কাইলৈ মঙলবাৰ, জ্যোতিষে দিছে সতৰ্কবাণী; চন্দ্ৰৰ তৃতীয় দৃষ্টিয়ে সমস্যাত পেলাব এই ৩ ৰাশিক!
জ্যোতিষত শনিৰ এই দৃষ্টি অত্যন্ত প্ৰভাৱশালী আৰু ই মানসিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে বুলি গণ্য কৰা হয়। বিশেষকৈ ৩ ৰাশিৰ জাতক-জাতিকাসকলে এই সময়ছোৱাত যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত। জানো আহক এইবিষয়ে।
জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি শনি আৰু চন্দ্ৰৰ মিলন বা দৃষ্টি বিনিময়ক সাধাৰণতে শুভ বুলি গণ্য কৰা নহয়। শনি হ’ল অনুশাসন আৰু বিচাৰৰ কাৰক, আনহাতে চন্দ্ৰই আমাৰ মন আৰু ভাৱনাক প্ৰতিনিধিত্ব কৰে। যেতিয়াই শনিৰ দৃষ্টি চন্দ্ৰৰ ওপৰত পৰে, তেতিয়াই মানুহৰ মানসিক শান্তি বিঘ্নিত হোৱাৰ লগতে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। কাইলৈ ২৭ জানুৱাৰী, মঙলবাৰ। কাইলৈৰ দিনটোত মহাকাশত এনে এক অশুভ যোগৰ সৃষ্টি হ’ব। পঞ্জিকা মতে, কাইলৈ বিয়লি ৪:৪৫ বজাত চন্দ্ৰই মেষ ৰাশি ত্যাগ কৰি বৃষ ৰাশিত প্ৰৱেশ কৰিব।
সেই একে সময়তে শনি দেৱ মীন ৰাশিত বিৰাজমান থাকিব আৰু নিজৰ ‘তৃতীয় দৃষ্টি’ৰে চন্দ্ৰক নিৰীক্ষণ কৰিব। জ্যোতিষত শনিৰ এই দৃষ্টি অত্যন্ত প্ৰভাৱশালী আৰু ই মানসিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে বুলি গণ্য কৰা হয়। বিশেষকৈ ৩ ৰাশিৰ জাতক-জাতিকাসকলে এই সময়ছোৱাত যথেষ্ট সাৱধানতা অৱলম্বন কৰা উচিত। জানো আহক এইবিষয়ে।
বৃষ ৰাশি
চন্দ্ৰৰ ওপৰত শনিৰ তৃতীয় দৃষ্টিৰ ফলত আপোনাৰ মনলৈ হঠাতে নেতিবাচক চিন্তা আহিব পাৰে। এক প্ৰকাৰৰ মানসিক অশান্তি বা অস্থিৰতাই আপোনাক আমনি কৰিব পাৰে। অহা ৩০ জানুৱাৰীলৈকে কোনো ডাঙৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। গাড়ী চলোৱাৰ সময়ত অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী।
কৰ্কট ৰাশি
যিহেতু চন্দ্ৰ এই ৰাশিৰ অধিপতি, সেয়েহে শনিৰ এই দৃষ্টিয়ে আপোনাক আটাইতকৈ বেছি প্ৰভাৱিত কৰিব। আপুনি আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। সৰু সৰু কথাতে মানসিক চাপ বা চিন্তা বৃদ্ধি পাব। অফিচ বা কামৰ ঠাইত পৰিৱেশ আপোনাৰ অনুকূলে নাথাকিবও পাৰে। আত্মবিশ্বাস কমি যোৱাৰ সম্ভাৱনা আছে, সেয়েহে ধৈৰ্য ধৰি কাম কৰক।
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সময়ছোৱা কিছু প্ৰত্যাহ্বানমূলক হ’ব পাৰে। হাতত থকা কামবোৰত হঠাতে বাধা অহাৰ বা লেহেমীয়া হোৱাৰ আশংকা আছে। সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। যদিহে কষ্ট অনুপাতে ফল নাপায়, তেন্তে হতাশ নহৈ ধৈৰ্য ধৰক। কথা কওঁতে সাৱধান হ’ব, কাৰণ আপোনাৰ কথাত ভুল বুজাৰ সম্ভাৱনা আছে।