভক্তি, ধৰ্মীয় নীতি-নিয়ম পালন নকৰা স্থানত ধন-সম্পত্তি আৰু সমৃদ্ধি স্থায়ী হ’ব নোৱাৰে।
নিষ্ঠুৰ লোকৰ ঘৰত
পুৰাণ মতে দেৱী লক্ষ্মীয়ে নিষ্ঠুৰ, হিংস্ৰ তথা নিন্দুক স্বভাৱৰ লোকৰ হাতৰ পৰা পানীও গ্ৰহণ নকৰে। তেনে মানুহৰ ঘৰত দেৱী লক্ষ্মীয়ে বাস নকৰে আৰু আঁতৰি যায়।
নিৰাশাবাদী
সদায় নিৰাশাবাদী, সূৰ্য উদয়ৰ সময়ত খাদ্য গ্ৰহণ কৰা, দিনত শুই থকা, ভাল আচৰণ নকৰা ব্যক্তিৰ ঘৰৰ পৰা দেৱী লক্ষ্মী আঁতৰি যায় বুলি পুৰাণত কোৱা হৈছে।
ঈশ্বৰক বিশ্বাস নকৰা লোক
পুৰাণত কোৱা হৈছে যে যি স্থানত ভগৱানৰ আলোচনা হয়, তেওঁৰ গুণ আৰু কৃতিত্বৰ বৰ্ণনা কৰা হয়, তাতেই দেৱী লক্ষ্মীয়ে বাস কৰে। ভগৱানৰ বিশ্বাস নকৰা লোকৰ ঘৰত দেৱী লক্ষ্মীয়ে বসতি নলয় বুলি কোৱা হৈছে।