বিদেশী বিনিয়োগকাৰীলৈ ‘দুৱাৰ মুকলি’ কৰিলে ভাৰতে, গৃহীত হ’ল নতুন বিধেয়ক!
প্ৰচলিত নিয়ম অনুসাৰে কোনো বিদেশী কোম্পানীয়ে ভাৰতত বীমাৰ ব্যৱসায় কৰিলে সেই কোম্পানীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব নোৱাৰে। কিন্তু এতিয়া এই নিয়ম সলনি হোৱাৰ দিশে। কেন্দ্ৰই বীমা খণ্ডত বিদেশী বিনিয়োগ বা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত নতুন বিধেয়ক গ্ৰহণ কৰিছে।
বীমা খণ্ডত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণৰ দিশে আগবাঢ়িছে ভাৰত চৰকাৰ। প্ৰচলিত নিয়ম অনুসাৰে কোনো বিদেশী কোম্পানীয়ে ভাৰতত বীমাৰ ব্যৱসায় কৰিলে সেই কোম্পানীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব নোৱাৰে। এই আইন অনুসৰি যিকোনো ভাৰতীয় বীমা কোম্পানীত বিদেশী বীমা কোম্পানীয়ে সৰ্বাধিক ৭৪ শতাংশ বিনিয়োগ কৰিব পাৰে। কিন্তু এতিয়া এই নিয়ম সলনি হোৱাৰ দিশে। কেন্দ্ৰই বীমা খণ্ডত বিদেশী বিনিয়োগ বা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত নতুন বিধেয়ক গ্ৰহণ কৰিছে।
প্ৰচলিত নিয়ম অনুসাৰে বীমা খণ্ডত বিদেশী বিনিয়োগৰ উৰ্ধ সীমা ৭৪ শতাংশৰ পৰা পৰিৱৰ্তে এতিয়া কেন্দ্ৰই এই সীমা পোনপটীয়াকৈ ১০০ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে বিধেয়ক গৃহীত কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা বৃহৎ বিদেশী কোম্পানীয়ে কোনো ভাৰতীয় অংশীদাৰ নোহোৱাকৈ বীমা সেৱা আগবঢ়াব পাৰিব।
কিয় এই পৰিৱৰ্তন?
বীমা খণ্ডত এই পৰিৱৰ্তন সন্দৰ্ভত যুক্তি স্পষ্ট কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। ইয়াৰ পূৰ্বে বিদেশী কোম্পানীসমূহৰ বাবে ভাৰতীয় অংশীদাৰ বিচাৰি উলিওৱাটো যথেষ্ট কঠিন আছিল। কিন্তু এতিয়া এই বাধা দূৰ হ’ব। তদুপৰি বিদেশী পুনৰ্বীমা শাখাসমূহৰ মূলধনী পৰিমাণ ৫০০০ কোটিৰ পৰা ১০০০ কোটিলৈ হ্ৰাস কৰা হৈছে।
পৰিসংখ্যাই কি কয়?
২০১৪-১৫ চনত দেশত ৫৩টা বীমা কোম্পানী আছিল। এই সংখ্যা এতিয়া ৭৪ টালৈ বৃদ্ধি পাইছে। একেদৰে বীমা কোম্পানীসমূহৰ প্ৰিমিয়াম সংগ্ৰহ ৪.১৫ লাখ কোটিৰ পৰা ১১.৯৩ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
এই সিদ্ধান্তৰ প্ৰভাৱ
সহজ ভাষাত বীমা খণ্ডত প্ৰতিযোগিতা বৃদ্ধিয়ে আপোনাক লাভৱান কৰিব। ইয়াৰ দ্বাৰা সেৱাসমূহ অধিক স্বচ্ছ হ’ব আৰু নতুন চাকৰিৰ সৃষ্টি হ’ব বুলি বীমা বিশেষজ্ঞসকলে কয়। অৱশ্যে এই দিশত তীক্ষ্ণ দৃষ্টিও ৰখা হৈছে। যদি কোনো কোম্পানীয়ে ভুল তথ্য দিয়ে, তেতিয়া বীমা নিয়ন্ত্ৰক সংস্থা IRDAI বা ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই এতিয়া ১ কোটি টকাৰ পৰিৱৰ্তে ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহিব পাৰে।
দেশৰ ৰাষ্ট্ৰীয় বীমা কোম্পানী LICকো অতিৰিক্ত সুবিধা প্ৰদান কৰা হৈছে। সাধাৰণ মানুহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰে ইতিমধ্যে চৰকাৰী কোম্পানীটোত ১৭,৪৫০ কোটি টকা বিনিয়োগ কৰিছে। এইদৰে বীমা এতিয়া কেৱল সঞ্চয় একাউণ্ট নহয়, সাধাৰণ মানুহৰ বাবে সুৰক্ষা হিচাপে পৰিগণিত হোৱাৰ দিশত আৰু এখোজ আগবাঢ়িছে।