শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সপোন দেখিছিল বৃহত্তৰ বাংলাদেশ প্ৰতিষ্ঠাৰ, কোন এই ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশ

শ্বেখ হাছিনাৰ দল আৱামি লীগক নিষিদ্ধ কৰাৰ দাবীৰ অন্যতম কণ্ঠ আছিল হাদী। ক’ব পাৰি যে সেই সময়ৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ উত্থান। বৃহত্তৰ বাংলাদেশৰ মানচিত্ৰ নিৰ্মাণৰ আঁৰতো আছিল হাদী, য’ত সাত ভনীকে ধৰি ভাৰতৰ কেইবাটাও অঞ্চল বাংলাদেশৰ অংশ বুলি দাবী কৰা হৈছিল।

সপোন দেখিছিল বৃহত্তৰ বাংলাদেশ প্ৰতিষ্ঠাৰ, কোন এই ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশ
ওছমান হাদি কোন?Image Credit source: X Handle
raj-saikia
Raj Saikia | Updated On: 19 Dec 2025 14:09 PM

কোনেও আগতে চিনি পোৱা নাছিল এই যুৱকজনক। কিন্তু হঠাৎ এদিন ঘৰে ঘৰে চিনাকি হৈ পৰিল ল’ৰাটোৰ সহজ-সৰল মুখখন। হঠাতে তেওঁ ৰাজনীতিত উত্থান, কিন্তু কোনোবাই তেওঁৰ কাহিনী লিখাৰ আগতেই সকলো অন্তও পৰিল। শ্বৰিফ ওছমান বিন হাদীৰ মৃত্যুত অস্থিৰ হৈ পৰিছে বাংলাদেশ। কেউদিশে জ্বলিছে জুই। মৃত্যুৰ পাছত হিংসাত্মক আন্দোলনৰ জোৱাৰ আনিব পৰা এই ওছমান হাদী কোন?

অতি সাধাৰণ পৰিয়ালৰ পৰা অহা ওছমান হাদী বাংলাদেশৰ জনপ্ৰিয় মুখ হৈ পৰিছিল। শ্বেখ হাছিনাৰ দল আৱামি লীগক নিষিদ্ধ কৰাৰ দাবীৰ অন্যতম কণ্ঠ আছিল হাদী। ক’ব পাৰি যে সেই সময়ৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ উত্থান। বৃহত্তৰ বাংলাদেশৰ মানচিত্ৰ নিৰ্মাণৰ আঁৰতো আছিল হাদী, য’ত সাত ভনীকে ধৰি ভাৰতৰ কেইবাটাও অঞ্চল বাংলাদেশৰ অংশ বুলি দাবী কৰা হৈছিল।

১৯৯৩ চনৰ ৩০ জুনত বাংলাদেশৰ বৰিশালত জন্মগ্ৰহণ হৈছিল ওছমান হাদীৰ। ছয় ভাই-ভনীৰ ভিতৰত হাদী আছিল সকলোতকৈ সৰু। ঢাকাৰ ৰামপুৰা অঞ্চলত বাস কৰিছিল ওছমান হাদীয়ে। পেছাত শিক্ষক। জুলাই মাহৰ আন্দোলনৰ সময়ত যেতিয়া সকলোৱে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল, তেতিয়া ওছমান হাদীও স্থানীয় সাংগঠনিক কাম-কাজত জড়িত হৈ পৰিছিল। ৰাতিটোৰ ভিতৰতে চিনাকি মুখ হৈ পৰিছিল ওছমান হাদী। ৰামপুৰা অঞ্চলৰ সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।

হাছিনা চৰকাৰৰ পতনৰ পিছত আৱামী লীগ নিষিদ্ধ কৰাৰ দাবীত মাত মতাসকলৰ ভিতৰত ওছমান হাদী অন্যতম। সেই সময়তে গঠন হয় ইনকিলাব মঞ্চ। ইয়াৰ লক্ষ্য আছিল বাংলাদেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষা তথা ন্যায়ৰ দাবী প্ৰতিষ্ঠা কৰা। ইনকিলাব মঞ্চ গঠনৰ পিছত হাদীয়ে জুলাই বিদ্ৰোহৰ স্মৃতি ৰক্ষা কৰি অপৰাধীৰ বিচাৰ, আহত আৰু মৃতকক চিনাক্ত কৰা আৰু জুলাই চনদ ঘোষণা কৰিবলৈ দাবী জনায়। ইয়াৰ ফলত তেওঁ আৰু অধিক ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে।

৩২ ধানমণ্ডিত বংগবন্ধুৰ বাসগৃহ লণ্ডভণ্ড কৰা ঘটনাত হাদীও জড়িত আছিল। তেওঁক লৈ সৃষ্টি হৈছিল বহু বিতৰ্কৰ। ইনকিলাব মঞ্চৰ জৰিয়তে হাদীয়ে আৱামী লীগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰে। দমন আৰু হত্যাৰ বাবে ইয়াক জগৰীয়া কৰি দাবী পূৰণ নকৰিলে সচিবালয় ঘেৰাও কৰাৰো ভাবুকি দিয়ে। শেহতীয়াকৈ হাদীয়ে ছ’চিয়েল মিডিয়াত দাবী কৰিছিল যে বিভিন্ন নম্বৰৰ পৰা ফোন কল আৰু মেছেজৰ জৰিয়তে হত্যাৰ ভাবুকি দিয়া হৈছে তেওঁক। তথাপিও হাদীৰ ভয় নাছিল।

তেওঁ বাংলাদেশৰ আগন্তুক সংসদীয় নিৰ্বাচনত ঢাকা-৮ সমষ্টিৰ পৰা সংসদ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে। তেওঁ “চাহ-চিংৰা” আড্ডাৰ জৰিয়তেও নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল। ইয়াৰ মাজতে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা।

১২ ডিচেম্বৰত জুম্মা নামাজৰ অন্তত ঢাকাৰ বিজয়নগৰৰ বক্স কালভাৰ্ট অঞ্চলৰ মাজেৰে গৈ আছিল ওছমান হাদী। সেই সময়তে দুস্কৃতিকাৰীয়ে হাদীৰ ওপৰত গুলীচালনা কৰে। হাদিৰৰ মূৰটো গুলীৰ আঘাতত ছিন্নভিন্ন হৈ পৰিল। তেওঁক শীঘ্ৰে উদ্ধাৰ কৰি ঢাকাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু যেতিয়া তেওঁৰ অৱস্থাৰ অৱনতি ঘটে তেতিয়া তেওঁক প্ৰথমে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পিছত ছিংগাপুৰলৈ লৈ যোৱা হয়। অৱশ্যে হাদীৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিল। ১৮ ডিচেম্বৰ শুকুৰবাৰে নিশা ছিংগাপুৰত চিকিৎসাধীন অৱস্থাতে মৃত্য হয় ওছমান হাদীৰ।